অসম লাইভ২৪ঃ সনাতন ধৰ্মক একেবাৰে নিৰ্মূল কৰাৰ পক্ষত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ পুত্ৰ উদয়নিধি ষ্টেলিন৷ তেওঁৰ মতে সনাতন ধৰ্ম ডেংগু, মেলেৰিয়াৰ দৰে৷ এইসমূহ সমাজৰ পৰা একেবাৰেই নিৰ্মূল কৰিব লাগে৷ তেওঁৰ যুক্তি যে, জাতি আৰু লিংগৰ ভিত্তিত এই ধৰ্মই মানুহক বিভক্ত কৰে৷ এয়া সামাজিক ন্যায় বিচাৰৰ বিৰোধী৷ উদয়নিধি ষ্টেলিনৰ এই মন্তব্যৰ পাছতেই দেশজুৰি সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ৷ উল্লেখ্য যে বিজেপি বিৰোধী জোঁট I.N.D.I.Aৰ সৈতে একলগ হৈছে ষ্টেলিনৰ দল DMK.
উদয়নিধিয়ে তেওঁৰ মন্তব্যৰ স্পষ্টীকৰণো ইতিমধ্যে দিছে৷ তেওঁ কয়, ‘সনাতন ধৰ্মত বিশ্বাসীসকলক লৈ মোৰ কোনো অসুবিধা নাই৷ কিন্তু এই ধৰ্মৰ দোহাই দি জাতি আৰু ধৰ্মৰ মাজত বিভেদ সৃষ্টি কৰাসকলক লৈ মোৰ অসুবিধা আছে৷ নিপীড়িত আৰু প্ৰান্তীয়সকলৰ হৈ মই সদায়ে মাত মাতি আহিছো৷ মাত মাতি যাম৷ এই প্ৰান্তীয় লোকসকলক ধৰ্মৰ দোহাই দি শোষণ কৰা হৈছে৷ মই তেওঁলোকক কৰা এই শোষণ দেখিছো৷ মই যি কওঁ দৃঢ়তাৰে কও৷ অম্বেগকাৰেও এই দেশক ধৰ্মনিৰপেক্ষ দেশ বুলি সংবিধানত লিখি গৈছে৷’ ইয়াৰোপৰি উদয়নিধিৰ দাবী যে, দেশত সনাতন ধৰ্মৰ দোহাই দি বহুতেই বহু বেয়া কাম কৰি আছে৷
উদয়নিধিয়ে এই মন্তব্য কৰাক লৈ BJPনেতা অমিত মালব্যই সমালোচনা কৰি টুইটত লিখিছে, ‘ৰাহুল গান্ধীয়ে নিজেই প্ৰেমৰ দোকান খোলাৰ কথা কৈছে৷ আৰু কংগ্ৰেছৰ সৈতে মিলিত হোৱা দল DMKই সনাতন ধৰ্মক উপেক্ষা কৰিছে৷ কংগ্ৰেছৰ এই নিৰবতাই তেওঁক সমৰ্থন কৰাটোহে বুজাইছে৷ INDIA জোঁটক সুযোগ দিলে তেওঁলোকে ভাৰতৰ লক্ষ বছৰীয়া সভ্যতা আৰু ঐতিহ্যক ধ্বংস কৰি পেলাব৷’
বিজেপি দলে উদয়ানিধিক সমালোচনা কৰি থকাৰ সময়তেই তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ পুত্ৰৰ কাষত থিয় দিছে কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়ংকা খৰ্গে৷ মন্ত্ৰী প্ৰিয়ংকা খৰ্গেৰ মতেও, হিন্দু ধৰ্ম এতিয়া সেই অৱস্থাত নাই৷ এই ধৰ্মইয়ো জনতাক সমান অধিকাৰৰ পৰা বঞ্চিত কৰিবলৈ ধৰিছে৷ এই ধৰ্ম সঁচাকৈয়ে এতিয়া ৰোগলৈ ৰূপান্তৰ হৈছে৷ উল্লেখ্য যে শনিবাৰে, ‘সনাতন এবলিশ্বন কনফাৰেন্স’ নামৰ এটা অনুষ্ঠানত যোগ দি এই মন্তব্য কৰিছিল উদয়নিধিয়ে৷
বিজেপিৰ আইটি ছেলৰ সমূহ কৰ্মকৰ্তাই বিষয়টোক লৈ আৰম্ভ কৰিছে প্ৰচাৰ৷ তেওঁলোকে প্ৰচাৰ অভিযানত কেইটামান বিশেষ পয়েণ্ট আনি উদয়নিধিক আক্ৰমণ কৰিছে৷ তেওঁলোকৰ মতে সনাতন ধৰ্মত বিশ্বাসী দেশৰ ৮০ শতাংশ লোকক তেওঁলোকে গণহত্যাৰ মুখলৈ ঠেলি দিব বিচাৰিছে৷ বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদেও বিষয়টোক লৈ কয় যে, সংখ্যালঘু ভোটাৰৰ পৰা ভোট লাভৰ আশাতেই এই মন্তব্য কৰিছে উদয়নিধিয়ে৷ এই বিষয়টোক লৈ ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ অন্যান্য জেষ্ঠ নেতাই কিয় কোনোধৰণৰ মন্তব্য কৰা নাই তাক লৈয়ো উত্থাপন কৰিছে প্ৰশ্ন৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ