অসম লাইভ২৪ঃ তীব্ৰ গৰমত অসুস্থ হৈ মৃত্যু হৈছে ৮ গৰাকী লোকৰ। চৰকাৰী অনুষ্ঠানত সংঘটিত হৈছে এই ঘটনা। মহাৰাষ্ট্ৰত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। ‘মহাৰাষ্ট্ৰ ভূষণ পুৰস্কাৰ’ প্ৰদান অনুষ্ঠানত বহু লোক সমবেত হৈছিল। অনুষ্ঠানত উপস্থিত আছিল কেন্দ্ৰীয় স্বৰাজমন্ত্ৰী অমিত শ্বাহো। মুকলি আকাশৰ তলত উপস্থিত হৈ অনুষ্ঠান চাইছিল দৰ্শকসকলে। প্ৰচণ্ড ৰ’দৰ বাবে অসুস্থ হৈ পৰে কেইবাগৰাকীও লোক। হিট ষ্ট্ৰোকত আক্ৰান্ত হৈ যুৱককেইজনে মৃত্যুক সাবটি লোৱা বুলি জনাইছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধেই।
দেওবাৰে দুপৰীয়া ১১ টাত আৰম্ভ হোৱা অনুষ্ঠান শেষ হৈছিল দুপৰীয়া ১ বজাত। দেওবাৰে মহাৰাষ্ট্ৰৰ সেই এলেকাটোত তাপমাত্ৰা আছিল প্ৰায় ৩৮ ডিগ্ৰী চেলছিয়াছ। তীব্ৰ গৰম সহ্য কৰিব নোৱাৰিয়েই অনুষ্ঠানৰ মাজতেই অসুস্থ হৈ পৰিছিল প্ৰায় ৫০জনকৈ লোক। অসুস্থ আটাইকেইগৰাকীকেই ভৰ্তী কৰোৱা হৈছিল চিকিৎসালয়ত। ইতিমধ্যে হাস্পতালতেই ৮গৰাকীয়ে সাবটি লৈছে মৃত্যুক। ইয়াৰ বিপৰীতে ২৪ জন বৰ্তমানো ভৰ্তী হৈ আছে চিকিৎসালয়ত। চিকিৎসকে জনোৱা অনুসৰি এয়া হিট ষ্ট্ৰোক। মৃত ৮গৰাকীৰ পৰিয়াললৈ চৰকাৰে ৫ লাখ টকাকৈ সাহায্য ঘোষণা কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ