অসম লাইভ ২৪ঃ বিচিত্ৰ পৃথিৱীত নিতৌ বিচিত্ৰ ঘটনা শুনিবলৈ পায়েই থাকে৷ কিন্তু এনেকুৱা শুনিছেনে যে আপুনি যদি কোনো এবিধ খাদ্য আজি অৰ্ডাৰ কৰে, তেন্তে খাবলৈ ৩০ বছৰ অপেক্ষা কৰিব লাগিব৷ আচৰিত যেন লাগিলেও এয়াই সত্য৷ দৰাচলতে জাপানৰ এটা পৰিয়ালে Croquettes নামৰ এবিধা ননভেজ খাদ্য প্ৰস্তুত কৰে৷ বিশ্বজুৰি জনপ্ৰিয় এই খাদ্যবিধ৷ বিশ্বজুৰি খাদ্যবিধৰ ব্যাপক চাহিদা৷ যাৰ ফলত খাওঁ বুলিয়েই খাব নাপায় এই খাদ্যবিধ৷ সূত্ৰ অনুসৰি জাপানৰ ‘আশিয়া’ পৰিয়ালে বিগত ৯৬ বছৰ ধৰি এই খাদ্য প্ৰস্তুত কৰি আহিছে৷ ১৯৯৯ চনত পৰিয়ালটোৱে প্ৰথম অনলাইন ষ্টোৰ খুলি খাদ্য বিক্ৰী কৰা আৰম্ভ কৰিছিল৷ আৰু তাৰ পাছতে বিশ্বজুৰি জনপ্ৰিয়তা লাভ কৰে খাদ্যবিধে৷ অনলাইন অৰ্ডাৰ কৰাৰ পাছতে খাদ্যবিধৰ বাবে বছৰ বছৰ অপেক্ষা কৰিব লাগে গ্ৰাহকে৷ ২০১৬ চনত ৱেটিং লিষ্টত খাদ্যৰ অৰ্ডাৰ লোৱা বন্ধ কৰি দিছিল৷ কিয়নো খাদ্য ডেলিভাৰীৰ সময়ত ১৪ বছৰ সময় অতিক্ৰম কৰিছিল৷ কিন্তু ২০১৭ চনত পুনৰ অৰ্ডাৰ লোৱা আৰম্ভ কৰে৷ বৰ্তমান যদি কোনো লোকে এই খাদ্যবিধ অৰ্ডাৰ কৰে তেনেহ’লে খাদ্যবিধ খাবলৈ কমেও ৩০ বছৰ অপেক্ষা কৰিব লাগিব৷ বিশেষ জাতৰ এবিধ আলু আৰু মাংস মিহলাই প্ৰস্তুত কৰা এই বিশেষ স্নেক্সবিধৰ দাম পূৰ্বতে কম আছিল যদিও এতিয়া বৃদ্ধি পাইছে৷ Extreme Croquettesৰ প্ৰতিটো পেকেট ৫ পিচ স্নেক্স থাকে৷ আৰু ইয়াৰ মূল্য হ’ল ১৬০০ টকা৷ আপুনিও যদি এই খাদ্যবিধ খাবলৈ বিচাৰে তেনেহ’লে ইয়াত ক্লিক কৰি অৰ্ডাৰ কৰিব পাৰিব৷ https://www.asahiya-beef.com/fs/kobegyu/croquette/PC-1800 https://www.aajtak.in/trending/story/order-today-then-after-30-years-you-will-get-this-rare-unique-dish-tsty-1577090-2022-11-17
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ