অসম লাইভ২৪ঃ ভয়াৱহ অগ্নিকাণ্ডত জাহ গ’ল যোৰহাটৰ চ’ক বজাৰ। বহু প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে অগ্নি নিৰ্বাপক বাহিনীয়ে। কেৱল এয়াই নহয় দুমাহ পূৰ্বেও যোৰহাটতেই সংঘটিত হৈছিল ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অগ্নিকাণ্ডৰ হোৱাৰ খবৰ প্ৰায়েই আহে। অগ্নিকাণ্ডৰ প্ৰাৰম্ভিক কালত অৰ্থাৎ অগ্নিনিৰ্বাপক বাহিনী আহি পোৱাৰ পূৰ্বে কি কৰিব লাগে?
কোনো ঠাইত জুই লাগিলে পোনতে ধোঁৱা ওলায়। ধোঁৱা সদায়ে ঊর্ধ্বমুখী। তেনে ঠাই যদি কোনো ঘৰৰ কোঠা হয় তেন্তে তাৰ ভিতৰৰ পৰা ওলাই আহিবলৈ নাইবা আক্ৰান্ত লোকক ওলিয়াই আনিবলৈ নাক-মুখত তিতা কাপোৰ দি পেটেৰে চুঁচৰি সোমাব বা ওলাব লাগে।
পিন্ধা কাপোৰত জুই লাগিলে কি কৰিব?
কাপোৰত জুই লাগি উমি উমি জ্বলিলে জুই লগা কাপোৰখন মোহাৰি দিলে জুই নুমায়। জুইৰ শিখাও ধোঁৱাৰ দৰেই সদায়ে ঊর্ধগামী হয়। সন্মুখৰ ফালৰ কাপোৰত জুই লাগি শিখা ওলালে চিত্ হৈ আৰু পিছফালে কাপোৰত জুই লাগিলে উবুৰি হৈ শুব লাগে। তেনে কৰিলে জুইৰ শিখাই মুখমণ্ডল পুৰিব নোৱাৰে। লগে লগে আক্ৰান্ত ব্যক্তিয়ে চিঞৰি আনৰ পৰা সহায় বিচাৰিব লাগে।
জুই লগা বা জুই লাগি আক্ৰান্ত হোৱা ব্যক্তিক সহায় কৰিবলৈ যাওঁতে সহায়কাৰীয়ে নিজৰ পিন্ধনৰ কাপোৰ-কানি যথা সম্ভৱ চপাই আটিলকৈ বান্ধি লৈ হাতৰ মুঠিত পোৱা কম্বল, কোট, থৈলা, দলিচা আদিৰে আক্ৰান্ত ব্যক্তিক মেৰিয়াই ধৰিলে জুই নুমাই যায়।
জুইয়ে পুৰিলে কি কৰিব?
আক্ৰান্ত ব্যক্তিৰ গাৰ কাপোৰৰ জুই নুমুৱাই লৈ জুয়ে পোৰা স্থান আৰু গাৰ পৰা কাপোৰ গুচাই দিব লাগে। পোৰা ঘাত কাপোৰ লাগি থাকিলে টানি আজুৰি নুগুচাই কেঁচিৰে আক্ৰান্ত ঠাইৰ কেউকাষে কাটি দিব লাগে। গাত লাগি থকা কাপোৰৰ অংশত অলিভ অইল নাইবা নাৰিকল তেলেৰে তিঁয়াই দিব লাগে। ভৰিত জোতা পিন্ধি থাকিলে খুলি দিব লাগে আৰু খুলিব নোৱাৰিলে চিলাই কাটি উলিয়াই দিব লাগে।
জুই লাগি শৰীৰৰ পুৰি যোৱা অংশ ততালিকে পৰিস্কাৰ কাপোৰেৰে ঢাকি দিব লাগে। ৫০০ মিঃ মিঃ কুহুমীয়া পানীত দুচামুচ বেকিং চডা মিহলাই লৈ ক্ষতস্থান সাধাৰণভাৱে ধুই দিব লাগে। তাৰ পিছত এডোখৰ লিণ্ট বা পৰিষ্কাৰ কাপোৰ ভেচলিন নাইবা সমপৰিমাণৰ চূণৰ পানী আৰু অলিভ নাইবা নাৰিকল তেলৰ মিশ্ৰণত তিয়াই ক্ষতস্থান ঢাকি দিব লাগে।
লিণ্টৰ ওপৰত বাকলি গুচোৱা কেঁচা আলু মিহিকৈ লৈ লেপ দিব লাগে। নাইবা চডা পানীত লিণ্ট বা কাপোৰ তিয়াই ক্ষতস্থান ঢাকি দিলেও যন্ত্ৰণাৰ পৰা উপশম পোৱা যায়।জুয়ে পোৰা ঘাত আটা বা ময়দা ছটিয়াই দি পৰিস্কাৰ কাপোৰেৰে ঢাকি পিছত নাৰিকল বা অলিভ তেলত তিয়াই দিলে পোৰণি কম হয়। কিন্তু আক্ৰান্ত ব্যক্তিক শুশ্ৰূষা কৰিবলৈ একো নাপালে পৰিস্কাৰ গছ কাপোৰ আৰু কপাহেৰে আলফুলকৈ পটি বান্ধি দিয়া উচিত।
আক্ৰান্ত ব্যক্তিৰ মুখমণ্ডল পুৰিলে চকু, মুখ আৰু নাকৰ বিন্ধা খোলা ৰাখি ওপৰত উল্লেখ কৰা ধৰণে লিণ্ট লগাব লাগে। ক্ষতস্থানত হোৱা বিষ উপশম কৰিবলৈ আক্ৰান্ত ব্যক্তিক এছপিৰিণ আৰু নিমখ মিহলোৱা পানী খোৱাব লাগে। ৰোগীক বিচনাত শোৱাই থৈ কম্বল নাইবা ডাঠ কাপোৰেৰে ঢাকি দিব লাগে। এই ক্ষেত্ৰত আক্ৰান্ত ব্যক্তিৰ বিচনাৰ ভৰিৰ ফাল ১/২-১ ফুটমান ওপৰলৈ তুলি দিব লাগে।
জুয়ে পোৰা কাৰণে ছাল ৰঙা পৰি ভকভকাই থাকিলে ছাঁল-কুঁৱৰী নাইবা বাকলি গুচোৱা কেঁচা আলু বটি লাহে লাহে লেপ দিব লাগে। নাইবা নাৰিকল তেলৰ সৈতে চূণৰ পানী বা মৌজোল মিহলাই ক্ষতস্থানত ঘনাই লগাব লাগে। ক্ষত বেছি হ’লে সোনকালে চিকিত্সকৰ ওচৰলৈ নি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ