অসম লাইভ২৪ঃ এই বিবাহ আছিল অসাধাৰণ। নীলপৱন বৰুৱাই দিপালী বৰঠাকুৰক বিয় কৰোৱাৰ প্ৰস্তাৱ লৈ কাষ চাপিছিল দিপালী বৰঠাকুৰৰ জেষ্ঠ ভাতৃ মহেন্দ্ৰ বৰঠাকুৰৰ। নীলপৱন বৰুৱাই সিদিনা দিপালী বৰঠাকুৰৰ ভাতৃক কৈছিল, ‘পোনা দা মই দিপালীক বিয়া কৰাব খোজোঁ’।
নীলপৱনে আগবঢ়োৱা প্ৰেমৰ প্ৰস্তাৱৰ কথা ক’বলৈ গৈ ভাতৃ মহেন্দ্ৰ বৰঠাকুৰেই সংবাদ মাধ্যমৰ সন্মুখত কৈছিল, ‘বিবাহৰ কথা কৈয়েই নীলই মোৰ মুখলৈ চাই আছিল। কেইমুহূৰ্তমান ময়ো চাই ৰৈছিলো নীল আৰু অক’ৰ (অৰ্কেন্দু বৰুৱা) মুখলৈ। দিপালী তেতিয়া আৰু গায়িকা দিপালী হৈ থকা নাছিল। খোজটোও ভালকৈ পেলাব নোৱাৰা অৱস্থা। নীলৰ হাতত তাই তুলিকাডালো তুলি দিব পৰা হৈ থকা নাছিল।’
সেইদিনা নীলপৱন বৰুৱাক দিপালী বৰঠাকুৰৰ ভাতৃয়ে আৱেগেৰে সিদ্ধান্ত নল’বলৈ পৰামৰ্শ আগবঢ়াইছিল। কৈছিল, ‘আৱেগ শেষ হৈ গ’লে তুমি যদি ‘ভুল কৰিলো’ বুলি নিজৰ কপালক দোষ দিয়া, তেনেহ’লে আমি কষ্ট পাম। তায়ো যদি ভাবিবলগীয়া হয় যে তুমি তাইক ‘অনুগ্ৰহ’ কৰিলা, ‘পুতৌ’ কৰিলা, তেনেহ’লে কথাটো মাৰাত্মক হ’ব। আকৌ এবাৰ ভাবি চোৱা। দিপালীৰ মতামতো আমি বিচাৰিব লাগিব।’
নীলপৱন বৰুৱাই সেইদিনাই সিদ্ধান্ত জনোৱা নাছিল। পিছদিনা সন্ধিয়া নীলপৱন বৰুৱা আৰু অৰ্কেন্দু বৰুৱা পুনৰ দিপালী বৰঠাকুৰৰ ঘৰত উপস্থিত হৈ জনাইছিল বিশেষ সিদ্ধান্তটোৰ কথা। কৈছিল এবাৰ যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্তত তেওঁ অটল।
উল্লেখ্য যে ১৯৭৬ চনৰ ৭ মাৰ্চত নীলপৱন বৰুৱা আৰু দিপালী বৰঠাকুৰে সংসাৰ আৰম্ভ কৰে। নীলপৱন বৰুৱাই প্ৰমাণ কৰি দেখুৱালে তেওঁ দায়িত্বহীন স্বামী নহয়। বৰং প্ৰতিটো ক্ষণত দিপালী বৰঠাকুৰৰ সুখ-দুখৰ প্ৰতি তেওঁ সজাগ হৈয়েই থাকিল। দিপালী বৰঠাকুৰে তেওঁক কি দিলে সেয়া কাহানিও নীলপৱন বৰুৱাই হিচাবেই নকৰিলে। কেৱল তেওঁ দিপালী বৰঠাকুৰক কি দিলে সেয়াহে তেওঁৰ বাবে প্ৰয়োজনীয় কথা হৈ ৰ’ল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ