অসম লাইভ২৪ঃ সাংস্কৃতিক পথাৰৰ পৰা ৰাজনীতিৰ পথাৰলৈ অভিনেত্ৰী জুপিতৰা ভূঞা৷
মমতা বেনাৰ্জীৰ পাৰ্টীলৈ অভিনেত্ৰী জুপিতৰা ভূঞা।
আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ পাছতে অভিনেত্ৰীগৰাকীক লৈ ৰাজনৈতিক মহলত আৰম্ভ হৈছে চৰ্চা।
শুকুৰবাৰে গুৱাহাটীস্থিত তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ত দলটোত যোগদান কৰি জুপিতৰা ভূঞাই৷
তৃণমূল কংগ্ৰেছত যোগদান কৰিয়েই জুপিতৰা ভূঞাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য দাঙি ধৰিছে৷
দলে দিয়া সকলো দায়িত্ব নিষ্ঠাসহকাৰে পালন কৰি যোৱাৰ কথা প্ৰকাশ কৰিছে অভিনেত্ৰী জুপিতৰাই।
ৰাইজৰ সমস্যাৰ সন্দৰ্ভত আগন্তুক সময়ত সজাগ হৈ থাকিব বুলিও যোগদানৰ পাছতেই প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে৷
সংবাদমাধ্যমকো ৰাজনীতি অভিনয় একাকাৰ নকৰিবলৈ আহ্বান অভিনেত্ৰী জুপিতৰাৰ৷
ৰাজনীতিত ভৰি থলেও মই অভিনয় কেতিয়াও নেৰো বুলিও মন্তব্যত প্ৰকাশ জুপিতৰা ভূঞাৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ