অসম লাইভ২৪ঃ কাৰাগাৰতেই থাকিব লাগিব শৃংখল চলিহা। বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাক কালি আটক কৰাৰ পাছত পুনৰ জামিন পাইছিল যদিও আজি পুনৰ গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। শিৱসাগৰ জিলা কাৰাগাৰৰ পৰা ওলাবলৈ লোৱাৰ সময়তেই পুনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শৃংখল চলিহাক। জিলা দণ্ডাধীশৰ নিৰ্দেশত নেশ্ব্যনেল ছিকিউৰিটি এক্টৰ অধীনত (National security act) পুনৰ গ্ৰেপ্তাৰ কৰা হয় শৃংখল চলিহাক।
ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত কিয় গ্ৰেপ্তাৰ হ’ল শৃংখল চলিহা?
নেশ্ব্যনেল ছিকিউৰিটি এক্ট অৰ্থাৎ ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে শৃংখল চলিহাক। ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত, যদি এজন ব্যক্তিয়ে দেশৰ ভাবুকিস্বৰূপ হৈ পৰে তেন্তে তেওঁক এই আইনৰ অধীনত আটক কৰিব পাৰি। দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত চৰকাৰক অধিক ক্ষমতা দিয়াৰ লক্ষ্যৰে ১৯৮০ চনত ৰাষ্ট্ৰীয় নিৰাপত্তা আইন অনা হৈছিল। যদি কোনো ব্যক্তিয়ে ৰাজহুৱা শৃংখলা ব্যাহত কৰে তেন্তে সেই ব্যক্তিজনক এই আইনৰ অধীনত আটক কৰিব পাৰি। ইয়াৰোপৰি যদি এজন ব্যক্তিয়ে আন দেশৰ সৈতে ভাৰতৰ সম্পৰ্কৰ প্ৰতি ভাবুকি সৃষ্টি কৰে, তেন্তে তেওঁকো এই আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিব পাৰি। এই আইনৰ দ্বাৰা সন্দেহযুক্ত বিদেশীক জামিনবিহীন ধাৰাত কাৰাগাৰলৈ প্ৰেৰণ কৰাৰো অধিকাৰ প্ৰদান কৰে। National security actৰ অধীনত দোষী সাব্যস্ত হোৱা ব্যক্তিক ১২ মাহলৈ জামিনবিহীনভাৱে কাৰাগাৰত ৰাখিব পাৰি। এই সময়ছোৱাত, বন্দীজনৰ বিৰুদ্ধে কোনো মোকৰ্দমা কৰা নহয়। কিন্তু ইয়াৰ মাজতে উচ্চ ন্যায়ালয়ৰ ওচৰত আপীল কৰিব পাৰিব যদিও বিচাৰৰ বাবে কোনো অধিবক্তা নিয়োগ কৰিব নোৱাৰিব।
National security act কোনে পাছ কৰাইছিল?
ইন্দিৰা গান্ধীৰ চৰকাৰে ১৯৮০ চনৰ ২৩ ছেপ্টেম্বৰত সংসদত ৰাষ্ট্ৰীয় নিৰাপত্তা আইন আনিছিল। ১৮১৮ চনত ব্ৰিটিছে বেংগল ৰেগুলেশ্যন ৩ আইন প্ৰণয়ন কৰিছিল। এই আইনৰ অধীনত ব্ৰিটিছে কোনো লোকে তেওঁলোকৰ কাৰ্যৰ বিৰুদ্ধাচৰণ কৰিলেই গ্ৰেপ্তাৰ কৰিছিল। তাৰপিছত ১৯১৯ চনত ৰ’লাট আইনে ব্ৰিটিছ চৰকাৰক বিচাৰ নোহোৱাকৈ গ্ৰেপ্তাৰ কৰাৰো অধিকাৰ প্ৰদান কৰিছিল।
উল্লেখ্য যে খালিস্তানী নেতা অমৃতপাল সিঙকো কিছুদিন পূৰ্বে National security actৰ অধীনত গ্ৰেপ্তাৰ কৰি অসমলৈ লৈ অনা হৈছে। শেহতীয়াভাৱে আজিৰ দিনটোত শৃংখল চলিহাকো এই একেই আইনৰ অধীনত গ্ৰেপ্তাৰ কৰাৰ পাছতেই একাংশ সচেতন লোকে প্ৰশ্নও কৰিছে যে, এই আইন কি কাৰণত শৃংখল চলিহাৰ ওপৰত লাঘু কৰা হ’ল?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















