অসম লাইভ২৪ঃ ফ্লাইটত উঠি মাতলামি কৰাৰ ঘটনা প্ৰায়েই সংবাদ মাধ্যমত প্ৰকাশিত হয়। বহু যাত্ৰীয়েই হয়তো এই ঘটনাৰ সাক্ষীও হৈছে। এই ধৰণৰ
যাত্ৰীক সামৰি ৰাখিবৰ বাবে ফ্লাইটৰ ক্ৰু সদস্য, এয়াৰহোষ্টেজ কিংবা সহযাত্ৰীসকলৰ বাবে অস্বস্তিকৰ হৈ পৰিছে। বিগত বৰ্ষত এয়াৰ ইণ্ডিয়াৰ দুখন ফ্লাইটত নিচাগ্ৰস্ত অৱস্থাত থকা যাত্ৰীক সম্ভালিবলৈ গৈ বিপদত পৰিছিল ক্ৰু কৰ্মীও। নিচাগ্ৰস্ত যাত্ৰীৰ বাবে এয়াৰ ইণ্ডিয়াই তৈয়াৰ কৰিছে বিশেষ কিছু নিয়ম।
নিছাগ্ৰস্ত যাত্ৰীৰ বোৰ্ডিঙত নিষেধাজ্ঞা
বোৰ্ডিঙৰ সময়ত যিসকল যাত্ৰীয়ে মদ্যপান কৰে তেওঁলোকৰ বাবে এয়াৰলাইন্সে তৈয়াৰ কৰিছে বিশেষ কিছু নিয়ম। নিছাগ্ৰস্ত হ’লে যাত্ৰীক বিমানত উঠিবলৈ দিয়া নহ’ব। এয়াৰ ইণ্ডিয়াৰ নীতি অনুসৰি কোনো বিমান কৰ্মীয়ে কোনো বিমান যাত্ৰীক নিছাগ্ৰস্ত অৱস্থাত পালে তেওঁক স্কেন কৰিব লাগিব। বোৰ্ডিঙৰ সময়ত এই ধৰণৰ লোকসকলক চিহ্নিত কৰাৰ পাছত পাইলটকো সেই বিষয়ে অৱগত কৰিব লাগিব। নিছাগ্ৰস্ত কোনো যাত্ৰীয়ে গালিগালাজ, হুমকি, ভয় দেখুওৱা, অশালীন আচৰণ কৰা আদি দেখিলেই কেবিন ছুপাৰভাইজাৰক সেই সম্পৰ্কে জনাব লাগিব।
মাতাল যাত্ৰীক কেনেকৈ চিনিব?
যদি যাত্ৰীসকলৰ খোজ থৰক-বৰক হয়।
অৰ্থহীন তৰ্কত লিপ্ত হোৱা।
অস্বাভাৱিকভাৱে হঁহা বা বেছিকৈ কথা কোৱা।
অত্যাধিক বন্ধুত্বপূৰ্ণ আচৰণ দেখুওৱা।
ইপিনে বিমানকৰ্মী সকলেও কিয় মদ্যপান কৰিব নালাগে সেই সম্পৰ্কে বিমান যাত্ৰীক বুজাই দিব লাগিব বুলি এয়াৰ ইণ্ডিয়াৰ গাইডলাইনত উল্লেখ কৰিছে সংস্থাটোৱে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ