আমেৰিকাৰ জনপ্ৰিয় পপ গায়িকা ব্ৰিটেনী স্পিয়াৰ্ছে যোৱা বৃহস্পতিবাৰে প্ৰেমিক ছেম আছঘৰীৰ সৈতে পুনৰ বিবাহপাশত আবদ্ধ হয়। কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছত ব্ৰিটেনীয়ে গোপন বিয়াখন আয়োজন কৰিছিল যদিও তেওঁৰ প্ৰাক্তন স্বামী জেছন আলেকজেণ্ডাৰে বলপূৰ্বকভাৱে বিয়াত উপস্থিত হয়৷ কেৱল এয়াই নহয়, জেছন আলেকজেণ্ডাৰে ব্ৰিটেনীৰ বিয়াত এক হুলস্থুলীয়াৰ পৰিৱেশৰ সূচনা কৰে।
খবৰ অনুসৰি, ব্ৰিটেনীৰ বিয়াত হুলস্থুলৰ সৃষ্টি কৰা প্ৰাক্তন স্বামী জেছন আলেকজেণ্ডাৰক আৰক্ষীয়ে পিছত গ্ৰেপ্তাৰ কৰে। ইয়াৰ পিছত তেওঁক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়।
প্ৰকাশিত বাতৰিৰ মতে ব্ৰিটেনীৰ বিয়াৰ কেইঘণ্টামান আগতে জেছনে প্ৰাক্তন পত্নীগৰাকীৰ কেলিফৰ্ণিয়াৰ ঘৰত প্ৰৱেশ কৰিছিল।
লগতে পঢ়ক দুঃচিন্তা অন্ত পৰিব নেকি গাঞ্জাপায়ীৰ! বৈধ কৰা হ’ল ভাং খেতি
ইফালে জেছনে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত লাইভ আহি নিৰাপত্তাৰক্ষীসকলক কোৱা দেখা গৈছে যে ব্ৰিটনীয়ে তেওঁক নিজৰ বিয়ালৈ মাতিছে। কিন্তু, চকীদাৰে তেওঁক বিবাহৰ স্থানত প্ৰৱেশত বাধা দিয়ে। নিৰাপত্তাৰক্ষীসকলে জেছনক ভিতৰলৈ যাবলৈ নিদিয়াত বলপূৰ্বকভাৱে ব্ৰিটেনীৰ বিবাহ অনুষ্ঠানলৈ সোমাই যোৱাৰ ভাবুকি দিয়ে।
খবৰ অনুসৰি জেছন আলেকজেণ্ডাৰৰ নিৰাপত্তাৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হয়। জেচনে চিঞৰি চিঞৰি কয়, ‘‘ব্ৰিটেনী মোৰ প্ৰথম পত্নী। মই তাইৰ প্ৰথম স্বামী। মই তাইৰ বিয়াৰ বাবে ইয়ালৈ আহিছো।’’
উল্লেখ্য যে ব্ৰিটনীয়ে তৃতীয়বাৰৰ বাবে ছেমৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে। ইয়াৰ আগতে তেওঁ দুবাৰ বিয়া হৈছিল। ২০০৪ চনত ব্ৰিটেনীয়ে শৈশৱৰ বন্ধু জেছন আলেকজেণ্ডাৰক বিয়া কৰায়। কিন্তু, ব্ৰিটনীয়ে ৫৫ ঘণ্টাৰ পিছতই এই বিবাহ ভংগ কৰিছিল।
লগতে পঢ়ক বিয়াৰ দুদিনৰ পিছতে বিপদত নয়নতৰা! আইনী সমস্যাত দক্ষিণৰ অভিনেত্ৰীগৰাকী!
ইয়াৰ পিছত ব্ৰিটনীয়ে ৰেপাৰ কেভিন ফেডাৰলাইনৰ সৈতে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয়৷ তেওঁলোকৰ শ্বেন প্ৰেষ্টন (১৬) আৰু জেডেন জেমছ (১৫) নামৰ দুটা সন্তানো আছে। ব্ৰিটেনীৰ এই বিবাহো বেছি দিন নিটিকিল আৰু ২০০৭ চনত কেভিনৰ সৈতে বিবাহ বিচ্ছেদ কৰে।
এই বিচ্ছেদৰ পিছতে যোৱা ৬ বছৰ ধৰি ব্ৰিটনী স্পিয়াৰ্ছে ছেম আছঘৰীৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল। ২০২১ চনৰ ছেপ্টেম্বৰ মাহত ব্ৰিটেনী আৰু ছেমৰ এংগেজমেণ্ট হৈছিল।
উল্লেখ্য যে ব্ৰিটানি-ছেমৰ বয়সৰ ব্যৱধান ১২ বছৰ৷ অৰ্থাৎ ছেম ব্ৰিটেনীতকৈ ১২ বছৰে সৰু৷ বৰ্তমান ব্ৰিটেনীৰ বয়স ৪০ বছৰ আৰু তেওঁৰ ছেমৰ বয়স ২৮ বছৰ।
২০১৬ চনত ‘স্লাম্বাৰ পাৰ্টি’ৰ মিউজিক ভিডিঅ’ৰ চেটত ব্ৰিটানি আৰু ছেমৰ প্ৰথম সাক্ষাৎ হৈছিল। এই সাক্ষাতৰ পিছত দুয়োৰে বন্ধুত্ব হৈছিল আৰু তাৰ পিছত সম্পৰ্কলৈ আহিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ