দেশ তথা ৰাজ্যত নিবনুৱা সমস্যাই সৰ্বকালৰ সৰ্বোচ্চ অভিলেখ ভংগ কৰিছে৷ বহু হতাশাগ্ৰস্ত যুৱক-যুৱতীয়ে কৰ্মসংস্থাপনৰ অভাৱত আত্মহত্যা পৰ্যন্ত কৰিছে৷ বহু যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি মুখাপেক্ষী হৈ জীৱনৰ কাল ক্ষয়ও কৰি আহিছে৷
তাৰ মাজতে কিছুসংখ্যক যুৱক-যুৱতীয়ে জীৱিকাৰ বাবে নিজৰ প্ৰচেষ্টাত ক্ষুদ্ৰ আৰু মজলীয়া ধৰণ ব্যৱসায় আৰম্ভ কৰি জীৱন সংগ্ৰাম অব্যাহত ৰাখিছে৷ কিন্তু সেয়া সংখ্যাত তেনেই নগণ্য৷
ইয়াৰ মাজতে সমগ্ৰ বিশ্বতে ইণ্টাৰনেটৰ প্ৰসাৰে বিশ্বৰ অন্যান্য প্ৰান্তৰ দৰে অসমৰ এক নগণ্য সংখ্যক যুৱক-যুৱতীৰ জীৱনলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে৷ বিশেষকৈ সংখ্যাত নগণ্য অসমৰ যুৱক-যুৱতীয়ে ইউটিউবৰ সহায়ত এক নতুন জীৱিকাৰ সন্ধান লাভ কৰিছে৷ অৰ্থাৎ ইউটিউবাৰ ৰূপে তেওঁলোকে প্ৰতিষ্ঠা লাভ কৰি মাহে মাহে সন্তোষজনক ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে৷

লগতে পঢ়ক ধৰ্ষণৰ চেষ্টা কৰি ব্যৰ্থ হোৱা আত্মীয় যুৱকৰ কিশোৰীলৈ এছিড নিক্ষেপ! ছুৰীৰে ডিঙিটো কৰিলে আঘাত
এইসকলৰ মাজৰ গোৱালপাৰাৰ মুস্তাফিজুৰ ৰহমান, নলবাৰীৰ ডিম্পু বৰুৱা, বিকাশ ছেত্ৰী আদি জনপ্ৰিয় ইউটিউবাৰে অসমত এক নতুন ট্ৰেণ্ড আনিছে, যাৰফলত তেওঁলোকৰ অনুপ্ৰেৰণাত অসমৰ বহু যুৱক-যুৱতীয়ে ইউটিউবাৰ হিচাপে পেচাগত জীৱন আৰম্ভ কৰি সফলতা লাভ কৰিছে৷
এইসকল ইউটিউবাৰৰ মাজত অতি সন্তৰ্পণে বজালী জিলাৰ পাঠশালাৰ এগৰাকী যুৱকেও ইউটিউবাৰ হিচাপে বেছ খ্যাতি লাভ কৰা দেখা গৈছে৷ উক্ত যুৱকজন হৈছে ২৯ বৰ্ষীয় দীপাংকু ভৰালী৷ এসময়ত ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান কাম কৰি মাহে ৮ হাজাৰ টকাৰ দৰমহা লাভ কৰা ইউটিউবাৰ দীপাংকু ভৰালীয়ে বৰ্তমানে ইউটিউবৰ পৰা মাহে প্ৰায়ে ৫ লাখ টকা উপাৰ্জন কৰে৷
২৯ বছৰীয়া দীপাংকু ভৰালীয়েও তেওঁৰ YouTibe চেনেলত পৰ্যটনস্থলীৰ তথ্য আৰু দেশ সম্পৰ্কীয় তথ্যসমূহ শ্বেয়াৰ কৰে। তেওঁৰ দুটা ইউটিউব চেনেল ক্ৰমে “অজ্ঞান ৰহস্য হিন্দী” আৰু “ট্যুৰপিডিয়া হিন্দী”ৰ বৰ্তমানৰ ছাবস্ক্ৰাইবাৰ্ছৰ সংখ্যা ক্ৰমে ৪৫.৯ লাখ আৰু ১০.৬ লাখ। এতিয়ালৈকে দীপাংকুৱে তেওঁৰ ইউটিউবৰ পৰা দুটা গ’ল্ডেন বুটাম আৰু তিনিটা ছিলভাৰ বুটাম লাভ কৰিবলৈ সক্ষম হৈছে৷

লগতে পঢ়ক এইবাৰ পৃথক বড়োলেণ্ড নহয়, পৃথক দুৱাৰঞ্চল ৰাজ্য দাবী বড়ো সংগঠনৰ, কোন বড়ো সংগঠনে কৰিলে এই দাবী?
দীপাংকুৰ পত্নীয়েও তেওঁৰ এই যাত্ৰাত সহযোগ কৰি আহিছে৷ এই ক্ষেত্ৰত ভৰালীয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘‘মোৰ পত্নী চন্দনা ভৰালী নহ’লে মই সেই স্থানত উপনীত হ’ব নোৱাৰিলোঁহেঁতেন।’’ ২০১৭ আৰু ২০২০ চনত ইউটিউবত চেনেলসমূহ আৰম্ভ কৰা ভৰালীয়ে লগতে কয় যে এতিয়া তেওঁ প্ৰায় ২০ গৰাকী কৰ্মচাৰীক সংস্থাপন দিবলৈ সক্ষম হৈছে। যিটো তেওঁৰ বাবে গৌৰৱৰ বিষয় বুলিও অভিহিত কৰিছে৷
‘‘মোৰ এতিয়া সমগ্ৰ ভাৰততে ২০ জন কৰ্মচাৰী আছে। তেওঁলোকৰ কঠোৰ পৰিশ্ৰম অবিহনে মোৰ ইউটিউব চেনেলটো বৃদ্ধি কৰাটো অসম্ভৱ আছিল।’’ ভৰালীয়ে লগতে কয়।

লগতে পঢ়ক এইবাৰ শেনৰ এজাত মন্ত্ৰী পীয়ুষ হাজৰিকা, কাৰ্যবাহী অভিযন্তাসহ ৬ বিষয়া-কৰ্মচাৰীক নিলম্বন
‘‘এটা ব্যক্তিগত কোম্পানীত মাহিলী ৮ হাজাৰ টকা দৰমহাৰে মোৰ বাবে জীয়াই থকাটো কঠিন আছিল। সেয়ে চাকৰি এৰি মোৰ পত্নী চন্দনা, আৰু মোৰ বন্ধু নয়নজ্যোতি তালুকদাৰৰ সহযোগত এটা ইউটিউব চেনেল আৰম্ভ কৰিলোঁ।’’ ইউটিউবাৰ দীপাংকুৱে নিজৰ যাত্ৰাৰ বিষয়ে এইদৰে কয়৷
ইফালে নয়নজ্যোতি তালুকদাৰেও মাতৃৰ সৈতে ‘খাওনী’ নামৰ এটা ইউটিউব চেনেল চলাই আছে৷
আন যুৱক-যুৱতীসকলক ইউটিউবৰ প্ৰতি অনুপ্ৰাণিত কৰাৰ লগতে কেনেকৈ সফলতা লাভ কৰিব পাৰি সেই বিষয়ে ইউটিউবাৰ দীপাংকু ভৰালীয়ে কয়, ‘‘এটা ইউটিউব চেনেল আৰম্ভ কৰিবলৈ হ’লে কঠোৰ পৰিশ্ৰম কৰিব লাগিব, ধাৰাবাহিকতা থাকিব লাগিব আৰু সময় দিব পাৰিব লাগিব।’’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















