• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘আজি নৱগ্ৰহ শ্মশানলৈ ভূপেনদা আহিব! অপেক্ষা কৰোঁ পদুলিতে, ভূপেন আহেহে লাগে’, নৱগ্ৰহত কোনে অপেক্ষা কৰিছে সুধাকণ্ঠলৈ?

‘আজি নৱগ্ৰহ শ্মশানলৈ ভূপেনদা আহিব! অপেক্ষা কৰোঁ পদুলিতে, ভূপেন আহেহে লাগে’, নৱগ্ৰহত কোনে অপেক্ষা কৰিছে সুধাকণ্ঠলৈ?

3 years ago
PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

8 hours ago
সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

9 hours ago
মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে!  শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে! শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

9 hours ago
প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

10 hours ago
কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

10 hours ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

11 hours ago
শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

11 hours ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

12 hours ago
আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

12 hours ago
এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

13 hours ago
নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

13 hours ago
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘আজি নৱগ্ৰহ শ্মশানলৈ ভূপেনদা আহিব! অপেক্ষা কৰোঁ পদুলিতে, ভূপেন আহেহে লাগে’, নৱগ্ৰহত কোনে অপেক্ষা কৰিছে সুধাকণ্ঠলৈ?

editor by editor
November 5, 2022
in অসম, লেখা, সংগীত
0
‘আজি নৱগ্ৰহ শ্মশানলৈ ভূপেনদা আহিব! অপেক্ষা কৰোঁ পদুলিতে, ভূপেন আহেহে লাগে’, নৱগ্ৰহত কোনে অপেক্ষা কৰিছে সুধাকণ্ঠলৈ?
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সুধাকণ্ঠক সুঁৱৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠানৰ৷ কেৱল অসমবাসীয়ে ভূপেন হাজৰিকাক সুঁৱৰিছে তেনে নহয়৷ ভাৰতৰত্ন তথা সুধাকণ্ঠৰ একাদশ মৃত্যু তিথিত বাংলাদেশতো আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠানৰ৷

সামাজিক মাধ্যমতো সুধাকণ্ঠক সুঁৱৰি বিভিন্নজনে দিছে পষ্ট৷ তাৰ মাজতে এগৰাকী ছচিয়েল মিডিয়া ইউজাৰকাৰী উৎপল শিৱমে লিখা পষ্টে বিশেষভাৱ দৃষ্টি কাঢ়িছে সকলোৰে৷ তেওঁ লিখিছে, ‘আজি নৱগ্ৰহ শ্মশানলৈ ভূপেনদা আহিব। তৰুণ গগৈ, ভিতালী সকলো উন্মনা। নৱগ্ৰহ শ্মশানৰ দুভাগ নিশাৰ কথা৷ সন্ধ্যাৰ পৰাই ব্যস্ত সমাধিৰ বতাহজাক, ব্যস্ত শুভ্ৰ সাজৰ এদল জিলিকা তৰা! ভিতালী-চাহ দুকাপ আনিবা, তৰুণো আহিছে। দুয়ো অপেক্ষা কৰোঁ পদুলিতে৷ ভূপেন আহেহে লাগে।

বুঢ়া সত্ৰাধিকাৰৰ গলগলীয়া মাত গুঞ্জৰি উঠিল সমাধিৰ কংক্ৰীটত খুন্দা মাৰি। ঢেকেৰুৱা হাঁহিটো মাৰি তৰুণ গগৈয়ে দেহাৰ মাটিবোৰ জোকাৰি খৰ খোজে আগবাঢ়ি আহিছে আড্ডালৈ। ভিতালীয়ে আজি গোলপীয়া সাজ এযোৰ পিন্ধিছে, ভূপেনদাৰ প্ৰিয় গোলাপী ৰং! সদ্যশায়িত নিপনদা আৰু নীলপৱনদা অভ্যস্ত হব পৰা নাই নৱগ্ৰহৰ আড্ডাত৷
বিদেহ হলেও পাহৰি যায় মাজে মাজে তেওঁলোকে যে বতাহত খোজ কাঢ়িব পাৰে এতিয়া।

অৰ্চনা মহন্ত বাইদেও আৰু ভিতালীয়ে গুণগুণাই গাই আছে এটি যুগমীয়া গীত৷ ভূপেনদাই ভালপোৱা গীতটি শুনাবলৈ দুয়ো দিনতেই ৰেৱাজ কৰিছে, এটি লোক সংগীত। “শালিকী অ’ অবুজন চৰাইজনী…” অৰ্চনা বাইদেউৰ কন্ঠত ভূপেন দাই শুনিব, বিশেষ অনুৰোধ তেখেতৰ৷ ‘ধুমুহা আৰু ৰামধেনু’-ৰ লেখকগৰাকীৰ সদা গাম্ভীৰ্য্যপূৰ্ণ মুখখন আজিও গহীন। চশমাৰ ফাকেৰে গৰম চাহত চুমুক দি একোণত বহি আছে প্ৰজ্ঞাৰ সাধক৷ হোমেন বৰগোঁহাই ডাঙৰীয়া, জীৱনকালত বহু লিখিলা৷ এতিয়া পাছে অধ্যয়নৰ উদ্দেশ্য কি?

অতুলানন্দ গোস্বামীয়ে আড্ডালৈ বুলি খোজ দিওতেই হেচুকি কৈ থৈ গ’ল বৰগোঁহাই দেৱক৷ ‘আন্ধাৰতো লিখিব পাৰি অশৰীৰী কলমেৰে জীৱনৰ পাছত জীৱনৰ অভিজ্ঞতা। তাৰে কুচকাৱাজ৷’ বৰগোঁহাই দেৱে বেঁকা হাঁহিৰে ক’লে। দিপালী বাইদেৱে মূঢ়া এটা পাতি নীলপৱনদাৰ কাষতে বহিলহি৷ আজি তেওঁ গান নাগায়৷ শুনিবহে মাথোঁ। ভূপেনদাৰ আধা শুনা গান৷

নৱগ্ৰহ শ্মশান মহিৰূহৰ মিলনৰ তীৰ্থস্থান৷ কনভয় বজাই ৰাজপথেদি দৌৰি ফুৰিছে ৰঙা লাইটৰ গাড়ীবোৰ৷ ব্যস্ত নাগৰিকৰ গোমোঠা মুখবোৰ পথত প্ৰেতাত্মাৰ দৰে ঘূৰি ফুৰিছে৷ নৱগ্ৰহ শ্মশানৰ গেটৰ সিপাৰে জীৱন্ত মানুহবোৰৰ মৃত আত্মা আৰু গেটৰ ইপাৰে মৃতদেহৰ কিন্তু সতেজ আড্ডা। তৰুণ গগৈয়ে কনভয়বোৰলৈ চাই এক নিৰ্লিপ্ত হাঁহি মাৰিলে৷ হাঁহিটো হোমেন বৰগোহাঁইয়ে দেখিলে৷ ‘মনত পৰিছে নেকি জীৱন্ত সময়লৈ?’ তেওঁ গগৈলে চাই টিপ্পনী মাৰিলে।

‘হে হে হে কি কয় বৰগোঁহাই, পথ একেটাই সবাৰে, দুদিনৰ বাবে লাহ বিলাহ ক্ষমতা। ইয়াতহেচোন পালোঁ প্ৰকৃত সুখৰ ৰহঘৰা৷’ এচাটি বতাহ সোমাই আহিল৷ সুৰ সমলয় ৰাগিণী মলয়াত চন্দ। ‘ভূপেন দা আহিছে’ ভিতালীয়ে দৌৰি অহাদি আহি ক’লে৷ অৰ্চনা বাইদেৱে দীঘলকে ওৰণিখন টানি ল’লে। সকলো ব্যস্ত হ’ল বতাহজাকক লৈ৷ ‘মোৰ খুব হিংসা লাগে জানে আপোনালোকক দেখি, একেলগে কিমান ৰহইচ, মইহে অকলে সমাধি কাননত৷’ গলগলীয়া মাতেৰে ভূপেন দাই ক’লে।

‘নৱগ্ৰহৰ প্ৰতিনিশা আমাৰ পুৱালৈ আড্ডা, মাথোঁ আপোনালে মনত পৰে, চৌদিশে অনেক তৰা মাথোঁ মাজত নাই চন্দ্ৰমা৷’ অৰ্চনা বাইদেৱে ক’লে। আজি নিশা মজলিছ হ’ব, গান, কবিতা, ছবি, কথা-বাৰ্তাৰ। কি হ’ল নিপন ইমান মৌনতা?’, ভূপেন দাই হাঁহি হাঁহি মাজৰ আসনখনত বহি লৈ ক’লে। ‘নাই দাদা, কথা এটাহে ভাবিছোঁ।’ নিপন দাই ক’লে। ‘কি ভাবিছা? পাহৰিব পৰা নাই নেকি কায়িকতাৰ কথা?’

নিপনদাই ক’লে, ‘নহয় দাদা। ভাবিছোঁ নৱগ্ৰহতেইচোন সকলো একত্ৰ হৈ আছেহি শিল্প, সংস্কৃতি, কলা, মেধা, মনীষা, বাহিৰতনো কি থাকিল? ‘বাহিৰত এক বিয়াগোম শূন্যতা। যদি কোনো আছেও মহীৰূহ জীয়াই, ৰৈ আছে স্বীকৃতি দিবলৈ মৃত্যুৰ পাছত জনতাই।’ বৰগোঁহাই দেৱে ক’লে। ‘আপুনিতো ভাৰত ৰত্ন। চাব পাৰিম নেকি সেই ৰত্নটি কেনেকুৱা?’ নিপনদাই ক’লে।

‘ভাৰত ৰত্ন মই দেখা নাই কেনেকুৱা বা মোৰ হাততো পৰাহি নাই, জীৱন্তততহে হাতখন আছিল, মৃত্যুৰ পাছতচোন পাৰ্থিৱতাক চুব পৰাকৈ হাতখনেই নাইকীয়া। মাথোঁ মনত আছে নানা অপযশ, ককৰ্থনা আৰু দীনতাৰ কথা!’ ভাবুক হৈ পৰিল ভূপেনদা। এনেতে দূৰৈত এখন কাৰোবাৰ চিতা জ্বলিছে নৱগ্ৰহৰ বুকুত। সকলোৱে সেই জুইকুৰালৈ চালে…

ভূপেন দাই ক’লে, ‘ভিতালী খোৱাৰ যোগাৰ কৰা। খাই বৈ লৈ মেহফিল জমাম আজি। নতুন আলহীও আহিছে হবলা কোনোবা, চোৱা দূৰৈত সৌ জুইকুৰা। পুৱা হোৱাৰ আগে আগে উভতি যাম সমাধি ক্ষেত্ৰলৈ৷ আহা আজি নিশা জী উঠো, নৱগ্ৰহৰ দৰে শান্তি আৰু ক’তো নাইকীয়া৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা
জীৱনশৈলী

সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

March 31, 2026
নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?
খাদ্য

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

March 31, 2026
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?
অসম

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

March 31, 2026
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ
জীৱনশৈলী

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

March 31, 2026
Next Post
ৱাও BMW-Z4…গাড়ী ওলালেই যান-জঁট, কি হৈছে শিৱসাগৰত?

ৱাও BMW-Z4...গাড়ী ওলালেই যান-জঁট, কি হৈছে শিৱসাগৰত?

আপেই দখল কৰিব গুজৰাট! শংকিত হৈ বিজেপিয়ে দিছে কেজৰিৱাললৈ এই অফাৰ…

আপেই দখল কৰিব গুজৰাট! শংকিত হৈ বিজেপিয়ে দিছে কেজৰিৱাললৈ এই অফাৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.