অসম লাইভ ২৪ঃ বিশ্বকাপৰ প্ৰথম মেচতেই ছাৰ্বিয়াৰ বিৰুদ্ধে হোৱা খেলখনতেই কান্দি কান্দি বিদায় লৈছিল নেইমাৰে। বিপক্ষৰ আক্ৰমণত গোৰোহাত আঘাত পোৱা নেইমাৰে হতাশ হৈ দিছিল বিশেষ পষ্ট। হয়তো আৰু বিশ্বকাপ খেলা নহ’ব। ২০২২ ৰ বিশ্বকাপেই নহয়, ২০২৬-ত হ’বলগীয়া বিশ্বকাপ খেলাটোও তেওঁৰ পক্ষে আৰু সম্ভৱ নহ’ব। নেইমাৰৰ এই পষ্ট দেখা মাত্ৰকেই হতাশ হৈ পৰিছিল নেইমাৰ অনুৰাগী। প্ৰশ্ন উত্থাপনো হৈছিল কেতিয়া আকৌ দেখা যাব নেইমাৰক? অৱশেষত অপেক্ষাৰ অন্ত পৰিল। গোৰোহাত পোৱা আঘাতৰ উপশম ঘটিছে। পুনৰ খেলিবলৈ আগবাঢ়িছে নেইমাৰ। নেইমাৰৰ চিকিৎসাৰ দায়িত্ব লৈছিল ছেলেকাও মেডিকেল টীমে। যাতে অচিৰেই নেইমাৰে সুস্থ হৈ আগন্তুক খেলত অংশ ল’ব পাৰে তাৰ বাবে বিশেষ টীমটোৱে অহোপুৰুষাৰ্থ কৰিছিল। ছেলেকাও মেডিকেল টীমে প্ৰকাশ কৰা মতে, ‘যদি সকলো ঠিকেঠাকে থাকে, তেন্তে খেলত নেইমাৰে ভাল প্ৰদৰ্শন কৰিব বুলি আমি আশাবাদী। তেওঁ ব্ৰাজিল টীমৰ এজন লেখত ল’বলগীয়া খেলুৱৈ, তেওঁৰ উপস্থিতিয়ে দলটোক শক্তিশালী কৰে, সেয়েহে আমিও তেওঁক সুস্থ কৰাৰ বাবে চেষ্টা চলাইছো, তেওঁৰ সম্পূৰ্ণ কষ্ট আমি নোহোৱা কৰিব নোৱাৰো যদিও পাৰ্যমানে তেখেতৰ মনটোক দৃঢ় কৰোৱাৰ বাবে চেষ্টা চলাইছিলো আৰু সেই চেষ্টাত আমি সফলো হৈছো।’
শেহতীয়াকৈ মেডিকেল টীমটোৰ প্ৰচেষ্টাতেই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশৰ বাবে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে হোৱা খেলত ভাগ ল’ব লাগিব ব্ৰাজিলে। ব্ৰাজিল দলটোত আকৌ দেখা যাব নেইমাৰৰ ভৰিৰ যাদু। সম্প্ৰতি ব্ৰাজিলৰ প্ৰশিক্ষক দলে এক সংবাদমেল যোগে নেইমাৰ উভতি অহাৰ কথা প্ৰকাশ কৰিছে। এই খবৰ ভাইৰেল হৈ পৰাৰ মাত্ৰকেই উৎফুল্লিত হৈ পৰিছে ব্ৰাজিল দলৰ সমৰ্থকসকল। নেইমাৰ উভতি অহাই যেন অক্সিজেনহে প্ৰদান কৰিলে ব্ৰাজিল দলটোক। কিয়নো ব্ৰাজিল দলত এইবাৰ এটাৰ পাছত আনটো অথন্তৰ ঘটিছে। নেইমাৰৰ সমান্তৰালকৈ আঘাতপ্ৰাপ্ত হৈছে দলটোৰ আন দুজন খেলুৱৈয়ো। ব্ৰাজিল দলৰ খেলুৱৈ গেব্ৰিয়েল জীছুচ আৰু এলেক্স টেলছে আগন্তুক খেলসমূহত খেলিব নোৱাৰে। কিয়নো দুয়োৱে গুৰুতৰভাৱে আঘাত পাইছে।
দেওবাৰে এখন সংবাদমেলযোগে ব্ৰাজিলৰ প্ৰশিক্ষকে জনাইছে, ‘নেইমাৰে অনুশীলনত ভাগ লৈছে। তেওঁ বৰ্তমান সুস্থ। তেওঁ পূৰ্বৰ দৰেই খেলত ভাগ ল’ব পাৰিব। আমিও নেইমাৰৰ অভাৱ অনুভৱ কৰি আছিলো। তেওঁ ব্ৰাজিল টীমটোত থাকক। তেওঁ আমাৰ টীমৰ এজন লেখত ল’বলগীয়া খেলুৱৈ। দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অনুষ্ঠিত খেলত নেইমাৰে উৎকৃষ্টমানৰ প্ৰদৰ্শন দেখুওৱাব বুলি আমি আশাবাদী।’
বিশ্বকাপৰ গ্ৰুপখেল তিনিখনৰ ভিতৰত দুখনতেই জয়লাভ কৰিছে ব্ৰাজিলে। নেইমাৰ ঘূৰি অহাত ব্ৰাজিল টীম আশাবাদী। দক্ষিণ কোৰিয়া আৰু পৰ্তুগালক হৰুৱাই শেষ ১৬ ৰ টিকেট নিশ্চিত কৰিব ব্ৰাজিলে! পৰ্তুগাল আৰু দক্ষিণ কোৰিয়া দুয়ো দলৰ সন্মুখতেই ব্ৰাজিল এতিয়া ডাঙৰ চেলেঞ্জ। ২০০২ চনৰ পাছত ব্ৰাজিলে এখনো বিশ্বকাপ জয় কৰিবলৈ সক্ষম হোৱা নাই। এইবাৰ ব্ৰাজিল দলটো কিছু আশাবাদী। ফুটবল সম্ৰাট পেলেৰো অৱস্থাও যিহেতু সংকটজনক তেনে অৱস্থাত বিশ্বকাপ জয়ৰ খবৰটো তেওঁ শুনা পালে নিশ্চয় আনন্দিত হ’ব। ইয়াৰোপৰি নেইমাৰৰ বাবেই এই বিশ্বকাপেই হয়তো শেষৰটো বিশ্বকাপ। যাৰ বাবে যিকোনো প্ৰকাৰেই এইবাৰ বিশ্বকাপ নিজৰ দেশলৈ লৈ যাব বিচাৰে টীম ইয়েল্লোয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ