ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ আৰম্ভ কৰাৰ সময়ত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে সমুখ সমৰত নিজ দেশৰ সেনা বাহিনীক নেতৃত্ব দিয়া বুলি সমগ্ৰ বিশ্বজুৰি চৰ্চা লাভ কৰিছিল৷
দেশৰ জনতাকো সন্মুখৰ পৰা শত্ৰুৰ বিৰুদ্ধে নেতৃত্ব দিয়াৰ বাবে ৰাষ্ট্ৰপতি জেলেনস্কিয়ে বিশ্বজুৰি প্ৰশংসা লাভো কৰিছিল৷ আনকি সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে সেনা শিবিৰ আৰু যুদ্ধ ক্ষেত্ৰ পৰিদৰ্শন কৰি দেশৰ সেনা বাহিনীক উদ্বুদ্ধ কৰাৰ ফ’টো আৰু ভিডিঅ’ ভাইৰেল হৈছিল৷
কিন্তু তেওঁৰ এই বীৰত্বপূৰ্ণ কিৰিটি কাহিনীয়ে বৰ বেছি দিনলৈ যেন টিকি নাথাকিল! এতিয়া যুদ্ধ বিধ্বস্ত দেশখনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমত কঠোৰ ভাষাৰে সমালোচনা কৰা দেখা গৈছে৷
View this post on Instagram
লগতে পঢ়ক মানৱতাৰ উকৃষ্ট নিৰ্দশন! পাকিস্তানী কিশোৰীক সুস্থ কৰি তুলিলে ভাৰতীয় চিকিৎসকে
অৱশ্যে ইয়াৰ বাবে ৰাষ্ট্ৰপতি জেলেনস্কি আৰু তেওঁ পত্নী অলেনা জেলেনস্কা দুয়োকে সমানেই দায়ী বুলি সংবাদ মাধ্যমে চিহ্ণিত কৰিছে৷
উল্লেখ্য যে যুদ্ধ বিধ্বস্ত দেশখনৰ জনতাই এতিয়া স্বাভাৱিক জীৱন যাত্ৰা উভতাই নৌপাওঁতেই ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কি আৰু ফাৰ্ষ্ট লেডী তথা তেওঁৰ পত্নী অলেনা জেলেনস্কা চৌখিন তথা ৰোমাঞ্চকৰ ফ’টো ভাইৰেল হৈ পৰিছে৷
প্ৰকাশিত খবৰ মতে ৰাষ্ট্ৰপতি জেলেনস্কি আৰু ফাৰ্ষ্ট লেডী জেলেনস্কাই Vogue নামৰ আলোচনীখনৰ বাবে এক বিশেষ ফ’টোশ্বুটৰ আয়োজন কৰা হৈছিল৷ উক্ত ফ’টোসমূহ এতিয়া সামাজিক মাধম্যত ভাইৰেল হৈ পৰিছে৷
Country is going through a war.
Zelenskyy- Maybe a Vogue photoshoot with wife could help. pic.twitter.com/pkhHl0CJzf— Mahima Pandey (@LegalPandey) July 27, 2022
লগতে পঢ়ক ৰক্ষকেই ভক্ষক! ভুৱা গোচৰ ৰুজু কৰি ধন লৈ গ্ৰেপ্তাৰ হ’ল আৰক্ষী বিষয়া!
ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে Vogue ৰ বাবে লোৱা ফটোশ্বুটৰ বাবে পত্নী অলেনা জেলেনস্কাৰ সৈতে পোজ দিছে। টেবুল এখনত হাত ধৰি পোজ দিয়া দম্পতীহালে উষ্ম আলিংগন কৰাও দেখা গৈছে। ইউক্ৰেইনৰ বিধ্বস্ত অৱস্থাৰ ওপৰত আলোকপাত কৰিবলৈ অলেনাই টেংকাৰ আৰু সৈন্যৰ ওচৰতো ফ’টো ক্লিক কৰিছিল।
জানিব পৰা মতে চেলিব্ৰিটি ফটোগ্ৰাফাৰ এনি লেইব’ভিটজে এই ফ’টোসমূহ তুলিছে। ইয়াৰ পাছতে উক্ত ফ’টোসমূহ অলেনা জেলেনস্কাই তেওঁৰ অফিচিয়েল ছ’চিয়েল মিডিয়া হেণ্ডেলৰ পৰা শ্বেয়াৰ কৰিছিল।
ইয়াৰ পাছতে সামাজিক মাধ্যমত এই চৌখিন ফ’টোসমূহ ভাইৰেল হৈ পৰে আৰু লগে লগে ৰাষ্ট্ৰপতি জেলেনস্কি আৰু ফাৰ্ষ্ট লেডী জেলেনস্কা দুয়ো তীব্ৰ ট্ৰল আৰু সমালোচনাৰ সন্মুখীন হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















