অসম লাইভ২৪ঃ চৰকাৰে পুনৰ জাৰি কৰিলে নতুন ট্ৰেফিক যান-বাহন নিয়ম! এতিয়াৰ পৰা আৰক্ষীয়ে ৰখাব নোৱাৰিব ব্যক্তিগত কোনো বাহন। যান-বাহন আৰক্ষীয়ে অপ্ৰয়োজনীয়ভাৱে ৰখাই কাকো হাৰাশাস্তি কৰিব নোৱাৰিব৷ কোনো কাৰণ নোহোৱাকৈ ব্যক্তিগত বাহন পৰীক্ষা কৰিবলৈ দিয়া নহ’ব।
ইয়াৰ পূৰ্বে আৰক্ষীয়ে যান-বাহন বন্ধ কৰি বাহনসমূহ পৰীক্ষা কৰিছিল৷ যাৰ ফলত যানজঁটৰ সমস্যাৰ সৃষ্টি হৈছিল৷ এই নিয়ম প্ৰযোজ্য হৈছে মহাৰাষ্ট্ৰত৷ মুম্বাই আৰক্ষী আয়ুক্ত হেমন্ত নাগ্ৰালেইও নিৰ্দেশ দিছিল যে কেৱল নথি-পত্ৰ পৰীক্ষাৰ বাবে যান-বাহন আৰক্ষীয়ে বাহনসমূহ ৰখাব নোৱাৰিব। উপায়ুক্তগৰাকীয়ে কয় যে, যান-বাহন আৰক্ষীয়ে যান-বাহনখন ৰখাই যান-বাহন পৰীক্ষা কৰাৰ বাবে যান-জঁটৰ সৃষ্টি হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ