অসম লাইভ ২৪ঃ শিক্ষাৰ্থীসকলক শিক্ষিত কৰি সঠিক পথ দেখুওৱাটো হৈছে শিক্ষকৰ কৰ্তব্য৷ শিক্ষাগুৰুৰ হাততে থাকে শিক্ষাৰ্থীৰ ভৱিষ্যৎ৷ শিক্ষাগুৰুই উচিত শিক্ষা দিলেহে ছাত্ৰ-ছাত্ৰীয়ে ভৱিষ্যতে সমাজৰ এজন ভাল মানুহ হিচাপে ঠিয় দিব পাৰিব৷
লগতে পঢ়ক এবাৰ নহয়, দুবাৰকৈ ছাত্ৰীক ধৰ্ষণ মাতৃৰ পৰিচিত লোকৰ, মৃত্যুৰ ভাবুকি প্ৰদান
কিন্তু এইগৰাকী মাষ্টৰণী বাইদেউৱে ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাই পঢ়ুৱাই যেন ভাগৰি পৰিছে৷ সেয়ে চকীত আৰামেৰে বহি বিদ্যালয়ৰ ভিতৰতে কণ কণ শিক্ষাৰ্থীক দেহ মালিচ কৰিবলৈ দি ভাগৰ পলুৱাইছে বাইদেউৱে৷ বাইদেউৰ কিহৰ চিন্তা৷ মাহেকৰ মূৰত চৰকাৰে দৰমহা দিছে, সেই টকাৰে আনন্দৰে জীৱন কটাইছে৷ কাৰোবাৰ ল’ৰা-ছোৱালী পঢ়ক বা নপঢ়ক, বাইদেউৰ কি আহে যায়৷ কিন্তু দিন বেয়া আছিল৷ কণ কণ শিক্ষাৰ্থীৰ দ্বাৰা মালিচ লোৱা মাষ্টৰণী বাইদেউৰ সেই দৃশ্য কোনোবাই মোবাইলত ৰেকৰ্ড কৰিলে৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল বাইদেউৰ ভিডিঅ’৷ মালিচ লোৱা বাইদেউ হ’ল উত্তৰ প্ৰদেশৰ হৰদৈৰ পোখাৰী প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী উৰ্মিলা সিং৷ চৰকাৰী শিক্ষা ব্যৱস্থাৰ স্বৰূপ উদঙোৱা এই ভিডিঅ’ ভাইৰেলৰ পাছতে দোষী সাব্যস্ত কৰি শিক্ষা বিষয়াই ইতিমধ্যে চাকৰিৰ পৰা নিলম্বিত কৰিছে শিক্ষয়িত্ৰীগৰাকীক৷
ভিডিঅ’ চাবলৈ ইয়াত ক্লিক কৰক
Teacher having bicep Massage by students, Viral video from Hardoi UP govt school. pic.twitter.com/MF8lEQPvEZ
— Grading News (@GradingNews) July 27, 2022
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ