• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাইজৰ দলৰ নেত্ৰী জ্ঞানশ্ৰী বৰাৰ ফেচবুক পষ্ট, ‘মোবাইলত নেটৱৰ্ক নাছিল বাবেই ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ডক লৈ মতামত দিয়া নাছিলো’

ৰাইজৰ দলৰ নেত্ৰী জ্ঞানশ্ৰী বৰাৰ ফেচবুক পষ্ট, ‘মোবাইলত নেটৱৰ্ক নাছিল বাবেই ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ডক লৈ মতামত দিয়া নাছিলো’

4 years ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

6 hours ago
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

6 hours ago
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

7 hours ago
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

7 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

8 hours ago
সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

8 hours ago
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

10 hours ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

11 hours ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

11 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

12 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

13 hours ago
PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰাইজৰ দলৰ নেত্ৰী জ্ঞানশ্ৰী বৰাৰ ফেচবুক পষ্ট, ‘মোবাইলত নেটৱৰ্ক নাছিল বাবেই ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ডক লৈ মতামত দিয়া নাছিলো’

editor by editor
December 8, 2022
in অসম
0
ৰাইজৰ দলৰ নেত্ৰী জ্ঞানশ্ৰী বৰাৰ ফেচবুক পষ্ট, ‘মোবাইলত নেটৱৰ্ক নাছিল বাবেই ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ডক লৈ মতামত দিয়া নাছিলো’
0
SHARES
10.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডই ৰাজ্যজুৰি চৰ্চা লাভ কৰিছিল। নাম সাঙোৰ খাইছিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৰাহুল ছেত্ৰীৰ। ইতিমধ্যে ৰাহুল ছেত্ৰীয়ে আত্মসমৰ্পন কৰিছে। আত্মসমৰ্পন কৰাৰ পাছতেই আৰক্ষীৰ তদন্তকাৰী দলে ৰাহুল ছেত্ৰীয়েই এই ঘটনাৰ মূল অপৰাধী বুলি প্ৰতিবেদন দাখিল কৰিছে। এই সকলোবোৰৰ মাজতেই সততে দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি থকা ৰাইজৰ দলৰ লেখত ল’বলগীয়া সদস্য জ্ঞানশ্ৰী বৰাক এই বিষয়টো লৈ কিয় মাত মতা নাই বুলি সামাজিক মাধ্যমত বহুতেই প্রশ্ন উত্থাপন কৰিছিল। শেহতীয়াকৈ এই বিষয়টোক লৈ মাত মাতিছে জ্ঞানশ্ৰী বৰাই। সামাজিক মাধ্যমত জ্ঞানশ্ৰীয়ে দিছে বিশেষ পষ্ট। পষ্টযোগে কি লিখিছে জ্ঞানশ্ৰীয়ে?

‘PNGBCN, ৰাহুল চেত্ৰী আৰু মোৰ ক’বলগীয়া,
প্ৰথমতেই কওঁ‌, ৰাহুল চেত্ৰীৰ লগত মোৰ সম্পৰ্ক সাংগঠনিক নহয়। সাংগঠনিকভাৱে তেওঁ ছাত্ৰ-মুক্তি সংগ্ৰাম সমিতিৰ লগত জড়িত আৰু মই ৰাইজৰ দলৰ লগত। তেওঁৰ লগত মোৰ সম্পৰ্ক ব্যক্তিগত, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন চিনিয়ৰ আৰু জুনিয়ৰৰ সম্পৰ্ক। তেওঁ বয়সত মোতকৈ বহুত সৰু। কিন্তু এই ঘটনাৰ আলম লৈ কেৱল দুখনমান ফটোক কেন্দ্ৰ কৰিয়েই মোক যিদৰে টাৰ্গেট কৰা হ’ল, তেওঁৰ লগত মোৰ কি সম্পৰ্ক এনেবোৰ কথাৰে যিদৰে অশ্লীল ভাষাৰে থকা সৰকা কৰা গ’ল, সেইয়া দেখি মই এটাই বুজিলোঁ – ভাগ্য ভাল মোৰ যে PNGBCN এটা Boys Hostel হ’ল। নহ’লে মইয়েই মাষ্টাৰমাইণ্ড হয় বুলি প্ৰতিপন্ন কৰাৰ সম্পূৰ্ণ চেষ্টা কৰা গ’লহেতেন।

কিছুদিন ধৰি স্বাস্থ্য বেয়া, জ্বৰ হৈ থকাৰ মাজতে দলীয় কামৰ বাবে হাইলাকান্দিলৈ গৈছিলোঁ। তাৰপাছত স্বাস্থ্য আৰু বেয়া হৈ পৰিছিল। মোৰ ঘৰত নেটৱৰ্ক একেবাৰে নাপায় বাবে ঘৰত থকা সময়বোৰত সাধাৰণতে সামাজিক মাধ্যমত সক্ৰিয় হৈ থাকিব নোৱাৰো, কাৰণ কি ঘটি থাকে, বহু সময়ত গমেই নাপাও। তেজ্বস্বিতাৰ মৃত্যুৰ সময়তো মই একো মন্তব্য কৰিব পৰা নাছিলোঁ, কাৰণ কথাটো তিনিদিন পাছত হে গম পাইছিলোঁ আৰু তেতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ যথেষ্ট দেৰি হৈছিল। এইবাৰ বিশ্ববিদ্যালয়ৰ ঘটনাও গম পোৱা দেৰি হৈছিল। বিভিন্নজনে ভিডিঅ’ৰ লিংক দিছিল যদিও শাৰিৰীক দুৰ্বলতাৰ বাবে ঘৰৰ পৰা ওলাই গৈ নেটৱৰ্ক পোৱা ঠাই বিচাৰি চাবগৈ পৰা নাছিলোঁ। সেইসময়বোৰত
ৰাজদ্বীপ বাইলুং ডাঙৰীয়া, নিতুমণি শইকীয়া ডাঙৰীয়া, পৰাগমণি আদিত্য ডাঙৰীয়া, সকলোৰেই ফোন আহিছিল। পৰাগমণি দা আৰু নিতুমণি দায়ে মাতটো শুনিয়েই কৈছিল যে তোমাৰ স্বাস্থ্য ভীষণ বেয়া। তুমি জিৰণি লোৱা। ৰাজদ্বীপ দায়ে ফোন কৰোঁতে শাৰিৰীক দুৰ্বলতাৰ বাবে বাহিৰলৈ গৈ ফোনটো ৰিচিভ কৰিবও পৰা নাছিলোঁ, পাছত তেখেতক ফোন কৰি কথাটো জনাইছিলোঁ‌।

অলপ সুস্থ হৈ ঘটনাৰ সবিশেষ গম পোৱালৈ মোক লৈ অন্য এখন বিতৰ্কই বহুজনে আৰম্ভ কৰি দিছিল। মই কিয় প্ৰতিক্ৰিয়া দিয়া নাই, ৰাহুল চেত্ৰীৰ লগত মোৰ কি সম্পৰ্ক, ৰাহুল চেত্ৰীক মইয়ে লুকুৱাই ৰাখিছোঁ নেকি আদি বিভিন্ন কথা। অশ্লীল শব্দ আৰু বাক্যৰে সম্পৰ্কৰ ব্যাখ্যা চলিল। মই একেবাৰে জড়িত নথকা ঘটনা এটাক লৈ মোৰ চাৰিত্ৰিক বিশ্লেষণ, মোৰ শিক্ষাগত অৰ্হতাৰ বিশ্লেষণ সকলো কৰি মোক থকা সৰকা কৰাৰ প্ৰচেষ্টা চলিল।

অৱশেষত যোৱা ৪ ডিচেম্বৰ তাৰিখে, সম্পূ্ৰ্ণ সুস্থ হোৱা নাছিলোঁ যদিও শিৱসাগৰৰ পানীবিল গোমোঠাত অনুষ্ঠিত বিশ্ব প্ৰতিবন্ধী দিৱসত উপস্থিত হৈছিলোঁগৈ। তাতেই সাংবাদিকসকলে প্ৰশ্ন কৰাত ঘটনাটো সম্পৰ্কত যিবোৰ তথ্য তেতিয়ালৈকে দেখা পালোঁ, সেই সম্পৰ্কত মন্তব্য ৰাখোঁ। এই ঘটনাৰ লগত PNGBCNৰ প্ৰায় ৪০ জন ছাত্ৰৰ নাম জড়িত হৈছে বুলি জানিব পাৰিছোঁ আৰু সকলোৰেই ভৱিষ্যত জীৱন এতিয়া অন্ধকাৰৰ মাজত। গতিকে এই কথা কৈছোঁ আৰু বাৰে বাৰে ক’ম যাতে কোনো নিৰ্দোষী ছাত্ৰয়ে ৰাজনৈতিক ষড়যন্ত্ৰৰ বলী হৈ ৩-৪ বছৰ জেলত থাকি সকলো হেৰুৱাব লগা নহয়। তিনি চাৰি বছৰ পাছত নিৰ্দোষী প্ৰমাণিত হ’লেও তেওঁলোকে জীৱনৰ সময়বোৰ ঘূৰাই নাপাব। এই ঘটনাৰ লগত ৰাজনীতি যে হৈছে, এইয়া ইতিমধ্যে ভালদৰে যুক্তিৰে বিশ্লেষণ কৰিব পৰা সকলে বুজি পাইছে। আৰু যিসকলে সকলো বুজিও বাতৰিত দেখাবোৰেই সত্য বুলি প্ৰতিপন্ন কৰাত উঠি-পৰি লাগিছে, তেওঁলোকৰ এই ঘটনাৰ পৰা লাভ যথেষ্ট আছে।

ব্যক্তিগতভাৱে মই নিজেও এটা কথা বিশ্বাস কৰোঁ – ঘটনাৰ আগ-গুৰি নজনাকৈ, সকলো ঘটনাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মোৰ পোষ্টত কিমান লাইক, কমেণ্ট, চেয়াৰ হৈছে, ইয়াৰ প্ৰতিযোগিতাত নামি নপৰি ঘটনাৰ বিষয়ে সবিশেষ জানিবলৈ চেষ্টা কৰাটো মোৰ বাবে বেছি প্ৰয়োজনীয়। Talk show লৈ গ’লেও সকলোখিনি জানি বুজি যোৱাৰে চেষ্টা কৰোঁ। ৰাজনীতিত জড়িত হোৱাৰ পাছত এটা কথা ভালদৰেই বুজি পাইছোঁ – সংবাদ মাধ্যমত দেখা কথাবোৰতকৈ বহু দূৰত বহু কথা কেতিয়াবা থাকি যায়। বাতৰি এটা দেখিলে, বাতৰিটো লিখা, বা বাতৰি পঠোৱা, বা বাতৰি পাঠ কৰা মানুহজন কোন, চেনেলৰ মালিক কোন, কাৰ লগত ঘনিষ্ঠ, কোন সংগঠনৰ সমৰ্থক এইবোৰ বিশ্লেষণ কৰি লোৱাৰো প্ৰয়োজন বহুত বেছি হৈ পৰে। নহ’লে তেওঁলোকৰ দৃষ্টিভংগীয়েই আমাৰ দৃষ্টিভংগী হৈ পৰিব।

আৰু এটা কথা – আচলতে আমিবোৰ ইমান ডাঙৰ বা গুৰুত্বপূৰ্ণ ব্যক্তি নহয় যে ঘটনা এটা ঘটিলেই আমাক বিচাৰি সাংবাদিকসকল ঘৰলৈ যাব। আমি যেতিয়া ক’ৰবাত কিবা অনুষ্ঠান বা মিটিঙলৈ যাওঁ‌, তেতিয়াহে আমাৰ মন্তব্য লয়। অন্যথা talk show লৈ মাতে, আৰু যদি গুৱাহাটীত থাকো, নাইবা অন্য স্থানৰ পৰা Talk showত সংযুক্ত হ’ব পৰা অৱস্থাত থাকো, তেতিয়াহে Talk show ত মতামত ৰাখোঁ। মোৰ ঘৰলৈও সেইকেইটা দিনত কোনো সাংবাদিক অহা নাছিল। যেতিয়া সাংবাদিকসকলে সুধিছিল, মন্তব্য তেতিয়া দিছিলোঁ।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam ka tazza khabarassam live 24axom live 24 digitalBest Assamese News Channel
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা
অসম

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

June 14, 2026
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত
অসম

‘অসমত ১৮ বছৰৰ ওপৰৰ কোনো লোকক প্ৰদান কৰা নহ’ব আধাৰ কাৰ্ড’, সিদ্ধান্ত কেবিনেটৰ

June 13, 2026
অসমৰ এগৰাকী UNSUNG HERO. ৮৫ বছৰ বয়সতো এথলেটিকছত পদক জয় কৰাৰ কাহিনী
জীৱনশৈলী

অসমৰ এগৰাকী UNSUNG HERO. ৮৫ বছৰ বয়সতো এথলেটিকছত পদক জয় কৰাৰ কাহিনী

June 13, 2026
EMIৰ বোজাত ভাৰাক্ৰন্ত নেকি? ঋণ সোনকালে শেষ কৰাৰ কেইটামান উপায়
জীৱনশৈলী

EMIৰ বোজাত ভাৰাক্ৰন্ত নেকি? ঋণ সোনকালে শেষ কৰাৰ কেইটামান উপায়

June 13, 2026
Next Post
মৰবী দলং দুৰ্ঘটনা! ২০ টকাত মোদীয়ে মৃত্যুৰ টিকট বিক্ৰি কৰা বুলি কোৱা সমষ্ঠিতেই জয়লাভ কৰিলে বিজেপিয়ে…

মৰবী দলং দুৰ্ঘটনা! ২০ টকাত মোদীয়ে মৃত্যুৰ টিকট বিক্ৰি কৰা বুলি কোৱা সমষ্ঠিতেই জয়লাভ কৰিলে বিজেপিয়ে...

শোচনীয় পৰাজয়ৰ অন্ততো কেজৰিৱালৰ মুখত হাঁহি! আজিৰে পৰা ৰাষ্ট্ৰীয় দল হ’ল আম আদমী পাৰ্টী…

শোচনীয় পৰাজয়ৰ অন্ততো কেজৰিৱালৰ মুখত হাঁহি! আজিৰে পৰা ৰাষ্ট্ৰীয় দল হ’ল আম আদমী পাৰ্টী...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.