আঠ বছৰ পূৰ্বে তেওঁলোক বিবাহপাশত আৱদ্ধ হৈছিল। কিন্তু স্বামীয়ে বিবাহিত জীৱন আৰম্ভ কৰাৰ পাছতো পত্নীৰে স্বাভাৱিক শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব বিচৰা নাছিল। বৰং স্বামীগৰাকীৰ ‘বিকৃত’ যৌনতাৰ প্ৰতিহে আকৰ্ষণ আছিল আৰু পত্নীক ইয়াৰ বাবে হেঁচা প্ৰয়োগ কৰিবলৈ ধৰিছিল।
প্ৰথমতে স্বামীৰ এনে আচৰণত দেখি স্তম্ভিত হৈছিল পত্নী৷ স্বামীৰ এই অস্বাভাৱিক আচৰণত স্তম্ভিত হ’লেও পত্নীয়ে সংসাৰখন সুস্থিৰ কৰি ৰখাৰ আৰু স্বামী-স্ত্ৰীৰ গোপনীয় তথা একান্ত ব্যক্তিগত সম্পৰ্কৰ স্বাৰ্থত কথাবোৰ মানি ল’বলৈ ধৰিলে৷
কিন্তু বিবাহিত জীৱনৰ আঠটা বছৰ অতিক্ৰম কৰাৰ পাছতহে হঠাতে পত্নীৰ মূৰত সৰগ ভাগি পৰিল৷ বিবাহৰ আঠটা বছৰৰ পাছত পত্নীয়ে জানিব পাৰিলে স্বামী পূৰ্বতে এগৰাকী মহিলা আছিল আৰু তেওঁলোকৰ বিবাহৰ আঠ বছৰৰ পিছত তেওঁ লিংগ পৰিৱৰ্তন কৰিছিল৷
লগতে পঢ়ক এল’ন মাস্কৰ প্ৰেমৰ চিঠি আৰু উপহাৰ নিলাম প্ৰাক্তন প্ৰেমিকাৰ, দাম উঠিল কিমান জানেনে?
স্বামীয়ে পত্নীৰ আগত এই কথা নিজেই খুলি কোৱাৰ পাছতে পত্নীয়ে এতিয়া স্বামীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে৷ এই ঘটনাটো গুজৰাটৰ বদোদৰাৰ৷
৪০ বছৰীয়া পত্নীয়ে স্বামীৰ পূৰ্বৰ পৰিচয় জ্ঞাত হোৱাৰ পাছতে স্বামী বিৰাজ বৰ্ধনৰ বিৰুদ্ধে ‘বিকৃত যৌনতা’ আৰু প্ৰতাৰণাৰ বিৰুদ্ধে গোত্ৰী আৰক্ষী থানাত অভিযোগ দাখিল কৰিছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে মহিলাগৰাকীয়ে এজাহাৰত স্বামীৰ পৰিয়ালৰ অন্যান্য সদস্যৰ নামো উল্লেখ কৰিছে৷
আৰক্ষীৰ সূত্ৰ অনুসৰি, ৯ বছৰ পূৰ্বে মহিলাগৰাকীৰ ‘মেট্ৰিমনিয়েল চাইট’ৰ জৰিয়তে বিজয় বৰ্ধনৰ সৈতে পৰিচয় ঘটিছিল। ২০১১ চনত এক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল মহিলাগৰাকীৰ প্ৰথম স্বামীৰ। তেওঁৰ ১৪ বছৰীয়া এগৰাকী কন্যা সন্তান আছে। প্ৰথম স্বামীৰ মৃত্যুৰ পিছত ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত বিজয় বৰ্ধনেৰে বিবাহপাশত আবদ্ধ হয়। বিয়াৰ পিছত তেওঁলোক হানিমুনৰ বাবে কাশ্মীৰলৈ গৈছিল।
লগতে পঢ়ক উদ্দাম যৌন সম্পৰ্কৰ ফলত কিডনীৰ পাথৰ সহজে নিৰ্গমন হয়! গৱেষণকৰ দাবী
মহিলাগৰাকীয়ে অভিযোগ কৰে যে বিবাহৰ পাছতো স্বামীয়ে তেওঁৰ সৈতে স্বাভাৱিক শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব নিবিচাৰে। বিভিন্ন অজুহাত দেখুৱাই স্বামীয়ে স্বাভাৱিক শাৰীৰিক সম্পৰ্ক স্থাপনৰ পৰা আঁতৰি থাকে। পত্নীয়ে স্বামীক এই বিষয়ে হেঁচা দি ধৰাত স্বামীয়ে কয় যে কিছু বছৰৰ পূৰ্বে ৰাছিয়াত হোৱা এক দুৰ্ঘটনাত তেওঁ আহত হৈছিল। তেতিয়া হোৱা এক অস্ত্ৰোপচাৰ ফলতে তেওঁ স্বাভাৱিক শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ অক্ষম।
স্বামীয়ে পত্নীক জনাই যে সেয়া সৰু অস্ত্ৰোপচাৰ আছিল আৰু সময় হোৱাৰ লগে লগে তেওঁ ভাল হৈ আহিব। ২০২০ চনৰ জানুৱাৰী মাহত স্বামীয়ে শৰীৰৰ ওজন হ্ৰাসৰ বাবে অস্ত্ৰোপচাৰ কৰিবলৈ কলকাতালৈ যোৱা বুলি পত্নীক জনাইছিল।
লগতে পঢ়ক লাভ জেহাদ! ভুৱা পৰিচয়েৰে হিন্দু যুৱতীৰে বিবাহ মুছলমান যুৱকৰ! তাৰ পাছত হ’ল কি?
কিন্তু পত্নীয়ে জানিব পাৰে যে তেওঁৰ স্বামীয়ে শৰীৰৰ ওজন হ্ৰাস কৰিবলৈ নহয় প্ৰকৃততে লিংগ পৰিৱৰ্তন কৰাৰহে অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল। এই বিষয়ে জানিব পাৰি পত্নীগৰাকীয়ে তেওঁৰ সৈতে স্বামীয়ে ‘বিকৃত’ যৌন সম্পৰ্ক স্থাপন কৰাৰো অভিযোগ উত্থাপন কৰে। আনকি স্বামীয়ে এই বিষয়ে কাৰোবাক ক’লে ইয়াৰ পৰিণাম ভয়াৱহ হ’বও বুলিও ভাবুকি প্ৰদান কৰে।
আৰক্ষীয়ে জনোৱা মতে, বিজয়ৰ পূৰ্বৰ নাম আছিল বিজয়েতা। গোত্ৰী থানাৰ পৰিদৰ্শক এম কে গুৰজাৰে জনোৱা মতে, অভিযুক্ত স্বামীগৰাকী বৰ্তমান দিল্লীৰ বাসিন্দা। তেওঁক বদোদৰালৈ লৈ যোৱা হয়। কিন্তু এই অভিযোগৰ পৰিপ্ৰেক্ষিতত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ