অসম লাইভ২৪ঃ ভাৰত বিৰোধী শক্তি এতিয়া তুংগত উঠিছে কানাডাত৷ কানাডা প্ৰশাসনেও এই শক্তিক পূৰ্ণ সমৰ্থন জনাইছে বুলি উত্থাপিত হৈছে অভিযোগ৷ এজন খালিস্তান পন্থী নেতাৰ মৃত্যুক কেন্দ্ৰ কৰি ভাৰতক লক্ষ্য কৰি আঙুলি টোৱাইছে কানাডাৰ প্রধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে৷ ভাৰতৰ এজন দূতবাস কৰ্মীকো কানাডাই বহিষ্কাৰ কৰিছে৷ ভাৰতক প্ৰত্যাহ্বান জনাইছে এইবাৰ কানাডাই৷
কৰ পৰা আৰম্ভ হৈছিল এই বিবাদ? কানাডাত কালসৰ্প পুহি ৰাখিছে নেকি ট্ৰুডো চৰকাৰে? ভাৰতৰ সৈতে সংঘাত বঢ়াই নিজৰ বাবেই বিপদ বঢ়াইছে নেকি কানাডাই? এটা হত্যাকাণ্ডৰ পাছতেই দুই দেশৰ মাজত বিবাদ৷ হৰদ্বীপ সিঙৰ মৃত্যুক লৈ আৰম্ভ হৈছিল বিবাদ৷ হৰদ্বীপ সিং নিজ্জৰ খালিস্তান পন্থী সংগঠনৰ সদস্য৷ অভিযোগ মতে কানাডাত বহি ভাৰতত খালিস্তানী আক্ৰমণ চলোৱাৰ পৰিকল্পনা কৰিছিল হৰদ্বীপ সিঙে৷
কুখ্যত লৰেন্স বিষ্ণুৰ গেঙক আৰ্থিক সাহায্য প্ৰদান কৰি আহিছিল হৰদ্বীপ সিঙে বুলি অভিযোগ আছিল মৃত হৰদ্বীপ সিঙৰ বিৰুদ্ধে ৷ ২০২০চনত হৰদ্বীপ সিঙ নিজ্জৰক নিষিদ্ধ ঘোষণা কৰিছিল ভাৰতে৷ হৰদ্বীপ সিঙৰ মূৰৰ দাম ১০ লাখ বুলি ঘোষণা কৰিছিল NIAয়ে৷ সেই হৰদ্বীপ সিং নিজ্জৰক শেহতীয়াকৈ মৃত ঘোষণা কৰা হৈছে৷ হৰদ্বীপৰ মৃত্যুত ভাৰতৰ হাত আছে বুলি সংসদৰ বিশেষ অধিবেশনত মন্তব্য কৰিছিল কানাডাৰ প্রধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে৷ হৰদ্বীপৰ মৃত্যুক লৈ কানাডাৰ প্ৰধানমন্ত্ৰীয়ে কানাডাত থকা জ্যেষ্ঠ কুটনীতিবিদক বিদায় দিয়ে৷ কানাডাৰ প্ৰধানমন্ত্ৰীৰ এই কাৰ্যকলাপৰ প্ৰত্তুত্ত্যৰ ভাৰতেও দিছে৷ ভাৰতে প্ৰত্তুত্তৰত ভাৰতত থকা এজন জ্যেষ্ঠ কুটনীতিবিদক বহিষ্কাৰ কৰিছে৷
৫ দিনৰ ভিতৰত ভাৰত এৰিবলৈ নিৰ্দেশ দিয়া হৈছে কানাডাৰ কুটনীতিবিদগৰাকীক৷ তেওঁৰ বিৰুদ্ধে ভাৰত বিদেশ মন্ত্ৰণালয়ে অনা অভিযোগ অনুসৰি ভাৰতৰ আভ্যন্তৰীণ বিষয়ত তেওঁ হস্তক্ষেপ কৰি আহিছে৷ ইয়াৰোপৰি ভাৰত বিৰোধী কামতো তেওঁ জড়িত হৈ আছে৷ ইয়াৰোপৰি ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে দিয়া বিবৃত্তিত উল্লেখ থকামতে, ‘কানাডাৰ হিংসাত্মক ঘটনাত ভাৰত চৰকাৰ জড়িত বুলি কানাডা চৰকাৰে অনা অভিযোগ সম্পূৰ্ণ ভুৱা৷ এয়া উদ্দেশ্য প্ৰণোদিত এক ভুৱা প্ৰচাৰ৷ খালিস্তান পন্থীক আশ্ৰয় দিয়াৰ কথাবোৰ তল পেলাবলৈকে কানাডা চৰকাৰে এই ধৰণৰ অপপ্ৰচাৰ চলাইছে৷ কানাডাই স্থান দিয়া খালিস্তানীসকল ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি৷ কানাডাই কিয় এইসকলক সংৰক্ষণ দি আছে সেই বিষয়টোহে উদ্বেগজনক৷’
উত্তৰ-প্ৰত্তুত্ত্যৰ দেখি দুই দেশৰ কুটনীতিবিদে প্ৰকাশ কৰিছে যে, এই সংঘাত আৰু বৃদ্ধি পাব৷ কাৰণ এতিয়াও পানী ঘোলা কৰা কাম কৰিয়েই আছে কানাডাই৷ এই ঘটনাৰ পাছতেই কানাডাৰ সৈতে থকা বাণিজ্যিক চুক্তি বাতিল কৰিছে ভাৰতে৷ ইফালে এদিন ভাৰতৰ প্রধানমন্ত্ৰী মোদীক কানাডাৰ প্ৰধানমন্ত্ৰীয়ে ঠাট্টাসূচকভাৱে এটা কথা পূৰ্বেই সকীয়াইয়ো দিছিল৷ জাষ্টিন ট্ৰুডোৱে প্রধানমন্ত্ৰী মোদীক ধেমালীৰ চলেৰে কৈছিল, ‘আপোনাৰ মন্ত্ৰীসভাত যিমান শিখ মন্ত্ৰী আছে তাতকৈ হাজাৰগুণে বেছি শিখ মোৰ লগত আছে৷ মোৰ মন্ত্ৰীসভাত আপোনাৰ ইয়াত থকাতকৈ বেছি শিখ মন্ত্ৰী আছে৷’
কানাডাৰ পৰাই স্বাধীন খালিস্তান জন্ম দিয়াৰ পৰিকল্পনা চলাইছে একাংশ খালিস্তান পন্থী নেতাই বুলি বহুতেই অভিযোগো আনিছে৷ কাৰণ পঞ্জাৱৰ বাহিৰে কানাডাতেই সৰ্বাধিক শিখ সম্প্ৰদায়ৰ ব্যক্তিয়ে বাস কৰে৷ প্ৰায় ১৮ লাখ শিখ সম্প্ৰদায়ৰ মানুহ আছে কানাডাত৷ এই সংখ্যাৰেই বৃহৎ এক অংশই স্বাধীন খালিস্তানৰ সমৰ্থক৷ জাষ্টিন ট্ৰুডো প্ৰধানমন্ত্ৰী হোৱাৰ পাছতেই এইসকলৰ উত্থান হৈছে কানাডাত৷ শেহতীয়াকৈ সংঘটিত ঘটনাত খালিস্তানপন্থী সকলৰ বিৰুদ্ধে কানাডাতেই গৰজি উঠিছে একাংশ প্ৰৱাসী ভাৰতীয়ও৷ খালিস্তান টাইগাৰ্ছ ফৰ্ছৰ বিৰুদ্ধে গৰজি উঠিছে তাত থকা প্ৰৱাসী ভাৰতীয়ই৷
উল্লেখ্য যে জি-২০ বৈঠকৰ শেষৰ দিনটোত ভাৰতৰ প্রধানমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হৈছিল কানাডাৰ প্রধানমন্ত্ৰী৷ সেই বৈঠকতেই মোদীয়ে খালিস্তানপন্থীসকলক সহায় কৰাৰ বাবে ট্ৰুডোক বিশেষভাৱে সকীয়াইয়ো দিছিল৷ কিন্তু এই সকীয়নীৰ পাছতেই দেশলৈ গৈ ভাৰতক কটাক্ষ কৰি সংসদত বক্তব্য ৰাখিছে ট্ৰুডোয়ে৷ শেহতীয়াকৈ ভাৰতৰ বৈদেশিক মন্ত্ৰীয়ে প্ৰকাশ কৰিছে যে, ভাৰত বিৰোধী কাৰ্যকলাপ বন্ধ নকৰিলে কানাডাৰ সৈতে বাণিজ্যিক চুক্তি বাতিল কৰিবলৈ বাধ্য হ’ব ভাৰতে৷ এনেকৈ মুক্ত বাণিজ্য কৰা সম্ভৱ নহয়৷ আগন্তুক অক্টোবৰৰ পৰাই বাণিজ্যিক চুক্তিসমূহ আগুৱাই নিয়াৰ কথা আছিল ভাৰত-কানাডাৰ৷ কিন্তু এই ঘটনাৰ পাছতেই দুই দেশৰ মাজত মুক্ত বাণিজ্যিক চুক্তি কেতিয়া ৰূপায়ন হ’ব সেই বিষয়টোতো অনিশ্চয়তা আহি পৰিছে৷
ঘটনাক লৈ হোৱাইট হাউছেও দিছে বিশেষ বিবৃতি৷ হোৱাইট হাউছৰ বিবৃত্তিত লিখা হৈছে, ‘কানাডা চৰকাৰে যি কাম কৰি আছে সেয়া উদ্বেগৰ বিষয়৷ আমি উদ্বিগ্ন হৈছো৷ কানাডাৰ সৈতে আমি নিয়মিত যোগাযোগ ৰাখি আহিছো৷ এই ঘটনাক লৈ বিস্তাৰিত তদন্ত হওক৷ দোষী প্ৰমাণিত হ’লে তেওঁলোকৰ বিৰুদ্ধে পন্থা ল’ব লাগিব৷ কিন্তু এনেকৈ চালে-বেৰে কোবাই ভাৰতক দোষাৰোপ কৰাটোক আমি কোনো কাৰণতে সমৰ্থন নকৰো৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ