অসম লাইভ২৪ঃ এতিয়া অপেক্ষা কেৱল ২২ জানুৱাৰীলৈ। চূড়ান্ত প্ৰস্তুতি। ৰাম মন্দিৰলৈ বিশিষ্ট অতিথিসকলক আমন্ত্ৰণ জনোৱা পৰ্বও চলি আছে। ৰাম মন্দিকক উদ্বোধনী অনুষ্ঠানৰ মাজতেই আমন্ত্ৰণ জনোৱা হৈছে চাৰিজন শংকৰাচাৰ্যকো। এই তালিকাত আছে শংকৰাচাৰ্য অভিমুক্তশ্বৰানন্দ সৰস্বতী, গুজৰাটৰ দ্বাৰকা, ওড়িশাৰ পুৰীৰ গোবৰ্ধনপীঠ আৰু কৰ্ণাটকৰ শ্ৰীঙ্গেৰি প্রধান। কিন্তু এই গ্ৰেণ্ড অনুষ্ঠানত উপস্থিত নাথাকে হিন্দু ধৰ্মৰ চাৰিজন প্ৰধান ধৰ্মগুৰু।
কিয় ৰাম মন্দিৰৰ আমন্ত্ৰণ প্ৰত্যাখান কৰিলে?
উত্তৰাখণ্ডৰ জ্যোতিষপীঠৰ শংকৰাচাৰ্য স্বামী অভিমুক্তস্বৰানন্দ সৰস্বতীয়ে কয়, ‘সনাতন ধৰ্মৰ আইন ভংগ কৰি এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সেয়ে ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা সম্ভৱ নহয়।’ অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধনৰ মুখ্য অতিথি হৈছে প্ৰধানমন্ত্ৰী মোদী। অসংখ্য অতিথিৰ সমাগম হ’ব ৰামৰ প্রাণ প্ৰতিষ্ঠা অনুষ্ঠানত। অযোধ্যাৰ এই ৰাম মন্দিৰ সম্পূৰ্ণৰূপে নিৰ্মাণ হোৱা নাই। একমাত্ৰ গৰ্ভগৃহৰ কামহে সম্পূৰ্ণ হৈছে। মন্দিৰৰ কাম শেষ হ’বৰ বাবে এতিয়াও প্ৰায় দুবছৰ সময় লাগিব বুলি জনাইছে মন্দিৰ কৰ্তৃুপক্ষই। শংকৰাচাৰ্যই এই বিষয়টো লৈহে আপত্তি কৰিছে। শংকৰাচাৰ্য স্বামী অভিমুক্তশ্বৰানন্দ সৰস্বতীৰ দাবী, ‘মন্দিৰৰ নিৰ্মাণকাৰ্য শেষ নকৰাকৈ ভগৱান ৰাম মূৰ্তি স্থাপন কৰাটো সনাতন হিন্দুৰ ৰীতি বিৰোধী কাৰ্যকলাপ। অসমাপ্ত মন্দিৰত ভগৱান ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰাটো একেবাৰে ভুল কাম। অসমাপ্ত মন্দিৰত ভগৱান ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰাটো মানি ল’ব নোৱাৰি। এয়া একেবাৰেই ভুল পদক্ষেপ।’
তেওঁ লগতে কয়, ‘এই সিদ্ধান্তৰ বাবে মোক মোদীবিৰোধী বুলি ক’ব পাৰে। মই মোদী বিৰোধী নহয়। কিন্তু ধৰ্মশাস্ত্ৰৰ বিৰুদ্ধেও যাব নোৱাৰো।’ পুৰীৰ গোবৰ্ধনপীঠৰ শংকৰাচাৰ্যক স্বামী নিশ্চলানন্দ সৰস্বতীয়ে কয়, ‘মই ৰামমন্দিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত নাথাকো।’ ৰাজনৈতিক বিৰোধী মহলে অৱশ্যে দাবী কৰিছে যে ২০২৪ চনৰ নিৰ্বাচনৰ বাবেই মোদীয়ে খৰধৰলৈ এই মন্দিৰ উদ্বোধন কৰিছে।
উল্লেখ্য যে ৰাম মন্দিৰৰ এই উদ্বোধনী অনুষ্ঠানক RSS-BJPৰ ৰাজনৈতিক ইভেণ্টৰ নাম দিছে কংগ্ৰেছে। কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনীয়া গান্ধী, সভাপতি মল্লিকাৰ্জূন খাৰ্গে আৰু লোকসভা কংগ্ৰেছৰ দলপতি অধীৰ ৰঞ্জন চৌধুৰীয়ে আমন্ত্ৰণ প্ৰত্যাখান কৰিছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে BJPয়ে ৰাম মন্দিৰৰ উদ্বোধনক হাথিয়াৰ হিচাপে লৈছে বুলি দাবী কৰিছে কংগ্ৰেছ দলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ