বিশ্বৰ প্ৰায়বোৰ দেশতে ভাং খেতি বৈধ নহয়৷ কিন্তু তাৰ মাজতে ইউৰোপ আৰু আমেৰিকাৰ কিছুমান দেশত ভাং খেতি বৈধ বুলি ঘোষণা কৰা হৈছে৷
কিন্তু এতিয়ালৈকে এছিয়াৰ কোনো দেশতে ভাং খেতি বৈধ কৰা হোৱা নাছিল৷ ইয়াৰ মাজতে এছিয়াৰ বিশেষকৈ দক্ষিণ পূৱ এছিয়াৰ এখন দেশত ভাং খেতি বৈধ কৰা হৈছে৷
ভাং খেতি বৈধ কৰা এছিয়াৰ প্ৰথমখন দেশ হৈছে থাইলেণ্ড৷ ঔষধিযুক্ত বহু উপাদান উপলব্ধ বাবে দেশখনত ভাং খেতি বৈধ কৰা হৈছে৷
লগতে পঢ়ক অ’ই ৰাম ‘কিয়াৰা-সিদ্ধাৰ্থ’ৰ বিয়াহে! পুনৰ মিলনৰ পিছত বিয়াৰ প্ৰস্তুতি সম্পূৰ্ণপ্ৰায়!
উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০১৬ চনত থাইলেণ্ডে চিকিৎসাৰ বাবে ভাঙৰ মজুতকৰণক আইনগতভাৱে স্বীকৃতি দিয়া হৈছিল। কিন্তু দেশখনত ভাং খেতি অবৈধ হোৱাৰ বাবে সমগ্ৰ দেশতে অবৈধ ভাং আমদানি বৃদ্ধি পাবলৈ ধৰিছিল।
একাংশ বিশেষজ্ঞৰ মতে এই পদক্ষেপে সমস্যাটো নিয়ন্ত্ৰণ কৰাত সহায় কৰিব। থাইলেণ্ডৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি কৃষকসকলক ১০ লাখ ভাং গছ বিতৰণ কৰি আইনগতভাৱে উৎপাদন বৃদ্ধি কৰিবলৈ দিয়া হ’ব।
কিন্তু চিকিৎসাৰ বাহিৰে অন্য কাৰণত ভাং সেৱন কৰাটো এতিয়াও আইনী অপৰাধ হিচাপে গণ্য কৰা হ’ব। সেয়ে ভাং সেৱন কৰা লোকসকলে পূৰ্বৰ দৰে শাস্তিৰ সন্মুখীন হ’ব। ৰাজহুৱা স্থানত ড্ৰাগছ আৰু ভাং সেৱন কৰিলে তিনিমাহ পৰ্যন্ত কাৰাদণ্ড আৰু ৬০ হাজাৰ টকাৰ অধিক নহয় জৰিমনা বিহা হ’ব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ