এটি কণমানি শিশু৷ ৰাজপথত এখন সৰু চাইকেল চলাবলৈ চেষ্টা কৰিছে৷ চাইকলেখন চলাবলৈ চেষ্টা কৰি ভাৰসাম্যতা ৰক্ষা কৰিব নোৱাৰি মাত্ৰ কেইটামান ছেকেণ্ডতে শিশুটি চাইকেলখনৰ সৈতে পথত পৰি যায়৷
পৰি যোৱাৰ লগে লগে শিশুটিয়ে কোনোবাই দেখিছে নেকি চাই কন্দা কটা কৰাৰ বিপৰীতে লগে লগে নাচিবলৈ ধৰে৷ তাকো ৰ’কডান্স!
যোৱা মংগলবাৰে এজন লোকে এই ভিডিঅ’টো টুইটাৰত শ্বেয়াৰ কৰাৰ পাছতে তড়িৎ গতিত ভাইৰেল হৈছে৷ এতিয়ালৈকে ১০.৩ মিলিয়ন লোকে দৰ্শন, ৩.৩০ লাখ লোকে লাইক কৰাৰ লগতে ৬০.৩ হাজাৰ লোকে ৰিটুইট কৰিছে৷
This should be your reaction when life challenges you! 👍😂😂pic.twitter.com/LusfAgVe96
— Figen (@TheFigen) July 26, 2022
লগতে পঢ়ক শিক্ষয়িত্ৰীয়ে ছাত্ৰক কৰিবলৈ দিলে দেহ মালিচ৷ তাৰ পাছত…, চাওক VIDEO
‘‘জীৱনে আপোনাক প্ৰত্যাহ্বান জনালে আপোনাৰ প্ৰতিক্ৰিয়াও এনেকুৱাই হ’ব লাগে!’’ পোষ্টটোৰ কেপচনটোত এইদৰে কোৱা হৈছে৷
এই ক্লিপটোৱে টুইটাৰ ইউজাৰসকলক ইমানেই মুগ্ধ কৰি তুলিছে পোষ্টটোৰ তলত কমেণ্ট ছেকচনত হাৰ্ট ইমোজিৰে বানপানীৰ সৃষ্টি কৰিছে।
কেইবাজনো ইউজাৰে শিশুটিক ‘কিংবদন্তি’ বুলিও অভিহিত কৰাৰ বিপৰীতে আন কিছুমানে তেওঁক ‘ৰ’কষ্টাৰ’ বুলি অভিহিত কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ