• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গ্ৰন্থমেলালৈ মাতি কোনে অপমান কৰিলে কবি নীলিম কুমাৰক?

গ্ৰন্থমেলালৈ মাতি কোনে অপমান কৰিলে কবি নীলিম কুমাৰক?

2 years ago
সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

7 hours ago
ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

7 hours ago
হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

8 hours ago
সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

8 hours ago
সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

9 hours ago
‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

11 hours ago
অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

12 hours ago
ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

12 hours ago
ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

13 hours ago
আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

14 hours ago
কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

1 day ago
আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

গ্ৰন্থমেলালৈ মাতি কোনে অপমান কৰিলে কবি নীলিম কুমাৰক?

editor by editor
January 4, 2024
in অসম, জীৱনশৈলী, লেখা
0
গ্ৰন্থমেলালৈ মাতি কোনে অপমান কৰিলে কবি নীলিম কুমাৰক?
0
SHARES
6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ গ্ৰন্থমেলালৈ মাতি কোনে অপমান কৰিলে নীলিম কুমাৰক? কবি নীলিম কুমাৰে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে এটা বিশেষ পোষ্ট৷ ভাইৰেল পোষ্টটোত কি লিখিছে নীলিম কুমাৰে?

‘পঢ়কচোন , কবিতাৰ কেনেকৈ জয় হ’ল শুনক

কালি অসম গ্ৰন্থমেলাত এটা ঘটনা ঘটিল ৷ মোৰ জীৱনত এনে বিৰল আৰু অদ্ভুত ঘটনা আগতে কেতিয়াও ঘটা নাছিল ৷ আৰু পৃথিৱীৰ কিমানজনৰ জীৱনত এনে ঘটনা ঘটিছে সন্দেহ আছে !
ঘটনাটো হ’ল : গ্ৰন্থমেলাৰ প্ৰাংগনত এখন কবিতাৰ কিতাপৰ উন্মোচনী অনুষ্ঠানলৈ মোক নিমন্ত্ৰণ জনোৱা হৈছিল ৷ নিমন্ত্ৰণটো ’বাটত পালোঁ কমাৰ , দা গঢ়াই দিয়া আমাৰ’ জাতীয় নাছিল ৷ তেওঁলোকে মোক নিমন্ত্ৰণ দিবলৈ মোৰ ঘৰলৈও গৈছিল ৷
উন্মোচনৰ সময় আছিল গধূলি ৬ বজাত ৷ সেই মৰ্মে মই যথা সময়ত উন্মোচনৰ স্থানত উপস্থিত হৈছিলো গৈ ৷ মই ভিতৰত পাৰি থোৱা চকীত কিছুসময় বহিলোঁ ৷ কিন্তু কিবা কাৰণত অনুষ্ঠান আৰম্ভ কৰোঁতে দেৰী হৈ আছে ৷ মই সুধিলো কথাটো কি ?
সুধি গম পালোঁ যে অনুষ্ঠানটোলৈ তেওঁলোকৰ Director জনো অহা কথা ৷ কিন্তু তেওঁ আহি পোৱা নাই ৷ সেয়েহে তেওঁৰ কাৰণে ৰ’ব লগীয়া হৈছে ৷ মই ক’লো _ “ হ’ব কোনো কথা নাই ৷ মোৰ একো দৌৰাদৌৰি নাই ৷ এইখন বুক ফেয়াৰত ৰাতি পুলিচে উলিয়াই নিদিয়ালৈকে নোলাওঁ ৷“
Director নাহেহে নাহে ৷ অনুষ্ঠানলৈ অহা অন্য মানুহো অধৈৰ্য হৈছে ৷ এনে সময়তে ঘটনাটো ঘটিল ৷ মোক নিমন্ত্ৰণ কৰা মানুহগৰাকীয়ে মোক অলপ আতঁৰলৈ মাতি নি ক’লে _ “ দাদা , আপোনাৰ ওচৰত ক্ষমা বিচাৰিছো ৷ আমাক মাফ কৰি দিব ৷ আপোনাক কৰা নিমন্ত্ৰণটো আমি উঠাই লৈছোঁ ৷ “
মই বহু সময় একো বুজা নাই ৷ মই ভাবিলোঁ অনুষ্ঠানটো দেৰী হোৱা কাৰণে কৈছে নেকি ! সেয়ে ময়ো কলোঁ _ “একো নাই , দেৰী হ’বই পাৰে ৷ মোৰ একো সমস্যা হোৱা নাই ৷“
কিন্তু কথাটো সেইটো নহয় ৷ কথাটো আছিল তেওঁলোকে মোৰ হতুৱাই উন্মোচনৰ কামটো কৰিব নোৱাৰে ৷ গতিকে মই তাৰপৰা আতৰিব লাগে ৷মোৰ উপস্থিতি তেওঁলোকৰ সমস্যা হৈছে ৷ সেয়ে কৈছে _ ‘ নিমন্ত্ৰণটো উঠাই লোৱা হ’ল ’ ৷
তেতিয়াহে মই কথাটো বুজিলোঁ ৷
মই ভিতৰে ভিতৰে হাঁহিলো ৷ বুজিলো মোৰ কবিতাৰ জয় হৈছে ৷ মোৰ কবিতাই কাৰোবাৰ সমস্যাৰ সৃষ্টি কৰিছে ৷ মই তাৰ পৰা আতৰি আহিলো ৷ আতৰি আহি সমুখৰ পিনে থকা ’সুগন্ধি পখিলা ’ নামৰ বিপনীত ৰৈ থকা দেখিলো কবি প্ৰণব কুমাৰ বৰ্মন ৷ প্ৰণবে সুধিলে _ “ কি হ’ল নীলিমদা উভতি আহিল যে ?“
মই ক’লো _ “ নিমন্ত্ৰণ উঠাই লৈছে “
কথাটো প্ৰণবক কোৱাত সি বুজিলে ৷
সি ক’লে _ “আপুনি যদি আজি কামটো কৰিলেহেঁতেন , যিয়ে আপোনাক নিমন্ত্ৰণ কৰিছিল , তেওঁৰ চাকৰি গ’লহেঁতেন ৷ প্ৰমাণ হ’ল যে কবিতাৰ জয় হৈছে ৷ “
মই ক’লো _ হয় ৷ এই অভিজ্ঞতাই আনন্দহে দিলে ৷ কবিতাৰ শক্তিৰ কথা ক’লে ৷
নহয়নে ৰাইজ ?’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?
জীৱনশৈলী

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

June 25, 2026
হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে
বিশ্ব

হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

June 25, 2026
সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?
বিবিধ

সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

June 25, 2026
‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা
ভাৰত

‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

June 25, 2026
Next Post
ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান উপলক্ষ্যে ত্ৰেতাযুগৰ সজ্জাৰে সজাই তোলা হৈছে অযোধ্যা! কিন্তু কেনে আছিল ত্ৰেতাযুগ?

ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান উপলক্ষ্যে ত্ৰেতাযুগৰ সজ্জাৰে সজাই তোলা হৈছে অযোধ্যা! কিন্তু কেনে আছিল ত্ৰেতাযুগ?

মাহিলী ৩৫ হাজাৰতকৈয়ো কম দৰমহা! RBI Governor হিচাপে ইমান কম টকা পাই নেকি শক্তিকান্ত দাসেও?

মাহিলী ৩৫ হাজাৰতকৈয়ো কম দৰমহা! RBI Governor হিচাপে ইমান কম টকা পাই নেকি শক্তিকান্ত দাসেও?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.