অসম লাইভ২৪ঃ চিদ্দাৰামাইয়া নে ডি কে শিৱকুমাৰ? কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত কোন বহিব? এই বিষয়টোক লৈ কালিৰে পৰাই অব্যাহত আছে চৰ্চা। জয়ৰ পাছতো চিন্তা কমা নাই কংগ্ৰেছ দলৰ। চিদ্দাৰামাইয়া আৰু ডি কে শিৱকুমাৰ দুয়োৰে অনুৰাগীয়েই বিচাৰিছে নিজৰ প্ৰিয় নেতাজন মুখ্যমন্ত্ৰী হওক। কিন্তু সকলোবোৰ নিৰ্ভৰ কৰিছে হাইকমাণ্ডৰ ওপৰত। মুখ্যমন্ত্ৰীৰ দৌৰত চামিল হোৱা কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিবকুমাৰ আৰু চিদ্দাৰামাইয়া দুজনেই যথেষ্ট শক্তিশালী নেতা। দুয়োৰে সম্পত্তিৰ পৰিমানো কম নহয়। ঘৰ, বেংক বেলেন্স, গাড়ী মিলি কোটি কোটি টকাৰ সম্পত্তিৰ অধিকাৰী দুই কংগ্ৰেছ নেতাই।
চিদ্দাৰামাইয়া বনাম ডি কে শিৱকুমাৰ!
কৰ্ণাটকত মুখ্যমন্ত্ৰীৰ দৌৰত চামিল হোৱা ডি কে শিৱকুমাৰৰ সম্পত্তিৰ পাহাৰে চকু কঁপালত তুলিব। অগাধ মাটিৰ মালিক ডি কে শিৱকুমাৰ। নিৰ্বাচন কমিছনত তেওঁ জমা দিয়া ব্যক্তিগত তথ্যত উল্লেখ থকা মতে ২০২২ চনত ৩১ মাৰ্চ পৰ্যন্ত তেওঁৰ আয় আছিল ১৪ কোটি ২৪ লাখ ১ হাজাৰ ৮০০ টকা। পত্নী উষাৰ আয় আছিল ১ লাখ ৯০ হাজাৰ। বৰ্তমান শিৱকুমাৰৰ হাতত নগদ টকা আছে ৪ লাখ ৮৫ হাজাৰ ৮৪৩ টকা। পত্নীৰ হাতত থকা নগদ ধনৰ পৰিমান হৈছে ৯ লাখ ২৮ হাজাৰ ৩৫১ টকা। নিৰ্বাচন কমিছনক জমা দিয়া তথ্য অনুসৰি ডি কে শিৱকুমাৰৰ বেংক একাউণ্টসমূহত থকা মুঠ ধনৰ পৰিমান হৈছে ১৪ কোটি ৬৭ লাখ ৭৩ হাজাৰ ২৮ টকা। তেওঁৰ পত্নীৰ একাউণ্টত আছিল ২ কোটি ৪৪ লাখ ৯৩ হাজাৰ টকা। ৮ লাখ ৩৫ হাজাৰ টকাৰ এখন টয়টা কোয়াচিছ গাড়ীও আছে শিৱকুমাৰৰ নামত। ইয়াৰোপৰি সোণৰ পৰিমান হৈছে ২ কোটি ৮০ লাখ ৭০ হাজাৰ ৫১০ টকা।
সম্পত্তিৰ পৰিমানেৰে কিছু পৰিমানে পিছুৱাই আছে ছিদ্দাৰামাইয়া। পিছুৱাই থাকিলেও কোটিতেই আছে তেওঁৰো সম্পত্তি। ৩১ মাৰ্চ ২০২২ চন পৰ্যন্ত ছিদ্দাৰামাইয়াৰ আয় আছিল ২০লাখ ৪৯ হাজাৰ ৪৮০ টকা। তেওঁৰ পত্নীৰ মুঠ আয় আছিল ১ কোটি ৮ লাখ ৮৩ হাজাৰ ৪৫০ টকা। নিৰ্বাচন কমিছনত জমা দিয়া তথ্যমতে চিদ্দাৰামাইয়াৰ হাতত আছে নগদ ২১ লাখ ৮৬ হাজাৰ ৪৫৬টকা। পেছাত ব্যৱসায়ী তথা এটা ডায়গনষ্টিক চেণ্টাৰৰ ডায়ৰেক্টৰ তেওঁৰ পত্নীৰ হাতত থকা নগদ ধনৰ পৰিমান হৈছে ৬ কোটি ৯২ লাখ ২২ হাজাৰ ৭৫৩ টকা। দম্পতিৰ হাতত থকা সোণৰ পৰিমানো যথেষ্ট। চিদ্দাৰামাইয়াৰ হাতত আছে প্ৰায় ২২ লাখ ২৬ হাজাৰ টকাৰ সোণ। আৰু তেওঁৰ পত্নীৰ নামত আছে ৩৫ লাখ ২৩ হাজাৰ ৫৫০ টকাৰ সোণ। ঘৰ নাথাকিলেও তেওঁৰ আছে কমাৰ্ছিয়েল আৰু ৰেছিডেন্সিয়েল এপাৰ্টমেণ্ট। যাৰ দাম প্ৰায় ৯ কোটি ৪৩ লাখ ৭২ হাজাৰ টকা। বৰ্তমান চিদ্দাৰামাইয়াৰ মুঠ সম্পত্তিৰ পৰিমান হৈছে ৩৫ কোটি ৫১ লাখ ৫৫ হাজাৰ ৯১৫ টকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















