• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খোল খালে সেই অধ্যায়! ১৯ বছৰীয়া গোপন চিঠিত কাৰ কথা কৈ গৈছে কবি নীলমণি ফুকনে? সবিশেষ…

খোল খালে সেই অধ্যায়! ১৯ বছৰীয়া গোপন চিঠিত কাৰ কথা কৈ গৈছে কবি নীলমণি ফুকনে? সবিশেষ…

3 years ago
খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

29 minutes ago
এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

50 minutes ago
মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

1 hour ago
৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

2 hours ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

19 hours ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

19 hours ago
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

20 hours ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

21 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

21 hours ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

22 hours ago
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

22 hours ago
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

খোল খালে সেই অধ্যায়! ১৯ বছৰীয়া গোপন চিঠিত কাৰ কথা কৈ গৈছে কবি নীলমণি ফুকনে? সবিশেষ…

editor by editor
February 3, 2023
in অসম, লেখা
0
খোল খালে সেই অধ্যায়! ১৯ বছৰীয়া গোপন চিঠিত কাৰ কথা কৈ গৈছে কবি নীলমণি ফুকনে? সবিশেষ…
0
SHARES
798
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নীলমণি ফুকনৰ বিশেষ চিঠিখনৰ সবিশেষ

অন্য এক কলংকিত অধ্যায়ৰ বিষয়ে

মৰমৰ নিত্য,
অসমীয়া প্ৰতিদিনত(২৫ জুন, ০৪) ত ওলোৱা তোমাৰ ‘অন্য এক কলংকিত অধ্যায় আৰু কবি নীলমনি ফুকন প্ৰসংগ’ শিতানৰ প্ৰসংগটো পঢ়িছো। অসমীয়া সাহিত্যত এইটো এটা অদৃষ্টপূৰ্ব ঘটনা। জনাত, এনে গৰ্হিত কাম পৃথিৱীৰ সাহিত্যিক সমাজত ক’তো, কোনেও, কাহানিও কৰা নাই। এনে কাম কৰা কপটিয়া, ৰুগ্ন মানসিকতাৰ মানুহ, কোনো সাহিত্যিক সমাজতে বোধহয় নোলাব। মই এতিয়া আকৌ সেই গেলা ওকটিবলৈ ওলোৱা নাই। যিটো মোৰ স্বভাৱ নহয়। আজিৰ পৰা ৩০ বছৰ আগতে লেখক জীৱনৰ এই ‘কলংকিত অধ্যায়’, ‘সংজ্ঞা’ ৰ প্ৰস্তাৱনা সংখ্যাতে (মাৰ্চ-এপ্ৰিলঃ১৯৭৩)-অসমত কাব্য চৰ্চাঃ ‘এটা দুঃস্বপ্নৰ অভিজ্ঞতা’ নামৰ এটা প্ৰবন্ধৰে সামৰণি মাৰিলো। মোৰ ক’বলগীয়াখিনি তাতেই কোৱা হ’ল। দুই এটা কথা ক’বলৈ থাকিল, হত নগল। দুজন মোৰ শুভাকাঙ্শী বিদগ্ধ বিদ্যাৰে ‘আমাৰ প্ৰতিনিধি’ৰ কাণ্ডটো মোক আওকান কৰিবলৈ কৈছে। মই আওকাণ কৰিবলৈ টান পালো। মোৰ বিৰুদ্ধে জনৈক নীলপৱন বৰুৱাই তোলা অভিযোগটো গুৰুতৰ। লেখক হিচাপে মোৰ নীতি, নিষ্ঠা, বিবেক আৰু সততাৰ কথাটো তাত জড়িত হৈ আছে। লেখক এজনৰ বাবে সততাৰ, বিবেকৰ কথাটো সামান্য কথা নহয়। আমাৰ নিচিনা এখন সমাজত এজন মানুহ যিমানদূৰ সৎ হৈ থাকিব পাৰে সিমানখিনি সৎ হৈ থাকিবলৈ মই আপ্ৰাণ চেষ্টা কৰো, কৰি আহিছো।

কেতিয়াবাই পঢ়া হোৰেছৰ এফাঁকি কথা এতিয়াও মনত ৰাখি থৈছো। ‘যিজন কবি শিল্প সম্বন্ধে বিবেকবান তেওঁ সততে আত্মসমালোচনাত প্ৰবৃত হয়।’ বহু সহ্য কৰিব নলগীয়া কথা সহ্য কৰি আহিছো, সহিলে সম্পদ, কিন্তু ‘আমাৰ প্ৰতিনিধি’ৰ উদ্ভট কাণ্ডটো সহ্য কৰি মনে মনে থাকিব নোৱাৰিলো। সহ্য কৰি থকাটো মোৰ কাৰণে ভয়ংকৰ যন্ত্ৰণাদায়ক হ’লহেতেন, কবিতাও শেষ হ’লহেতেন- শেষত গৈ জীৱনটো হ’লগৈহেতেন এডুখৰ জগা কাঠ। সেই ভাৱিয়েই মই প্ৰতিবাদৰ পথ লৈছিলো। মোক সাহ দিছিল শ্ৰী ভৱেন বৰুৱাই। মোৰ সততাত বিশ্বাস আছিল তেওঁৰ। কৈছিল, ভয় নকৰিব, আপুনি যেতিয়া সৎ পথত আছে। নহ’লে হেৰুৱাই পেলাব আপোনাৰ লিখাৰ প্ৰেৰণাশক্তি আৰু লেখক হিচাপে, মানুহ হিচাপে জীয়াই থকাৰ আনন্দ।

শ্ৰী ভৱেন বৰুৱাৰ উপৰিও সত্যেন্দ্ৰনাথ মুনীন বৰকটকী, বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য, ভৱেন্দ্ৰনাথ শইকীয়াকে ধৰি গুৱাহাটীৰ সাৰঋত সমাজখনৰ ভালেকেইজন সাহিত্যিক সাংবাদিকে মোৰ সেই বিপৰ্যয়ৰ সময়ত উদগনি, উৎসাহ দি, দিহা-পৰামৰ্শ দি মনটো মোৰ মৰি যাবলৈ দিয়া নাছিল। শ্ৰী বৰুৱাৰ পৰামৰ্শ মতেই মোৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ বন্ধু আৰক্ষী বিষয়া গোপী দাসক লগ ধৰি, সেই সময়ৰ কামৰূপৰ আৰক্ষী অধীক্ষক শ্ৰী কেপি এছ গীলক সাক্ষাৎ কৰাৰ সুযোগ নোপোৱা হ’লে, কুচিনৰ পৰা ই’ক পত্ৰিকা আৰু ৰাঘৱন প্ৰেছৰ সন্ধান পোৱা মোৰ কাৰণে সম্ভৱ নহ’লহেতেন। শ্ৰী বৰুৱাৰ প্ৰচেষ্টাতে বাণী প্ৰকাশনে ‘সংজ্ঞা’ উলিয়াইছিল। ‘সংজ্ঞা’ নোলোৱা হ’লে মোৰ ক’বলগীয়াখিনি ক’বলৈয়ো থল নেপালোহেঁতেন। শ্ৰী বৰুৱাই লেখা সেই মূল্যবাণ প্ৰবন্ধটো সময়ত হয়তো আন ক’তো ছপা নহ’লহেতেন।

‘অসমীয়া প্ৰতিদিন’ত তোমাৰ প্ৰবন্ধটো ছপা হোৱাৰ পাছত, তাতে ওলোৱা কেইখনমান চিঠিৰ প্ৰসংগত সেই পত্ৰ লেখক কেইজনৰ আৰু তোমাৰো মনৰ খুকুৰি মাৰিবলৈকে দুটামান কথা লিখিব লগা হ’ল। পলমকৈ হ’লেও তুমি যে পোনে বুজি পালা। অকৃত্য যে মই একো কৰা নাছিলো। আৰু এটা কথা এই চিঠিখন তুমি অসমীয়া প্ৰতিদিনত ছপাবলৈ বুলি মই লিখা নাই। আৰু কেতিয়াবা যদি এই চিঠিখন প্ৰকাশ কৰাৰ কথা ভাবা, প্ৰকাশ কৰিব পাৰা, মই যোৱাৰ পাছত।

সেই অপবাদ, বিভ্ৰান্তিকৰ অপপ্ৰচাৰ, পৰিকল্পিত জালিয়াতিৰ প্ৰসংগত শ্ৰী ভৱেন বৰুৱাৰ প্ৰবন্ধ ‘অসমীয়া সংস্কৃতিত নাইটমেয়াৰ’ ছপা হৈ ওলোৱাৰ ৯ বছৰৰ পাছত এবিলাকে প্ৰকাশ কৰা শ্ৰী হোমেন বৰগোঁহাঞি সম্পাদিত ‘অসমীয়া সাহিত্যৰ বুৰঞ্জীত’(ষষ্ঠ খণ্ড ১৯৯৩) ‘অসমীয়া কবিতাৰ কুৰিটা বছৰ’ শীৰ্ষক প্ৰবন্ধত শ্ৰী প্ৰদীপ আচাৰ্যই লিখিলে, স্পেনিছ কবি কেমিলোৰ প্রভাৱ পৰা ‘টোপনিতে তেওঁ মোক খেদি ফুৰিছিল’ ৰসোতীৰ্ণ ইয়াৰ অনুসংগ আৰু পৰিস্খণ্ডল চক্ৰীয় অনুভূতিৰে সমুুজ্জ্বল দেখি হতবাক হ’লো। কি কথা লিখে? কবিতাটোক লৈ হোৱা বিবাদটো নিষ্পতি হোৱা বুলি ভাবিছিলো। কথাটো শ্ৰী বৰগোঁহাঞিক কম বুলি ভাবোতেই এদিন এবিলাকৰ শেষ সময়ৰ চেক্ৰেটাৰী শ্ৰী টাবু টাইডক লগ পাই গ’লো। কথাটো শুনি তেওঁ ভালপোৱা নাছিল যেন লাগিল। মোক ক’লে, আপুনি এখন দৰ্খাস্ত দিয়ক, মই কাৰ্যনিৰ্বাহকত দিম। তাৰপাছত গ’ল কিছুদিন। এদিন শ্ৰী টাইডক লগ পাই সুধিলো-মোৰ দৰ্খাস্তখনৰ কিবা হ’লনে? তেওঁ ক’লে মই শ্ৰী আচাৰ্যলৈ লিখিছো। কেৱল মই জানিবলৈ বিচাৰিছিলো কেমিনোৰ বুলি প্ৰচাৰ কৰা কবিতাটো ক’ত বা কেমিনোৰ কোনখন গ্ৰন্থত আছে। সহজ উত্তৰ, এটা বাক্যৰেই দিব পাৰি। তাতে তেতিয়া কেমিনোৰ কাব্য সমগ্ৰ ছপা হৈ উলাইছিল। তাৰ দুদিনমানৰ পাছত ৰবীন্দ্ৰভৱনৰ সন্মুখত শ্ৰী আচাৰ্যক লগ পালোঁ। সুধিলোঁ, আপুনি ‘অসমীয়া সাহিত্যৰ বুৰজ্ঞী’ত -মোৰ ‘টোপনিতো তেওঁ মোক খেদি ফুৰিছিল’ নামৰ কবিতাটোৰ প্ৰসঙ্গত স্পেনিছ কবি কেমিনোৰ প্ৰভাৱ পৰা কিয় লিখিলে- ক’ত পালে কেমিনোৰ এই কবিতাটো। তেতিয়া একো নকৈ কেৱল, শ্ৰী টাইডৰ পৰা চিঠি পাইছে বুলি কৈ তাৰ এটা উত্তৰ দিয়া বুলি কলে। তাৰ কেইমাহমানৰ পিছত এবিলাকৰ এখন কাৰ্যনিৰ্বাহক সভাত, চেক্ৰেটাৰী শ্ৰী টাইডক সেই চিঠিখনৰ শ্ৰী আচাৰ্যই কি উত্তৰ দিলে জানিবলৈ বিচাৰিলে। সমিতিত সেইদিনা উপস্থিত থকা কোনো এজন সদস্যও মোৰ কথাটোত তিলমানো গুৰুত্ব নিদিলে। চিঠিখনৰ একো আলোচনাই নহ’ল। কেৱল নৱকান্ত বৰুৱাই ক’লে তেওঁ ক’ৰবাত পাইছে। মই ক’লো-ক’ত পাইছে, সেইটো ক’লেই দেখোন হয়। পেঘেনীয়াই থাকিবলৈ মন নগ’ল। শ্ৰী আচাৰ্যই শ্ৰী টাইডৰ চিঠিখনৰ উত্তৰ দিছিল নে নাই, দিছিল যদি তাত কি লিখিছিল,- আজিলৈকে নাজানিলো। তাৰপিছত প্ৰথমতে আগ্ৰহ দেখোৱাই, পিছত শ্ৰী টাইডেও পালোকা মাৰিলে।

ষড়যন্ত্ৰটোত প্ৰায়বোৰ কথাই তুমি লিখিছা। নানান কুৎসা ৰতনা শুনি আৰু কোনো জনৰ অস্বাভাৱিক ব্যৱহাৰত কোনো কোনো মুহূৰ্তত মই মানসিক আৰু শাৰীৰিকভাৱে ভাঙি পৰিছিলো। কিন্তু মোৰ আত্মবিশ্বাস আছিল, মনোবল অটুত ৰাখিবলৈ বন্ধুবৰ্গইও সততে সঁকিয়াই দিছিল। সেই সময়ত ঘৰৰ আৰু কলেজৰ ঠিকনাত লিখা ভালেকেইখন বেৰিং চিঠি পাইছিলোঁ। এখন চিঠিত, ‘জে’লত থব পাৰো জান’ বুলি ভয়ো দেখুৱাইছিল। অকথ্য, অশ্ৰাব্য আছিল সেই চিঠিবোৰৰ ভাষা। বিদ্ৰুতা, তিৰস্কাৰ, ভৎসৰ্নাই আছিল সেই চিঠিবোৰৰ কথা। ‘সংজ্ঞাত’ মোৰ বক্তব্য আৰু শ্ৰী ভৱেন বৰুৱাৰ সূদীৰ্ঘ আলোচনাটো প্ৰকাশ হোৱাৰ পিছত, গুৱাহাটীৰ পৰা প্ৰকাশিত ‘আমাৰ প্ৰগতি’ৰ ৰঙালী বিহু সংখাতো (১৪ এপ্ৰিল, ১৯৭৫) ‘কুম্ভলিক বৃত্তি, নীলমণি ফুকন আৰু ভৱেন বৰুৱাৰ ওকালতি শিতানত সম্পাদকলৈ লিখা এখন দীঘল চিঠি আৰু ‘অথ ভোকেন বৰুৱা আমানুল্লাহ-নেগুৰ ফুকন সংবাদ (প্ৰসংগঃ চোৰধৰা আৰু ঘোষ্ট ৰাইটাৰ) নামৰ এখন ব্যঙ্গ নাটিকাও ওলাইছিল। ‘আমাৰ প্ৰগতি’ৰ সেই সংখ্যাটো সদাশয় কোনো লোকে ৰং চাবলৈকে বুলি মোলৈ ডাকত পঠাই দিছিল। চিঠি আৰু নাটিকা দুখনৰ ছদ্মৱেশী লেখক দুজনে ( নে এজনে) চাগৈ ভাবিছিল, তেওঁলোকৰ বিদ্বেষ, ক্ৰোধ, ঘৃণা, অপপ্ৰচাৰৰ ভমভমাই জ্বলি উঠা জুইত জ্বলি-পুৰি ভষ্ম হৈ গলোঁ। ছদ্মনাম লৈ লিখিছিল যদিও সেই ছদ্মবেশতে চিনো চিনো যেন লাগিছিল দুয়োকে। দুয়ো বগলী ভত। কথাতে কয় নহয়, কথাৰ খিছা, সূতাৰ চিঁয়া ।

তোমাৰ প্ৰৱন্ধটো ‘অসমীয়া প্ৰতিদিন’ত ওলোৱাৰ পিছত,-পৰৱৰ্তী কোনোবা এখন প্ৰতিদিনত তোমাৰ প্ৰসংগতে কেইবাখনো চিঠি ওলাইছিল। পত্ৰ লেখক এজনে ষড়যন্ত্ৰটোৰ ‘নায়ক-খলনায়ক’।কোন আছিল জানিবলৈ বিচাৰিছিল। দুজনমানৰ নাম শুনিছিলোঁ, কোৱা-চিলাৰ মুখে শুনা। শুনা কথাহে, সঁচা-মিছাৰ নিশ্চয়তা নাই। শ্ৰী পৱিত্ৰ ডেকাইহে ক’ব পাৰে, কোনে দিছিল ইকোখন। আজি ত্ৰিছ বছৰৰ পাছত তেওঁলোক কোন আছিল জানি বা কি লাভ, তেওঁলোকে নিজে নিজক সোধক, কি তাড়নাত, উন্মাদনাত মতলীয়া হৈ এনে দুষ্কৰ্ম কৰিছিল। কি লাভ হ’ল তাৰপৰা অসমীয়া সমাজৰ,-সাহিত্যৰ, কবিৰ,কবিতাৰ আৰু সেই কুচক্ৰী দুৰ্জনসকলৰ।
সাদৰপ্ৰীতি জানিবা। তোমাৰ,
নীলমণি ফুকন
বেজবৰুৱানগৰ, গুৱাহাটী ১১
১.৩.০৫

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?
জীৱনশৈলী

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

March 12, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

March 11, 2026
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?
জীৱনশৈলী

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

March 11, 2026
যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ
জীৱনশৈলী

যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ

March 11, 2026
Next Post
কোনো যদি ৭ মহীয়া অন্তসত্বা, কাৰোবাৰ কোলাত আকৌ ১মহীয়া কেচুৱা…চৰকাৰৰ পদক্ষেপে নমাই আনিছে নেকি বহুতৰে জীৱনলৈ অমানিশা

কোনো যদি ৭ মহীয়া অন্তসত্বা, কাৰোবাৰ কোলাত আকৌ ১মহীয়া কেচুৱা...চৰকাৰৰ পদক্ষেপে নমাই আনিছে নেকি বহুতৰে জীৱনলৈ অমানিশা

অব্যাহত বাল্যবিবাহ বিৰোধী অভিযান! পিতৃ-মাতৃক গ্ৰেপ্তাৰ কৰাৰ আশংকাতেই চৰম সিদ্ধান্ত এগৰাকী বোৱাৰীৰ…

অব্যাহত বাল্যবিবাহ বিৰোধী অভিযান! পিতৃ-মাতৃক গ্ৰেপ্তাৰ কৰাৰ আশংকাতেই চৰম সিদ্ধান্ত এগৰাকী বোৱাৰীৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.