অসম লাইভ২৪ঃ তিনি ৰাজ্যত পদুম ফুলিছে। নতুন কৈ চৰকাৰ গঢ়িছে বিজেপিয়ে। ৰাজস্থান, মধ্য প্ৰদেশ আৰু ছত্তীছগড়ত বিজেপিয়ে চৰকাৰ গঢ়িবলৈ গৈ মুখ্যমন্ত্ৰী কাক পাতিব সেই লৈ বিপাঙত পৰিছে। বিজেপিৰ শীৰ্ষ নেতৃত্বই বিষয়টোক লৈ আয়োজন কৰিছে এখনৰ পাছত আনখন বৈঠকৰ। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱনত ঘনে ঘনে বহিছে এখনৰ পাছত আনখন ৰুদ্ধদ্বাৰ বৈঠত। এইবাৰ মুখ্যমন্ত্ৰী চিনাক্ত কৰি উলিয়াবলৈ ৯জন পৰ্যবেক্ষক নিয়োগ কৰা হৈছে। পৰ্যবেক্ষকৰ তালিকাত আছে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰকে ধৰি কেইবাজনো নেতাক।
ৰাজস্থানৰ পৰ্যবেক্ষকৰ দায়িত্ব দিয়া হৈছে কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ লগতে বিজেপিৰ জাতীয় সাধাৰণ সম্পাদক বিনোদ তাওড়ে আৰু ৰাজ্যসভাৰ সাংসদ সৰোজ পাণ্ডেক।
শীৰ্ষমহলে তেওঁলোকক শীঘ্ৰেই ৰাজস্থানত উপস্থিত হ’বৰ বাবে নিৰ্দেশ দিছে। ইয়াৰপাছতেই হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰ, হাৰিয়ানাৰ সভাপতি কে লক্ষ্মণ আৰু আশা লাখৰাক মধ্য প্ৰদেশৰ পৰ্যবেক্ষক হিচাপে নিয়োগ কৰা হৈছে।
ছত্তীছগঢ়ৰ পৰ্যবেক্ষক হিচাপে নিয়োগ কৰা হৈছে কৃষি আৰু আদিবাসী বিষয়ক মন্ত্ৰী অৰ্জুন মুণ্ডা, জাহাজ মন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু ৰাজ্যিক সাধাৰণ সম্পাদক দুশ্যন্ত কুমাৰ গৌতমক। বৃহস্পতিবাৰে বিজেপিৰ এজন শীৰ্ষ নেতাই জনাইছিল যে তিনি ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসভাৰ সদস্য নিৰ্বাচনৰ বাবে পৰ্যবেক্ষক নিয়োগ কৰা হ’ব। পৰ্যবেক্ষকৰ নাম ঘোষণা কৰাৰ লগে লগে সংশ্লিষ্ট ৰাজ্যলৈ যাব আটাইকেইজন শীৰ্ষ নেতা। তাত উপস্থিত হৈ তেওঁলোকে নিৰ্বাচিত বিধায়কসকলৰ সৈতে সাক্ষাৎ কৰিব। বৈঠকৰ পাছতেই ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীছগঢ়ৰ মুখ্যমন্ত্ৰীৰ নাম এই কমিটিয়ে লিখি দিব। চলিত সপ্তাহতেই তিনি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিব বিজেপিয়ে। আসন্ন লোকসভা নিৰ্বাচনৰ কথা মূৰত ৰাখিয়েই মুখ্যমন্ত্ৰী চিনাক্ত কৰি উলিওৱা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















