অসম লাইভ২৪ঃ হাতত মাত্ৰ ছমাহ বাকী। লোকসভা নিৰ্বাচনলৈ ছমাহ বাকী থকাৰ সময়তে আৰম্ভ হৈছে জল্পনা। ৰাহুল গান্ধীয়ে কোনটো সমষ্টিৰ পৰা নিৰ্বাচন খেলিব? সূত্ৰৰ খবৰ অনুসৰি আসন্ন লোকসভাত কেৰালাৰ ৱাইনাড আসন ত্যাগ কৰাৰ সম্ভাৱনা আছে ৰাহুল গান্ধীয়ে। ৱাইনাড সমষ্টিৰ সলনি উত্তৰ ভাৰতৰ এখন আসনৰ পৰা নিৰ্বাচন খেলাৰ সম্ভাৱনা আছে ৰাহুল গান্ধীয়ে। কংগ্ৰেছৰ এক ভিতৰুৱ তথ্যই দাবী কৰা অনুসৰি ৰাহুল গান্ধীৰ হাতত আছে দুটা অপশ্ব্যন। কন্যাকুমাৰীৰৰ নতুবা হিন্দী বলয়। কৰ্ণাটকৰ কংগ্ৰেছ সভাপতি মুল্লাপল্লী ৰামচন্দ্ৰনে কয়, ‘ৱাইনাডৰ পৰা দ্বিতীয়বাৰৰ বাবে ৰাহুল গান্ধীয়ে নিৰ্বাচন খেলাৰ কোনো কাৰণ নাই। কন্যাকুমাৰীৰ পৰাও ৰাহুলে নিৰ্বাচন খেলিব পাৰে।কৰ্ণাটকৰ পৰা নিৰ্বাচন খেলাৰো যোগ্যতা ৰাহুল গান্ধীৰ আছে।’
দলৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালেও কৰ্ণাটকৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ বক্তব্যক সমৰ্থন জনাইছে। কন্যাকুমাৰীৰ বৰ্তমান সাংসদ হৈছে ভি বিজয় কুমাৰ ওৰফে বিজয় বসন্ত। ২০২১ ৰ নিৰ্বাচনত তেওঁ এই আসনত জয়ী হৈছে। তেওঁৰ পিতৃ এইছ বসন্তকুমাৰৰ মৃত্যুৰ পাছতেই সেই আসনত জয়ী হৈছে ভি বিজয় কুমাৰ। হিন্দী বলয়ত নিৰ্বাচন খেলিলে ৰাহুলে সংখ্যাগৰিষ্ঠতা লাভ কৰিবনে?
২০১৯ চনৰ নিৰ্বাচনত উত্তৰপ্ৰদেশৰ আমেঠিৰ পৰা স্মৃতি ইৰাণীৰ হাতত পৰাজিত হৈছিল ৰাহুল গান্ধী। পৰিয়ালকেন্দ্ৰীকভাৱে পাই অহা আসনত সেইবাৰ ৰাহুল জয়ী হ’ব নোৱাৰিলে। আমেঠিত ধৰাশায়ী হোৱা ৰাহুলে এইবাৰ আকৌ উত্তৰ ভাৰতৰ পৰা নিৰ্বাচন খেলা উচিত বুলি জনাইছে কংগ্ৰেছৰ একাংশ কৰ্মকৰ্তাই। ৰাহুলে এই সৎ সাহস কৰিলেহে তেওঁৰ নেতৃত্বত গঠিত ইণ্ডিয়া জোঁট আৰু শক্তিশালী হ’ব। এগৰাকী বৰ্ষীয়ান কংগ্ৰেছ নেতাই জনোৱা অনুসৰি, ‘ভাৰত জোড়ো যাত্ৰাৰ পাছৰে পৰা ৰাহুল গান্ধীৰ ভাৱমূৰ্তী ভাল হৈছে। হিন্দী বলয়ক এই কথা বুজাই দিয়া উপযুক্ত সময় ২৪ ৰ নিৰ্বাচন। সেয়ে এই নিৰ্বাচনত ৰাহুলে আকৌ আমেঠিৰ পৰা নিৰ্বাচন খেলাটো খুবেই দৰকাৰ।’
ৰাজনৈতিক বিশ্লেষক কে বাবুৰাজেও এই সন্দৰ্ভত কয়, ‘২৪ৰ নিৰ্বাচনত কংগ্ৰেছে ভাল ফল লাভ কৰিব। ৰাহুল গান্ধীৰ নেতৃত্ব বেছ সবল। উত্তৰ ভাৰতৰ যিকোনো এখন ৰাজ্যৰ পৰা ৰাহুলে নিৰ্বাচন খেলিলে দলটোৰ আত্মবিশ্বাস বাঢ়িব। বিশেষকৈ উত্তৰপ্ৰদেশৰ পৰাই তেওঁ নিৰ্বাচন খেলিব পাৰে। কন্নুৰ আৰু ভদোকৰাতো তেওঁ নিৰ্বাচন খেলিব পাৰে। দেশৰ ৰাজনীতিত উত্তৰ ভাৰতৰ প্ৰভাৱ বহু পৰিমানে আছে।’
উল্লেখ্য যে সাংসদ হিচাপে আগষ্ট মাহত ৰাহুলে প্ৰত্যাবৰ্তন কৰিছে। সাংসদ হিচাপে প্ৰত্যাবৰ্তন হোৱাৰ পাছতেই ৱাইনাডত উপস্থিত হৈছিল ৰাহুল গান্ধী। কেৰালা কংগ্ৰেছৰ নেতাসকলে উষ্ম আদৰণিও জনাইছিল ৰাহুল গান্ধীক। সেই সমষ্টিত ৰাহুলে বিজয় সাব্যস্ত কৰাত কোনোধৰণৰ অসুবিধা নহয়। কেৰালাৰ অধিকাংশ সাংসদেই নিজ নিজ সমষ্টিতেই নিৰ্বাচন খেলিব। ৰাহুলৰ সমষ্টি ৰাহুলৰ বাবেই আছে থাকিব। কিন্তু দেশত ৰাহুল গান্ধীৰ বাঢ়ি অহা জনপ্ৰিয়তা শাসক পক্ষক দেখুৱাবলৈকে কংগ্ৰেছৰ একাংশ বিষয়ববীয়াই ৰাহুলে সমষ্টি সলনি কৰাটো বিচাৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ