অসম লাইভ২৪ঃ
বাজেটত মধ্যবিত্তলৈ আনটো ভালখবৰ।
কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে আয়কৰৰ ক্ষেত্ৰত বাজেট ঘোষণাত উল্লেখ কৰি কয় যে, বছৰি ৭ লাখ টকালৈকে উপাৰ্জন কৰা লোকে আয়কৰ দিব নালাগে।
আনহাতে ৯ ৰ পৰা ১২ লাখ টকালৈকে বছৰি উপাৰ্জন কৰা সকলে ভৰিব লাগিব ১৫ শতাংশ আয়কৰ।
বছৰি ১২ ৰ পৰা ১৫ লাখ টকালৈ উপাৰ্জন কৰা সকলে ভৰিব লাগিব ২০ শতাংশ আয়কৰ।
১৫ লাখৰ অধিক উপাৰ্জন কৰাসকলে ভৰিব লাগিব ৩০ শতাংশ আয়কৰ।
উল্লেখ্য যে পূৰ্বতে আয়কৰ ৰেহাইৰ সীমা আছিল ৫ লাখ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ