অসম লাইভ ২৪ঃ দুৰ্নীতি মুক্ত অসম! চৌদিশে কেৱল শান্তি-সম্প্ৰীতি। এইখন অসমৰ কল্পনা হয়তো বহুতেই কৰে। দুৰ্নীতিয়ে শিপাই থকা অসমৰ পটভূমিত দুৰ্নীতিমুক্ত ৰাজ্য গঢ়াৰ বাবে চলিত চৰকাৰখনে লোৱা পদক্ষেপৰ সকলোৱে শলাগিছে। চলিত বৰ্ষতেই ৰাজ্যত উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছে ৬৩ জনকৈ লোক।
বিগত ৬ বছৰত ৰাজ্যত উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছে ১৩০ জনকৈ বিষয়া-কৰ্মচাৰী। ২০১৭ চনৰ পৰা বৰ্তমানলৈ ধন লৈ হাতে-লোটে ধৰা পৰাৰ গোচৰ ৰুজু হৈছে ১০৭ টা। ১০৭ টা গোচৰৰ বিপৰীতে ১৩০গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই গ্ৰেপ্তাৰৰ তালিকাত আছে ১২০ জন চৰকাৰী কৰ্মচাৰী আৰু ১০ টাকৈ দালাল।
উল্লেখ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দায়িত্বভাৰ লোৱাৰ পিছত বিগত ১৮ মাহত ৫৫ টাকৈ গোচৰ ৰুজু হোৱাৰ বিপৰীতে গ্ৰেপ্তাৰ হৈছে ৬৩ জন লোক। ঘোচ লৈ গ্ৰেপ্তাৰ হোৱা ৬৩ ব্যক্তিৰ ৬১ গৰাকীয়ে চৰকাৰী বিষয়া হোৱাৰ বিপৰীতে দালাল মাত্ৰ ২টা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















