ডিজিটেল ডেস্কঃ নতুন বছৰতে চৰকাৰী কৰ্মচাৰী সকলে পাব ভাল খবৰ। জানুৱাৰীৰ প্ৰথম মাহতে মাহিলী কিছু টকা বেছিকৈ একাউন্টত সোমাব চৰকাৰী কৰ্মচাৰীসকলৰ। শেহতীয়াকৈ চৰকাৰে আনুষ্ঠানিকভাৱে কৰিছে এই ঘোষণা। চৰকাৰে কৰা ঘোষণা অনুসৰি, নতুন বছৰত কৰ্মচাৰীসকলৰ DA ৪শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ১ডিচেম্বৰৰ পৰা প্ৰযোজ্য হোৱাকৈ চৰকাৰে কৰ্মচাৰীসকলৰ ডি এ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
দৰাচলতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে পাঞ্জাৱৰ আপ চৰকাৰে। শেহতীয়াকৈ পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে টুইটাৰৰ জৰিয়তে এই কথা ঘোষণা কৰিছে। পাঞ্জাৱৰ কৰ্মচাৰী সংগঠনৰ সৈতে হোৱা আলোচনাৰ পাছতে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। জানুৱাৰী মাহত কৰ্মচাৰীসকলে লাভ কৰিব এই বৰ্ধিত ডি এৰ ধন। পাঞ্জাৱ চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে পাঞ্জাৱৰ কৰ্মচাৰী সংগঠনসমূহে।
মুখ্যমন্ত্ৰী ভগৱন্ত মানে এই সিদ্ধান্তৰ কথা ঘোষণা কৰি কয় যে, পাঞ্জাৱৰ সকলো শ্ৰেণীৰ লোকৰ হিতসাধনৰ উদ্দেশ্যৰে নিৰন্তৰে কাম কৰি যাব আপ চৰকাৰে। বেচৰকাৰী-চৰকাৰী সকলো লোকৰ কল্যাণৰ উদ্দেশ্যৰে আৰু বহু লক্ষ্যৰ কথা সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ