অসম লাইভ২৪ঃ দেওবাৰৰ পৰা আৰম্ভ হ’ব ফিফা বিশ্বকাপ৷ কাটাৰত অনুষ্টিত হ’বলগীয়া বিশ্বকাপত ৩২ খন দেশে অংশগ্ৰহণ কৰিব৷ কোন দেশে হাতত তুলি ল’ব ফিফা বিশ্বকাপ সেয়া পৰিস্ফুত হ’ব ১৮ নৱেম্বৰত৷ যি দেশেই জয়লাভ নকৰক কিয় খেলত নামিব লগা ষ্টাৰ খেলুৱৈয়ে লাভ কৰা ধনৰ পৰিমান শুনিলে আপোনাৰো চকু কঁপালত উঠিব৷ ২০২২ বৰ্ষত বিশ্বকাপৰ পুৰস্কাৰ মূল্য পূৰ্বতকৈ বাঢ়িছে৷
এইবাৰ বিশ্বকাপত সকলো মিলি মুঠ ৮৮ কোটি ডলাৰ পুৰস্কাৰেই আগবঢ়োৱা হ’ব৷ ভাৰতীয় টকাত এই ধন হ’ব ৩৫৭৩ কোটি টকা৷ পূৰ্বৰ বিশ্বকাপতকৈ ৪ কোটি ডলাৰ বঢ়োৱা হৈছে এই ধনৰ পৰিমান৷ ২০১৪ ৰ বিশ্বকাপত ৩৫ কোটি ৮০ লাখ আছিল পুৰস্কাৰ মূল্য৷ ফিফাৰ নিয়ম অনুযায়ী প্ৰতিখন দেশেই খেলত অংশগ্ৰহণ কৰিলেই পুৰস্কাৰ হিচাপে ধন লাভ কৰিবই৷
বিশ্বকাপৰ গ্ৰুপ খেলৰ পৰা আৰম্ভ কৰি বিদায় লোৱালৈকে প্ৰত্যেক দলেই ৯০ লাখ ডলাৰ অৰ্থাৎ ৭৪ কোটি টকা লাভ কৰিব৷ প্ৰি-কোৱাৰ্টাৰলৈকে পালে এখন দেশে লাভ কৰিব ১ কোটি ৩০ লাখ ডলাৰ অৰ্থাৎ ভাৰতীয় টকাত এই ধনৰ পৰিমান হ’ব ১০৬ কোটি টকা৷ কোৱাৰ্টাৰ ফাইনেলত জয়লাভ কৰিলে পাব ১ কোটি ৭০ লাখ ডলাৰ অৰ্থাৎ ভাৰতীয় টকাত এই ধন হ’ব ১৩৮ কোটি টকা৷ চতুৰ্থ স্থানলৈকে পোৱা দলে লাভ কৰিব ২.৫০ কোটি ডলাৰ অৰ্থাৎ ভাৰতীয় টকাত এই ধনৰাশি হ’ব ২৪৫ কোটি টকা৷ আনহাতে ফাইনেলত যি দলে ফিফা বিশ্বকাপ জিনিব সেই দলে লাভ কৰিব ৪ কোটি ২০ লাখ ডলাৰ অৰ্থাৎ ভাৰতীয় টকাত এই ধনৰাশিৰ পৰিমান হ’ব ৩৪৪ কোটি টকা৷ দ্বিতীয় স্থান লাভ কৰা দলে লাভ কৰিব ১০০ কোটিতকৈও অধিক ধন৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















