অসম লাইভ২৪ঃ কাটাৰত বিশ্বকাপ চাবৰ বাবে ভাৰতৰ পৰাও গৈছে অগনণ ফুটবলপ্ৰেমী। ভাৰতীয় দল থাকক বা নাথাকক ফুটবল প্ৰেমীৰ সংখ্যা সমগ্ৰ বিশ্বৰ সমান্তৰালকৈ ভাৰততো সংখ্যাধিক। কিন্তু ফিফাত কোন ক’ত কেনেকৈ গৈছে তাতকৈয়ো ডাঙৰ কথা এয়ে যে এগৰাকী অসমীয়া যুৱতীৰ বাবেই বহুতেই দেখিবলৈ পালে ফিফাৰ বহু ৰোমাঞ্চকৰ ছবি। এগৰাকী অসমীয়া মহিলা ফটো সাংবাদিকৰ কেমেৰাত বন্দী হ’ল কাটাৰ বিশ্বকাপৰ বহু ছবি।
আৰ্জেণ্টিনাই বিশ্বকাপ জয় কৰাৰ পাছতেই সোমবাৰে সমগ্ৰ বিশ্বজুৰিয়েই চলিছে ফিফাৰ চৰ্চা। খবৰৰ মাজতেই তল পৰি ৰৈছে অসমীয়া মহিলা সাংবাদিক গীতিকা। কাটাৰত অনুষ্ঠিত প্ৰায় মাহজোৰা ক্ৰীড়া মহাৰণত ফটোগ্ৰাফাৰ তথা ক্ৰীড়া সাংবাদিক হিচাবে উপস্থিত আছিল অসমৰ গীতিকা তালুকদাৰ৷
গীতিকা তালুকদাৰে পূৰ্বে অসমৰ সংবাদক্ষেত্ৰতো কাম কৰি গৈছে। কাকতত ক্ৰিড়া সাংবাদিক হিচাপে কাম কৰা গীতিকা এতিয়া আন্তঃৰাষ্ট্ৰীয় স্তৰত এগৰাকী পৰিচিত ক্ৰীড়া সাংবাদিক৷ ফটো সাংবাদিকতাৰ লগতে গীতিকাই এগৰকী নৃত্যশিল্পী হিচাপেও দেখুৱাইছে পাৰদৰ্শিতা৷ গীতিকাই ২০১৮ চনত অনুষ্টিত বিশ্বকাপতো এগৰাকী ক্ৰিড়া সাংবাদিক হিচাপে উপস্থিত আছিল। দাঙি ধৰিছিল ফিফাৰ অজানা বহু খবৰ।
২০২২ চনৰ কাটাৰ বিশ্বকাপত উত্তৰ-পূব ভাৰতৰ একমাত্ৰ সাংবাদিক হিচাবে উপস্থিত থাকি অসমক বিশ্বৰ সন্মুখতেই পৰিচিত কৰাইছে। এছিয়া মহাদেশৰ কোনো নেদেখা প্ৰান্তৰ অসম নামৰো এখন ৰাজ্য আছে সেই কথা বহুতেই গীতিকাৰ বাবেই আকৌ এবাৰ জানিছে। গীতিকা তালুকদাৰে ফিফাৰ দ্বাৰা আনুষ্ঠানিকভাৱে বাছনি তথা স্বীকৃতি লাভ কৰা এগৰাকী সাংবাদিক। মেছী, এমবাপে, ৰোনাল্ডো , নেইমাৰৰ দৰে তাৰকা খেলুৱৈৰ বিভিন্ন মুহূৰ্তৰ শ্বটসমূহ কেমেৰাত বন্দী কৰা গীতিকাৰ ঘৰ গুৱাহাটীত৷ গীতিকাই ইয়াৰ পূৰ্বে ইণ্ডিয়ান চুপাৰ লীগ, ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, ভাৰত আৰু পাকিস্তানৰ লীগ মেচ, কমন ৱেলথ গেমছ, ১৭ অনুৰ্ধ ফিফা বিশ্বকাপ আৰু দক্ষিণ এছিয়ান গেমছৰ দৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাও কভাৰ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ