বৃহস্পতিবাৰে সন্ধিয়া বালমোৰাল দুৰ্গত মৃত্যু হয় ব্ৰিটেইনৰ আটাইতকৈ দীৰ্ঘদিনীয়া শাসক ৰাণী এলিজাবেথ দ্বিতীয়ৰ। মৃত্যুৰ সময়ত ৯৬ বছৰ বয়স হোৱা ৰাণী এলিজাবেথে প্ৰায় ৭০ বছৰৰো অধিক কাল ৰাজত্ব ধৰি ব্ৰিটেইনৰ ৰাণী হিচাপে সিংহাসনত অধিষ্ঠিত হৈ আছিল। ১৯৫২ চনৰ ৬ ফেব্ৰুৱাৰীত পিতৃ ৰজা ষষ্ঠ জৰ্জৰ মৃত্যুৰ পিছত তেওঁ ৰাজপাটত আৰোহণ কৰে।
সিংহাসনত বহাৰ সাতটা দশকত শেহতীয়াকৈ নিযুক্তি লাভ কৰা লিজ ট্ৰাছকে ধৰি ১৫ গৰাকী প্ৰধানমন্ত্ৰীয়ে তেওঁৰ অধীনত কাৰ্যনিৰ্বাহ কৰিছিল। যিটো এক বিৰল অভিলেখ হিচাপে স্বীকৃত হৈছে৷
ৰাণী এলিজাবেথ দ্বিতীয় যেতিয়া সিংহাসনত বহিছিল, তেতিয়া উইষ্টন চাৰ্চিল গ্ৰেইট ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী আছিল। ১৯৫৫ চনলৈকে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।
লগতে পঢ়ক এফালে দানৱতা আনফালে মানৱতা! গাঁতত পুতি থোৱা অৱস্থাত নৱজাতক কন্যাক পথাৰত উদ্ধাৰ
ৰাণীৰ অধীনত কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰীসকলৰ তালিকা ইয়াত দিয়া হ’ল—
১. উইন্সটন চাৰ্চিল, ১৯৫১-১৯৫৫।
২. এন্থনী ইডেন, ১৯৫৫-১৯৫৭ চন।
৩. হেৰল্ড মেকমিলান, ১৯৫৭-১৯৬৩।
৪. এলেক ডগলাছ-হোম, ১৯৬৩-১৯৬৪।
৫. হেৰল্ড উইলছন, ১৯৬৪-১৯৭০।
৬. এডৱাৰ্ড হিথ, ১৯৭০-১৯৭৪ চন।
৭. জেমছ কেলাগান, ১৯৭৬-১৯৭৯ চন।
৮. মাৰ্গাৰেট থেচাৰ, ১৯৭৯-১৯৯০ চন।
৯. জন মেজৰ, ১৯৯০-১৯৯৭ চন।
১০. টনি ব্লেয়াৰ, ১৯৯৭-২০০৭।
১১. গৰ্ডন ব্ৰাউন, ২০০৭-২০১০।
১২. ডেভিড কেমেৰন, ২০১০-২০১৬।
১৩. থেৰেছা মে, ২০১৬-২০১৯।
১৪. বৰিছ জনছন, ২০১৯ৰ পৰা ২০২২ চনলৈ।
১৫. লিজ ট্ৰাছ, ছেপ্টেম্বৰ ২০২২ চনৰ পৰা বৰ্তমানলৈকে।
যোৱা ৬ ছেপ্টেম্বৰত ৰাণী এলিজাবেথ দ্বিতীয়ে ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে আনুষ্ঠানিকভাৱে নিযুক্তি দিয়া ট্ৰাছক দ্বিতীয় ৰাণী এলিজাবেথৰ ৰাজত্বকালত কাৰ্যনিৰ্বাহ কৰা ১৫ সংখ্যক তথা শেষৰগৰাকী প্ৰধানমন্ত্ৰী।
লগতে পঢ়ক ধৰ্ষণৰ চেষ্টা কৰি ব্যৰ্থ হোৱা আত্মীয় যুৱকৰ কিশোৰীলৈ এছিড নিক্ষেপ! ছুৰীৰে ডিঙিটো কৰিলে আঘাত
বাকিংহাম পেলেছে বৃহস্পতিবাৰে সন্ধিয়া ৬:৩০ বজাত (১৭৩০ জিএমটি) এক বিবৃতিত কয় যে আজি বিয়লি বালমোৰালত ৰাণীৰ মহাপ্ৰয়াণ ঘটে। ৰাণীৰ মৃত্যুৰ লগে লগে ৱেলৰ প্ৰাক্তন ৰাজকুমাৰ চাৰ্লছ ব্ৰিটেইনৰ ৰজা হয়। উল্লেখযোগ্য যে ৰাণী এলিজাবেথৰ চাৰিটা সন্তানৰ ভিতৰত ৰজা চাৰ্লছ হৈছে জ্যেষ্ঠ সন্তান।
সদ্যপ্ৰয়াত ৰাণী এলিজাবেথৰ বিষয়ে কেইটামান আকৰ্ষণীয় তথ্য ইয়াত সন্নিৱিষ্ট কৰা হ’লঃ—
১. ৰাজপ্ৰসাদত হোৱা নাছিল এলিজাবেথৰ
ইয়ৰ্কৰ ড্যুক আৰু ডাচেছ, তেতিয়াৰ ভৱিষ্যত ৰজা ষষ্ঠ জৰ্জ আৰু ৰাণী এলিজাবেথ (ৰাণী মাতৃ)ৰ প্ৰথম সন্তান আছিল যদিও দ্বিতীয় ৰাণী এলিজাবেথৰ জন্ম ৰাজপ্ৰসাদত নাছিল৷ ১৯২৬ চনৰ ২১ এপ্ৰিলত তেওঁৰ স্কটিছ মাতৃৰ ফালৰ পৰা ককা-আইতাক আৰ্ল আৰু কাউণ্টেছ অৱ ষ্ট্ৰেথম’ৰৰ এটা টাউনহাউচতহে তেওঁ জন্মগ্ৰহণ কৰিছিল।
২. ঘৰতে শিক্ষা গ্ৰহণ
১৯৩০ চনত জন্মগ্ৰহণ কৰা একমাত্ৰ ভগ্নী ৰাজকুমাৰী মাৰ্গাৰেটৰ সৈতে ৰাণী এলিজাবেথ দ্বিতীয়ই ঘৰতে শিক্ষা গ্ৰহণ কৰিছিল। দুয়োগৰাকী ৰাজকুমাৰীয়ে তেওঁলোকৰ মাতৃ আৰু তেওঁলোকৰ গৱৰ্ণৰ মেৰিয়ান ক্ৰফ’ৰ্ডৰ তত্বাৱধানত শিক্ষা গ্ৰহণ কৰিছিল। ইতিহাস, ভাষা, সাহিত্য, সংগীত আদিৰ ওপৰত তেওঁলোকক পাঠদান কৰা হৈছিল।
৩. পিতৃৰৰ মৃত্যুৰ সময়ত তেওঁ কেনিয়াত আছিল
১৯৫২ চনত পিতৃ ৰজা ষষ্ঠ জৰ্জৰ মৃত্যুৰ সময়ত ৰাণী এলিজাবেথ দ্বিতীয়ে স্বামী ৰাজকুমাৰ ফিলিপৰ সৈতে কেনিয়াত আছিল।
৪. ২৫ বছৰ বয়সত ৰাণী হৈছিল
১৯৫২ চনৰ ৬ ফেব্ৰুৱাৰীত এলিজাবেথ স্বামী ৰাজকুমাৰ ফিলিপৰ সৈতে কেনিয়া ভ্ৰমণলৈ যোৱাৰ সময়তে তেওঁৰ পিতৃ ৰজা ষষ্ঠ জৰ্জ ৫৬ বছৰ বয়সত মৃত্যু হয়। ১৯৫৩ চনৰ ২ জুনত মধ্য লণ্ডনৰ ৱেষ্টমিনিষ্টাৰ এবেত দ্বিতীয় ৰাণী এলিজাবেথক মুকুট পিন্ধোৱা হয়।
৫. ৰাজ অভিষেকৰ পিছত সাতখন স্বাধীন কমনৱেলথ দেশৰ মুৰব্বী
সিংহাসনত অধিষ্ঠিত হৈয়ে ২৫ বছৰীয়া ৰাণী এলিজাবেথ দ্বিতীয় ৭ খন স্বাধীন কমনৱেলথ দেশৰ ৰাণী হৈ পৰে। এই দেশসমূহ আছিল যুক্তৰাজ্য, কানাডা, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা, পাকিস্তান, আৰু চিলন (বৰ্তমান শ্ৰীলংকা) আৰু লগতে ৰাষ্ট্ৰসংঘৰ মুৰব্বী।
লগতে পঢ়ক এইবাৰ পৃথক বড়োলেণ্ড নহয়, পৃথক দুৱাৰঞ্চল ৰাজ্য দাবী বড়ো সংগঠনৰ, কোন বড়ো সংগঠনে কৰিলে এই দাবী?
৬. ৰিপাব্লিক অৱ আয়াৰলেণ্ড ভ্ৰমণ কৰা প্ৰথমগৰাকী ব্ৰিটিছ শাসক
২০১১ চনত আয়াৰলেণ্ড ৰিপাব্লিক ভ্ৰমণ কৰা ৰাণী এলিজাবেথ দ্বিতীয়ই ১৯২২ চনত স্বাধীনতা লাভ কৰাৰ পিছত তেওঁ প্ৰথমগৰাকী ব্ৰিটিছ শাসক হিচাপে পৰিগণিত হয়।
৭. হীৰক জয়ন্তীৰ পূৰ্বে ব্ৰিটেইনৰ প্ৰতিটো অঞ্চল ভ্ৰমণ
জুন মাহত হীৰক জয়ন্তী উপলক্ষে চাৰিদিনীয়া পাৰ্টিৰ পূৰ্বে ৰাণী এলিজাবেথ দ্বিতীয় ব্ৰিটেইনৰ প্ৰতিটো অঞ্চল ভ্ৰমণ কৰিছিল, আনহাতে আন ৰজাঘৰীয়াসকলে সমগ্ৰ কমনৱেলথ ভ্ৰমণ কৰিছিল।
৮. ৫৪ খন কমনৱেলথ ৰাষ্ট্ৰৰ মুৰব্বী
কমনৱেলথত ৫৪ খন দেশ আছে আৰু ৰাণী এলিজাবেথ দ্বিতীয়ৰ মৃত্যুৰ পূৰ্বে এই দেশসমূহৰ মুৰব্বী আছিল। তেওঁৰ পিতৃ ৰজা ষষ্ঠ জৰ্জ আছিল প্ৰথমজন ৰজা যাক আনুষ্ঠানিকভাৱে কমনৱেলথৰ মুৰব্বী হিচাপে অধিষ্ঠিত কৰা হৈছিল।
৯. ইতিহাসৰ আটাইতকৈ ভ্ৰমণকাৰী ৰাণী
এগৰাকী শাসক তথা ৰাণী হিচাপে ব্যক্তিগত সৰ্বাধিক দেশ ভ্ৰমণ কৰাৰ অভিলেখ ৰাণী এলিজাবেথ দ্বিতীয়ৰ হাততে আছে। তেওঁ ছয়খন মহাদেশৰ ১২০ খনতকৈও অধিক দেশ ভ্ৰমণ কৰিছিল। ১০. আটাইতকৈ দীৰ্ঘদিনীয়া ব্ৰিটিছ শাসক
১০. আটাইতকৈ দীৰ্ঘদিনীয়া ব্ৰিটিছ শাসক
দ্বিতীয় ৰাণী এলিজাবেথে মুঠ ৭০ বছৰ সাত মাহৰ ৰাজত্ব কৰিছিল৷ দীৰ্ঘকাল ৰাজত্ব কৰা ব্ৰিটিছ শাসক হিচাপে এলিজাবেথ দ্বিতীয়ই অভিলেখ গঢ়ি গৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















