• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তেজস্বিতা আমাক ক্ষমা কৰিবা…

তেজস্বিতা আমাক ক্ষমা কৰিবা…

4 years ago
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

14 minutes ago
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

40 minutes ago
বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

1 hour ago
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

2 hours ago
১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

2 hours ago
১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

2 hours ago
গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

3 hours ago
8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

4 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

5 hours ago
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

6 hours ago
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

6 hours ago
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

তেজস্বিতা আমাক ক্ষমা কৰিবা…

editor by editor
October 6, 2022
in অসম, লেখা, স্বাস্থ্য
0
তেজস্বিতা আমাক ক্ষমা কৰিবা…
0
SHARES
15.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ তেজস্বিতা গ’লগৈ। তেজস্বিতাৰ অকাল বিয়োগে মৰ্মাহত কৰিছে ৰাজ্যবাসীক। এনেকৈ কেনেকৈ আঁতৰি যাব পাৰে তেজস্বিতা? ইমান সপোন, ইমান আশা সকলো নিমিষতেই কেনেকৈ শেষ হ’ব পাৰে? ৰাজ্যবাসীয়ে উত্থাপন কৰিছে প্ৰশ্ন কিন্তু উত্তৰ দিবলৈ তেজস্বিতা এতিয়া কাহানিও উভতি আহিব নোৱাৰা বাটৰ যাত্ৰী। এগৰাকী উদীয়মান শিল্পী এনেকৈ আঁতৰি যোৱাটো অসমৰ সমাজ জীৱনৰ বাবেও বৃহৎ ক্ষতি।

তেজস্বিতাক লৈ লিখা লেখাৰে ভৰি পৰিছে সামাজিক মাধ্যম। এদিন লতাশিল বিহুত তাই নাচিব, কেৱল অসমতেই তাই নিজকে সীমাবদ্ধ কৰি ৰাখিব খোজা নাছিল। সপোন দেখিছিল এদিন ইণ্ডিয়ান আইডলত অসমৰ নাম উজলাই তুলিব। কিন্তু সেই সপোনবোৰক বাস্তৱ ৰূপ দিবলৈ তেজস্বিতা আৰু এই পৃথিৱীত নাই। তেজস্বিতাৰ খুবেই ঘনিষ্ঠ এগৰাকী ব্যক্তিয়ে সামাজিক মাধ্যমত লিখিছে তেজস্বিতাৰ সপোনৰ কথা। সংগীতক লৈ তেজস্বিতাই কৰা পৰিকল্পনাৰ কথা। অহা ৮ অক্টোবৰত মাজুলীৰ এখন বিশেষ মিউজিক স্কুলৰ পৰা তেজস্বিতাই ডিগবৈত অনুষ্ঠান কৰিবলৈ যোৱাৰ কথা। ২ অক্টোবৰলৈ অনুশীলনত আহি থকা তেজস্বিতাই এনেকৈ বিদায় মাগিব নোৱাৰে। তাইৰ ৰোগৰ চিকিৎসা নাছিল নে? গাড়ীত প্ৰিয় বান্ধৱীৰে কাষৰ চিটত বহি ডিগবৈ যোৱাৰ পৰিকল্পনা কৰা তেজস্বিতাক লৈ এই মন্তব্য কৰিছে তেওঁৰ এগৰাকী ঘনিষ্ঠ ব্যক্তিয়ে।

মাজুলীৰ স্বাস্থ্যখণ্ডৰ অৱস্থা সঁচাকৈয়ে এতিয়াও বহু পিছপৰা নেকি এই বিষয় বিলাকো তেজস্বিতাৰ মৃত্যুৰ পিছতেই চৰ্চালৈ আহিছে। মাজুলীৰ স্বাস্থ্যখণ্ডৰ দুৰাৱস্থা এতিয়াও আছেনে? ২০১৮ চনত বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মাজুলীৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰিছিল। পৰিদৰ্শন কৰিয়েই তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী শৰ্মাই টুইটত লিখিছিল মাজুলীৰ অত্যাধুনিক ব্যৱস্থা সম্পন্ন চিকিৎসালয়খনৰ কথা। উন্নত সকলো সা-সুবিধাই চিকিৎলালয়খনত কৰাৰ কথাও উল্লেখ কৰিছিল। ২০০ বিছনাযুক্ত এই চিকিৎসালয়খনত ২০১৯-ত পুনৰ অত্যাধুনিক নতুন প্ৰযুক্তি সংযোজনৰ বাবে শিলন্যাস কৰিছিল মাজুলীৰ বিধায়ক তথা তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মাজুলীবাসীয়ে আৰু উন্নত চিকিৎসাৰ পৰা বঞ্চিত হ’ব নালাগে তাৰেই ব্যৱস্থা কৰা বুলি বাৰে বাৰে ভাষণত উল্লেখ কৰিছিল মাজুলীৰ বিধায়ক সৰ্বানন্দ সোনোৱালেও। কথাবোৰ আগবাঢ়িল মাজুলীও নদী দ্বীপৰ পৰা জিলালৈ ৰূপান্তৰ হ’ল। মাজুলী-নিমাতী সংযোগী দলঙৰ কামো আৰম্ভ হ’ল। আমাৰ সকলোৰে মনত ধাৰণাও আহিল নাই মাজুলী আৰু পৰিত্যক্ত নহয়। মাজুলীবাসীয়ে প্ৰকৃত উন্নয়ন দেখিছে। মাজুলী অসমৰ মূল-ভুখণ্ডৰ সৈতে কোনোক্ষেত্ৰতেই পিছপৰা নহয়। তেজস্বিতাৰ মৃত্যুৱে আকৌ এবাৰ এই ধাৰণাক যেন ভুল প্ৰমাণিত কৰিলে। মাজুলী আজিও পৰিত্যক্তই সেই কথা পুনৰবাৰ তেজস্বিতাৰ মৃত্যুৱে যেন উদঙাই দিলে। এটা অক্সিজেন চিলিণ্ডাৰো কিয় সেই অত্যাধুনিক চিকিৎসালয়ত তেজস্বিতাৰ বাবে নোলাল? আইচিইউ-ৰ ব্যৱস্থা সঁচাকৈয়ে নাইনে? সামাজিক মাধ্যমত উত্থাপিত কেতবোৰ প্ৰশ্নৰ উত্তৰ কোনে দিব?

মৃত্যু কাৰ কেতিয়া কেনেকৈ আহে কোনেও নাজানে! কিন্তু তেজস্বিতাৰ মৃত্যু জানো হঠাতেই হৈছিল? পৰিয়ালৰ লোকে জনোৱা অনুসৰি অচেতন তেজস্বিতাক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগে লগেই তেজস্বিতাক প্ৰাথমিক চিকিৎসা প্ৰদান কৰিছিল এগৰাকী চকু চিকিৎসকে। তাৰ পিছতেই উশাহ-নিশাহ লোৱাত কষ্ট হোৱা স্বত্বেও তেজস্বিতাক তাৎক্ষণিকভাৱে প্ৰদান কৰা নাছিল অক্সিজেন মাস্ক। দিয়া হোৱা নাছিল আইচিইউ কেবিন। পৰিয়ালৰ এই ভাষ্যৰ পিছতেই চিকিৎসালয়খনৰ অধীক্ষকক তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে। এই নিলম্বনেই প্ৰমাণ কৰিছে এতিয়াও মাজুলীত চিকিৎসাৰ নামত চলি থকা গাফিলতিৰ কথা।

মাজুলীবাসীয়ে তেজস্বিতাৰ বাবেই ন্যায় বিচাৰিছে এনে নহয়। মাজুলীৰ প্ৰত্যেকগৰাকী ব্যক্তিৰেই জীৱনৰ সুৰক্ষা বিছাৰিছে মাজুলীবাসীয়ে। তেজস্বিতাৰ মৃত্যুৰ সঠিক তদন্তত এতিয়া মুখ্যমন্ত্ৰীগৰাকীৰো হস্তক্ষেপ বিচাৰিছে মাজুলীবাসীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?
জীৱনশৈলী

১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

April 13, 2026
গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?
জীৱনশৈলী

গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

April 13, 2026
8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা
নিয়োগ

8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

April 13, 2026
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!
জীৱনশৈলী

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

April 13, 2026
Next Post
‘আদিপুৰুষ’-এ ইতিহাস বিকৃত কৰিছে! ৰাৱণক আলাউদ্দিন খিলজি কিয় বনাইছে?

'আদিপুৰুষ’-এ ইতিহাস বিকৃত কৰিছে! ৰাৱণক আলাউদ্দিন খিলজি কিয় বনাইছে?

সপোনত এইকেইটা বস্তু দেখাটো আৰ্থিকভাৱে স্বচ্ছল হোৱাৰ লক্ষণ…

সপোনত এইকেইটা বস্তু দেখাটো আৰ্থিকভাৱে স্বচ্ছল হোৱাৰ লক্ষণ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.