• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বহু মানুহৰ জীয়া সপোনে সিদিনা ৰাজ পথত চিৎকাৰ কৰাৰ সময়, অভিশপ্ত ৩০ অক্টোবৰ, সভ্য সমাজক ইতিকিং কৰাৰ সময়…

বহু মানুহৰ জীয়া সপোনে সিদিনা ৰাজ পথত চিৎকাৰ কৰাৰ সময়, অভিশপ্ত ৩০ অক্টোবৰ, সভ্য সমাজক ইতিকিং কৰাৰ সময়…

4 years ago
সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে আনুষ্ঠানিকভাৱে ইস্তাফা নিদিলে কেনেকৈ শপত ল’ব নতুন মুখ্যমন্ত্ৰীয়ে?

সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে আনুষ্ঠানিকভাৱে ইস্তাফা নিদিলে কেনেকৈ শপত ল’ব নতুন মুখ্যমন্ত্ৰীয়ে?

3 minutes ago
থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?

থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?

1 hour ago
মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?

মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?

1 hour ago
ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

2 hours ago
বিধায়ক হ’ল আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃ ৰত্না দেৱনাথ, নতুন চৰকাৰ আহিলে কিয় জে’লত যাব পাৰে মমতা আৰু অভিষেক বেনাৰ্জী? আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃয়ে দিছে হুংকাৰ

বিধায়ক হ’ল আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃ ৰত্না দেৱনাথ, নতুন চৰকাৰ আহিলে কিয় জে’লত যাব পাৰে মমতা আৰু অভিষেক বেনাৰ্জী? আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃয়ে দিছে হুংকাৰ

2 hours ago
সমগ্ৰ দেশত দুদিনীয়াকৈ বেংক ধৰ্মঘট!  কি কি সেৱাত পৰিব প্ৰভাৱ?

সমগ্ৰ দেশত দুদিনীয়াকৈ বেংক ধৰ্মঘট! কি কি সেৱাত পৰিব প্ৰভাৱ?

3 hours ago
Met Gala ত কৰণ জোহৰৰ অদ্ভুত পোছাক, সকলোৱে ক’লে এয়া কি?

Met Gala ত কৰণ জোহৰৰ অদ্ভুত পোছাক, সকলোৱে ক’লে এয়া কি?

3 hours ago
হঠাৎ খৰচ বাঢ়িছে নেকি? এই ৫টা টিপচে সহায় কৰিব অৰ্থ লাভত!

হঠাৎ খৰচ বাঢ়িছে নেকি? এই ৫টা টিপচে সহায় কৰিব অৰ্থ লাভত!

4 hours ago
8th Pay Commission: দৰমহা বৃদ্ধিৰ পৰা পেঞ্চনলৈকে, কি কি আছে কৰ্মচাৰীসকলৰ দাবী?

8th Pay Commission: দৰমহা বৃদ্ধিৰ পৰা পেঞ্চনলৈকে, কি কি আছে কৰ্মচাৰীসকলৰ দাবী?

4 hours ago
গ্ৰীষ্মকালত কি কি ভুলে ছালৰ ক্ষতি কৰে? বিশেষজ্ঞৰ পৰা জানক

গ্ৰীষ্মকালত কি কি ভুলে ছালৰ ক্ষতি কৰে? বিশেষজ্ঞৰ পৰা জানক

5 hours ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

5 hours ago
ভাগ্যই সহায় কৰিছে থালাপতি বিজয়ক! ৪ নম্বৰ কিয় ইমান বিশেষ?

ভাগ্যই সহায় কৰিছে থালাপতি বিজয়ক! ৪ নম্বৰ কিয় ইমান বিশেষ?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

বহু মানুহৰ জীয়া সপোনে সিদিনা ৰাজ পথত চিৎকাৰ কৰাৰ সময়, অভিশপ্ত ৩০ অক্টোবৰ, সভ্য সমাজক ইতিকিং কৰাৰ সময়…

editor by editor
October 30, 2022
in অপৰাধ, অসম, লেখা
0
বহু মানুহৰ জীয়া সপোনে সিদিনা ৰাজ পথত চিৎকাৰ কৰাৰ সময়, অভিশপ্ত ৩০ অক্টোবৰ, সভ্য সমাজক ইতিকিং কৰাৰ সময়…
0
SHARES
792
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সেইদিনা জুই, কলা ধোঁৱা আৰু মানুহৰ আৰ্তনাদে অসমৰ আকাশ ছানি ধৰিছিল৷ তেজৰ চেকুৰা সেইদিনা অ’ত-ত’ত, অসমৰ ৰাজ পথত৷ মানুহৰ মাংস অ’ত তত ছিটিকি পৰিছিল৷ চৌদিশে কেৱল শুনা গৈছিল আৰ্তনাদ৷ কিছু মুহূৰ্তৰ বাবে উশাহ-নিশাহ যেন বন্ধ হৈ পৰিছিল অসমবাসীৰ৷ চকুৰে দেখিও অসমীয়াই বিশ্বাস কৰিবলৈ টান পাইছিল আপোন মানুহবোৰে এনেদৰে চিৎকাৰ কৰিব লাগিব বুলি৷ সপোন লৈ ঘৰৰ পৰা ওলাই অহা বহু মানুহৰ জীয়া সপোন সিদিনা ৰাজ পথত চিৎকাৰ কৰি উঠিছিল।

বিস্ফোৰণৰ কলা ধোৱাই নিমিষতে চেদেলি-ভেদেলি কৰিছিল একোটা দেহ। ৰাজ পথত পৰি ৰৈছিল শৰীৰৰ মাংসৰ টুকুৰা৷৷ সিদিনা মানৱতা ধ্বংস হৈছিল৷ সেইদিনা মানুহে মানুহক ঘৃণা কৰিছিল৷ সেইদিনা মানুহে মানুহক বিশ্বাস কৰিব পৰা নাছিল৷ সেইদিনা বহু অন্তৰে ফেকুৰি উঠিছিল৷ সভ্য সমাজক সেইদিনা ইতিকিং কৰিছিল সময়বোৰে৷

নিষ্ঠুৰ হৈ পৰা সময়বোৰে সভ্য সমাজক সেইদিনা উপলুঙা কৰিছিল৷ সেইদিনাটো আছিল শীতৰ এটা বৃহস্পতিবাৰ৷ ২০০৮ চনৰ ৩০ অক্টোবৰ৷ মহানগৰীৰ পানবজাৰ, ফাচী বজাৰ, গনেশগুৰি, বৰপেটা ৰোড, কোকৰাঝাৰ, বঙাইগাওঁ সেইদিনা কঁপি উঠিছিল বিস্ফোৰণত। উল্লেখ্য যে গুৱাহাটীৰ মুঠ তিনিটা ঠাইত,বৰপেটা ৰোডৰ ২ স্থানত, বঙাইগাওঁৰ ২স্থানত আৰু কোকৰাঝাৰৰ ২ স্থানত সংঘটিত হৈছিল বিস্ফোৰণ। এই বিস্ফোৰণত ৮১ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে পংগু হৈছিল ৪৭০ গৰাকীকৈ ব্যক্তি। ভয়াৱহ বিস্ফোৰণৰ স্মৃতি অসমীয়াই আজিও পাহৰিব পৰা নাই৷ পাহৰিবনো কেনেকৈ? চৌদিশে কেৱল হুৱাদুৱা, তেজ আৰু তেজ। কোনোবাই যদি পিতৃক হেৰুৱাইছে, কোনোৱে আকৌ হেৰুৱাইছে সন্তানক। এজন এজনকৈ বহুজনে হেৰুৱালে প্ৰাণ, বহুজন আকৌ পংগু হ’ল। এই ঘটনাই দেওবাৰে অৰ্থাৎ আজি ১৪ বছৰ সম্পূৰ্ণ কৰিলে। ১৪ বছৰত জানো বিষবোৰ কমিছে? আত্মীয়ক হেৰুৱাই উকা হোৱা বুকুবোৰ জানো ভৰিছে?

যি বিস্ফোৰণে কলংকিত কৰিছিল ইতিহাস৷ বিস্ফোৰণত চিৰকালৰ বাবে হেৰুৱাইছিল আপোনজনক৷ বহু নাৰীৰ কপাল উকা হৈছিল৷ বহু মাতৃৰ বুকু উদং হৈছিল৷ ৩০ অক্টোবৰক অসমীয়াই স্মৃতিৰ পৰা মচি পেলাব নোৱাৰে৷ ৩০ অক্টোবৰ আহিলেই বুকু কঁপি উঠে অসমীয়াৰ৷ বুকু কপি উঠে মহানগৰবাসীৰ৷ ভয়াবহ দিনটোৰ স্মৃতিয়ে শংকিত কৰি তোলে অসমীয়াক৷ সন্ত্ৰাসবাদৰ ভয়লগা ছবিখন মচিব নোৱাৰে অসমীয়াই৷ আপোন মানুহক হেৰুৱাৰ বেদনাত অসমীয়া আজিও ম্ৰিয়মান৷ বৰ্বৰ বোমা বিস্ফোৰণত শ-শ লোক ঘুণীয়া হৈছিল৷

ইমান নিষ্ঠুৰ কাণ্ড অসমত ইয়াৰ পুৰ্বে সংঘটিত হোৱা নাছিল৷ মানুহৰ জীৱন লোৱাৰ খেল কোনেও খেলা নাছিল৷ আপোন মানুহক হেৰুৱাৰ বেদনাত আজিও ছটফটাই থকা লোকসকলে পৃথিৱীক আন্ধাৰ বুলি ভাবিব ধৰিছে৷ ৩০ অক্টোবৰ সন্ত্ৰাসবাদীৰ বোমা-বিস্ফোৰণৰ ঘটনাৰ আঁৰত জড়িত আছিল উগ্ৰপন্থী সংগঠন এন ডিএফ বি৷ এই ধাৰাবাহিক বিস্ফোৰণৰ মূল মাষ্টাৰ মাইণ্ড আছিল এন ডি এফ বি ৰঞ্জন দৈমাৰী গোটৰ ১৫ গৰাকী সদস্য। এন ডি এফ বি গোটৰ ১৫ সদস্যৰ বিৰুদ্ধে চলা গোচৰৰ ২০১৮ চনত ৰায়দান দিয়ে আদালতে। বিস্ফোৰণ সংঘটিত কৰাৰ ১০ বছৰৰ অন্তত দোষী সাব্যস্ত হয় এই ১৫ ব্যক্তি। এই বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ বাবে দুখনকৈ চাৰ্জশ্বীট দাখিল কৰিছিল চিবিআইয়ে। চাৰ্জশ্বীটত আছিল ২২ জন লোকৰ নাম। ২২ জনৰ ভিতৰত ১৫ জনক দোষী সাব্যস্ত কৰে আদালতে।

আজি ৩০ অক্টোবৰ৷ আজিৰ দিনটোতেই বোমা বিস্ফোৰণ কাণ্ড সংঘটিত হৈছিল৷ অসমৰ ৰাইজে বিস্ফোৰণত নিহত লোকসকলক শ্ৰদ্ধাঞ্জলি যাচিছে৷ দেওবাৰে অৰ্থাৎ আজি এই বিস্ফোৰণত মৃত্যু হোৱা লোকসকলক সুঁৱৰি গনেশগুৰি উৰণীয়া সেঁতুৰ তলত আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠানৰ। অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কামৰূপ মেট্ৰৰ উপায়ুক্ত পল্লৱ কুমাৰ ঝাকে ধৰি বহুলোক উপস্থিতি থাকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?
অসম

মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?

May 5, 2026
ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?
জীৱনশৈলী

ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

May 5, 2026
সমগ্ৰ দেশত দুদিনীয়াকৈ বেংক ধৰ্মঘট!  কি কি সেৱাত পৰিব প্ৰভাৱ?
বাণিজ্য

সমগ্ৰ দেশত দুদিনীয়াকৈ বেংক ধৰ্মঘট! কি কি সেৱাত পৰিব প্ৰভাৱ?

May 5, 2026
হঠাৎ খৰচ বাঢ়িছে নেকি? এই ৫টা টিপচে সহায় কৰিব অৰ্থ লাভত!
জীৱনশৈলী

হঠাৎ খৰচ বাঢ়িছে নেকি? এই ৫টা টিপচে সহায় কৰিব অৰ্থ লাভত!

May 5, 2026
Next Post
ৰাহুলৰ হাতত হাত থৈ আগবঢ়া এই মোহময়ী নাৰী কোন? ৰাহুলে কিয় ধৰিছিল যুৱতীগৰাকীৰ হাত?

ৰাহুলৰ হাতত হাত থৈ আগবঢ়া এই মোহময়ী নাৰী কোন? ৰাহুলে কিয় ধৰিছিল যুৱতীগৰাকীৰ হাত?

‘আগতে মই বাইদেউহঁতৰ লগত ফটো উঠিম’, মুখ্যমন্ত্ৰীৰ  হিমন্ত বিশ্ব শৰ্মাৰ শিশুসুলভ আচৰণক লৈ কি কৈছে নেটিজেনে?

'আগতে মই বাইদেউহঁতৰ লগত ফটো উঠিম’, মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ শিশুসুলভ আচৰণক লৈ কি কৈছে নেটিজেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.