বিশৰ দেওনা পাৰ কৰা দুই তেজাল যুৱক-যুৱতী তেতিয়া পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী৷ একলেগে অধ্যয়ন কৰা দুই শিক্ষাৰ্থীয়ে প্ৰায়ে একেলগে থাকে৷ একেলগে ঘূৰা-ফুৰা কৰে, ৰেষ্টুৰেণ্টত একলগে খোৱা বোৱাও কৰে৷ দুয়োৰে মাজত চলে অনৰ্গল কথা বতৰা৷
ইয়াৰ মাজতে ক’ব নোৱাৰাকৈয়ে দুয়োৰে মাজত জাগি উঠে প্ৰেমৰ অনুভূতি৷ সেই প্ৰেমৰ অনুভূতিক প্ৰকাশ কৰাৰ পৰা বিৰত নাথাকিল বিশৰ দেওনা পাৰ কৰা সেই তেজোদ্দীপ যুৱকজনে৷ অন্তৰৰ প্ৰৱল অনুৰাগেৰে, আৱেগেৰে প্ৰেয়সীলৈ লিখিলে প্ৰেমৰ চিঠি৷ হৃদয়ৰ সমস্ত আকুলতাৰে প্ৰেয়সীলৈ প্ৰেম পত্ৰ লিখা সেই যুৱকজনেই হ’ল এল’ন মাস্ক, যি বৰ্তমান বিশ্বৰে আটাইতকৈ ধনাঢ্য ব্যক্তি৷ বিশ্বৰ সবাতোকৈ ধনী ব্যক্তি এল’ন মাস্কক কোনোবাই অতিক্ৰম কৰাটো বাদেই স্পৰ্শ কৰাটো সহজ হৈ থকা নাই৷ কাৰণ বিশ্বৰ দ্বিতীয় ধনী ব্যক্তিগৰাকী আৰু এল’ন মাস্কৰ সম্পত্তিৰ পৰিমাণৰ ব্যৱধান শ বিলিয়নৰো অধিক৷
লগতে পঢ়ক লাভ জেহাদ! ভুৱা পৰিচয়েৰে হিন্দু যুৱতীৰে বিবাহ মুছলমান যুৱকৰ! তাৰ পাছত হ’ল কি?
এই এল’ন মাস্কৰে প্ৰাক্তন প্ৰেয়সী জেনিফাৰ গ্বোৱেনে এসময়ৰ প্ৰেমিক মাস্কে দিয়া প্ৰেমৰ চিঠি আৰু বিশেষ উপহাৰ নিলাম কৰিছে৷ সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে জেনিফাৰে প্ৰায় ২৮ বছৰৰ পিছত প্ৰাক্তন প্ৰেমিক এল’ন মাস্কৰ প্ৰেমৰ চিঠি নিলাম কৰিছে৷
প্ৰকাশিত খবৰৰ মতে ১৯৯৪ চনলৈকে এল’ন আৰু জেনিফাৰৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল৷ তেতিয়া দুয়ো পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ অধ্যনৰত শিক্ষাৰ্থী আছিল৷ এল’নে সেই সময়ত জেনিফাৰক কেইবাখনো প্ৰেম পত্ৰ আৰু বহু উপহাৰ দিছিল। ইমান বছৰ ধৰি জেনিফাৰে প্ৰাক্তন প্ৰেমিক এল’নৰ সেই সকলোবোৰৰ চিঠি আৰু উপহাৰ অতি যত্নৰে ৰাখি থৈছিল।
লগতে পঢ়ক ‘হাই গৰ্মী’ৰ শৰীৰত ইডিয়ে ঢালিব নেকি ঠাণ্ডা পানী…!
কিন্তু জেনিফাৰে ইয়াৰ পাছত প্ৰাক্তন প্ৰেমিকৰ এই চিঠি আৰু উপহাৰসমূহ নিজৰ লগত ৰাখিবলৈ নিবিচাৰিলে৷ সেয়ে তেওঁ এল’নৰ জন্মদিনৰ কাৰ্ড, চিঠি আৰু তেওঁলোকৰ ফ’টোসমূহৰ পৰা আৰম্ভ কৰি সোণৰ লকেটলৈকে সকলো নিলাম কৰিলে।
সংবাদ মাধ্যমৰ খবৰ অনুসৰি জেনিফাৰৰ জন্মদিনত লিখা এল’নৰ প্ৰেমপত্ৰখনৰ নিলামত সৰ্বাধিক দৰ উঠিছিল। এল’নৰ চিঠিখনে নিলামত লাভ কৰিছিল ১২ হাজাৰ ডলাৰতকৈ অধিক। ভাৰতীয় মুদ্ৰাত ইয়াৰ মূল্য প্ৰায় ৯ লাখ ৬২ হাজাৰ টকা। আৰু ফ’টোবোৰৰো দৰ লাখলৈকে উঠিছিল। ইফালে সোণৰ লকেটটোৰ দৰ উঠিছিল প্ৰায় ৭ লাখ টকালৈ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ