এটা অতি আমোদজনক ঘটনা পোহৰলৈ আহিছে৷ বিবাহৰ মণ্ডপৰ পৰা আনিবলৈ গৈ থকা অৱস্থাতে বৰযাত্ৰীক আৱদ্ধ কৰি কইনা পক্ষৰ লোকে দৰাক উত্তম-মধ্যম শোধালে৷
ঘটনাটো উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰৰ বুধনা কোতৱালিৰ পৰচৌলি গাঁৱৰ৷ ঘটনাৰ বিৱৰণীৰ মতে যোৱা ১০ ছেপ্টেম্বৰত চামলী জাহাংগীৰ নামৰ দৰাজনে তৃতীয় বিবাহ সম্পন্ন কৰিবলৈ বৰযাত্ৰী লৈ কইনাৰ ঘৰলৈ যাত্ৰা কৰিছিল৷
তেনে সময়তে যাত্ৰা পথত দৰাগৰাকীৰ প্ৰথমা পত্নীয়ে বাধা প্ৰদান কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে৷ দৰাজন যে ইয়াৰ পূৰ্বেই দুবাৰকৈ বিবাহপাশত আৱদ্ধ হৈছিল সেই বিষয়ে কইনা ঘৰ অৱগত হোৱা নাছিল৷
লগতে পঢ়ক মুঠতে বলীউড ফ্লপ, দক্ষিণ হিট! বলীউডৰ ভাইজানেও অনুসৰণ কৰিছে KGF-ক!
প্ৰথমা পত্নীয়ে দৰাজনৰ এই ইতিহাস ফাদিল কৰাৰ পাছতে ক্ষুব্ধ কইনা ঘৰৰ লোকে পথতে বৰযাত্ৰীক আৱদ্ধ কৰি দৰাক প্ৰহাৰ কৰিবলৈ ধৰে৷ এই সমগ্ৰ দৃশ্য এজন লোকে মোবাইলৰ কেমেৰাৰে বন্দী কৰি পিছত এজন লোকে সামাজিক মাধ্যম ভাইৰেল কৰে৷
ইফালে ঘটনা সন্দৰ্ভত কইনাৰ ভাতৃয়ে প্ৰকাশ কৰিছে যে পূৰ্বে দুবাৰকৈ বিবাহপাশত আৱদ্ধ হোৱাৰ কথা দৰাই কইনাপক্ষৰ পৰা লুকুৱাই ৰাখিছিল৷ এই কথা ফাদিল হোৱাৰ পাছতে কইনা পক্ষৰ লোকসকল ক্ষুব্ধ হৈ এইদৰে দৰাক আক্ৰমণ কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ