• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৃষক একলগ! হাৰিয়ানা চৰকাৰে সাজি উলিয়াইছে দুটাকৈ বৃহৎ অস্থায়ী কাৰাগাৰ, দিল্লীত এমাহলৈ জাৰি ১৪৪ধাৰা

কৃষক একলগ! হাৰিয়ানা চৰকাৰে সাজি উলিয়াইছে দুটাকৈ বৃহৎ অস্থায়ী কাৰাগাৰ, দিল্লীত এমাহলৈ জাৰি ১৪৪ধাৰা

2 years ago
সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?

সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?

15 minutes ago
নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

56 minutes ago
পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই

পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই

1 hour ago
ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ

ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ

2 hours ago
নোধোৱাকৈয়ে এটা অন্তৰ্বাস বহুদিন পৰিধান কৰে? কি কি মাৰাত্মক ক্ষতি হয় পুৰুষৰ শৰীৰৰ?

নোধোৱাকৈয়ে এটা অন্তৰ্বাস বহুদিন পৰিধান কৰে? কি কি মাৰাত্মক ক্ষতি হয় পুৰুষৰ শৰীৰৰ?

3 hours ago
মেট গালাৰ ৰেড কাৰ্পেটত আম কিয় লৈ গৈছিল ঈশা আম্বানীয়ে? এই আমটো প্ৰকৃত আম নে? কি কৈছে ঈশা আম্বানীয়ে?

মেট গালাৰ ৰেড কাৰ্পেটত আম কিয় লৈ গৈছিল ঈশা আম্বানীয়ে? এই আমটো প্ৰকৃত আম নে? কি কৈছে ঈশা আম্বানীয়ে?

3 hours ago
ষ্টেলিনৰ হাত এৰি বিজয়ৰ দলক সমৰ্থন কৰাৰ ঘোষণা কংগ্ৰেছৰ! ভৱিষ্যতৰ নিৰ্বাচনতো TVKৰ সৈতে জোঁট বন্ধাৰ প্ৰতিশ্ৰুতি

ষ্টেলিনৰ হাত এৰি বিজয়ৰ দলক সমৰ্থন কৰাৰ ঘোষণা কংগ্ৰেছৰ! ভৱিষ্যতৰ নিৰ্বাচনতো TVKৰ সৈতে জোঁট বন্ধাৰ প্ৰতিশ্ৰুতি

4 hours ago
দিশ সলনি কৰিব বুধে, কুবেৰৰ ধন এইবাৰ হাতলৈ আহিব ৪ৰাশিৰ

দিশ সলনি কৰিব বুধে, কুবেৰৰ ধন এইবাৰ হাতলৈ আহিব ৪ৰাশিৰ

5 hours ago
২৫ বছৰৰ বাবে ৫০লাখৰ গৃহঋণ ল’বলৈ আপোনাৰ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

২৫ বছৰৰ বাবে ৫০লাখৰ গৃহঋণ ল’বলৈ আপোনাৰ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

5 hours ago
শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে

শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে

5 hours ago
জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?

জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?

6 hours ago
দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?

দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কৃষক একলগ! হাৰিয়ানা চৰকাৰে সাজি উলিয়াইছে দুটাকৈ বৃহৎ অস্থায়ী কাৰাগাৰ, দিল্লীত এমাহলৈ জাৰি ১৪৪ধাৰা

editor by editor
February 12, 2024
in জীৱনশৈলী, ভাৰত, ৰাজনীতি, লেখা
0
কৃষক একলগ! হাৰিয়ানা চৰকাৰে সাজি উলিয়াইছে দুটাকৈ বৃহৎ অস্থায়ী কাৰাগাৰ, দিল্লীত এমাহলৈ জাৰি ১৪৪ধাৰা
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দিল্লী অভিমুখে ৰাওনা হাজাৰ হাজাৰ কৃষক। আকৌ এবাৰ দিল্লী কঁপাবলৈ সাজু হৈছে দেশৰ কৃষক। দিল্লী অভিমুখী প্ৰতিবাদী কৃষকক বাধা দিবৰ বাবেই প্ৰশাসনো সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। দিল্লী অভিমুখী কৃষকক বাধা দিবৰ বাবে প্ৰশাসনে অনা প্ৰতিবন্ধকতাৰ ভিতৰত প্ৰধানকৈ সমগ্ৰ দিল্লীতেই ১৪৪ ধাৰা জাৰি কৰা হৈছে। ১৪৪ ধাৰা জাৰিৰ লগে লগেই মানুহ একত্ৰিত হোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কোনো ধৰণৰ ৰেলীৰ বাবে দিল্লীত অনুমতি দিয়া নহয় বুলিও প্রশাসনে স্পষ্টকৈ জনাই দিছে। ইয়াৰোপৰি দিল্লীৰ কোনো সীমান্তৰ পৰাই ট্ৰেক্টৰ-ট্ৰলীৰ প্ৰৱেশ নিষিদ্ধ। বাৰুদজাতীয় সামগ্ৰী, ইটা, শিল, পেট্ৰল, চ’ডা বটল লৈ প্ৰৱেশ কৰিব নোৱাৰিব দিল্লীত। লাউডস্পিকাৰৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে দিল্লীত। ইয়াৰোপৰি কোনোৱে যদি ১৪৪ ধাৰা উলংঘা কৰে তেন্তে তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰাৰো নিৰ্দেশ জাৰি কৰিছে প্ৰশাসনে।

ডাঙৰ ডাঙৰ লাউডস্পীকাৰ আৰু কেমেৰা স্থাপন কৰা হৈছে প্ৰতিটো বৰ্ডাৰত। কৃষকক বাধা দিবলৈ ৰাস্তাত চিমেণ্টৰ বেৰিকেড স্থাপন কৰা হৈছে। কৃষক সংগঠনবোৰে দিল্লীত যাতে প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই সাৱধানতামূলক প্ৰস্তুতিসমূহ গঢ়ি তোলা লৈছে দিল্লীৰ আটাইকেইটা বৰ্ডাৰত। চাৰ্ভিছ ৰোডত দিল্লী আৰক্ষীয়ে কেইবাটাও তম্বুও স্থাপন কৰিছে।

২০০টা কৃষক সংগঠনৰ আহ্বানত দিল্লী অভিযান চলাবলৈ আগবাঢ়িছে পঞ্জাৱ, হাৰিয়ানাৰ হাজাৰ হাজাৰ কৃষক। মঙলবাৰে দিল্লী যাত্ৰাৰ বাবে পঞ্জাৱ, হাৰিয়ানাত হাজাৰ হাজাৰ কৃষক সমবেতও হৈছে। কৃষক সমবেত হোৱাৰ পূৰ্বেই দুখনকৈ ডাঙৰ ষ্টেডিয়ামত অস্থায়ী কাৰাগাৰ গঢ়ি তুলিছে হাৰিয়ানা চৰকাৰে। চিৰছাৰ চৌধুৰি দলবীৰ সিংহ ইন্দোৰ ষ্টেডিয়াম আৰু ডাবুয়ালিৰ গুৰু গোবিন্দ সিংহ ষ্টেডিয়ামত দুখনকৈ অস্থায়ী কাৰাগাৰ নিৰ্মাণ কৰা হৈছে। কৃষকৰ মিছিল আগুৱাই যাতে যাব নোৱাৰে তাৰবাবে প্ৰশাসন সম্পূৰ্ণৰূপে সাজু। ইপিনে কাৰাগাৰ নিৰ্মাণ কৰাৰ প্ৰধান উদ্দেশ্য হৈছে প্ৰতিবাদী কৃষকে যদি কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে তেন্তে তেওঁলোকক আটক কৰি সেই কাৰাগাৰত নিক্ষেপ কৰা হ’ব। এমাহৰ বাবে দিল্লীত কাৰফিউ বা ১৪৪ ধাৰা জাৰি থাকিব।

বিক্ষোভকাৰীয়ে যাতে অন্যান্য জিলাৰ পৰা হাৰিয়ানালৈ আহিব নোৱাৰে সেই উদ্দেশ্যেৰেই হাৰিয়ানাৰ আটাইকেইটা সীমান্তত সষ্টম হৈ আছে আৰক্ষী। অতিৰিক্তভাৱে ৫০ টা আৰক্ষীৰ বিশেষ কোম্পানী মোতায়েন কৰা হৈছে হাৰিয়ানাৰ আটাইকেইটা সীমান্তত। হাৰিয়ানাৰ মনোহৰ লাল খট্টৰ চৰকাৰে ইণ্টাৰনেট পৰিসেৱা বন্ধ ৰখাৰ বিজ্ঞাপ্তিও জাৰি কৰিছে। হাৰিয়ানা চৰকাৰে জাৰি কৰা বিজ্ঞাপ্তি অনুসৰি, ‘অশান্তিময় পৰিবেশৰ সৃষ্টি নহ’বৰ বাবেই অম্বালা, কুৰুক্ষেত্ৰ, কইথাল, জিন্দ, হিচাৰ, ফাতেহাবাদ আৰু চিৰছা জিলাত মঙলবাৰে নিশালৈকে মোবাইল ইণ্টাৰনেট পৰিসেৱা বন্ধ থাকিব। গ্ৰাহকে কেৱলমাত্ৰ ভয়েছ কল হে কৰিব পাৰিব।’ কৃষক বিদ্ৰোহক লৈ সতৰ্ক এইবাৰ দিল্লীও। দিল্লীৰ সীমান্তই সীমান্তই কংক্ৰিটৰ দেৱাল গঢ়ি তোলা হৈছে। অগণন আৰক্ষীয়ে টহল দি আছে দিল্লীৰ আটাইকেইটা সীমান্তত।

কৃষকসকলক দিল্লীত সোমোৱাত বাধা দিয়াক কেন্দ্ৰ কৰি কেন্দ্ৰীয় চৰকাৰক কঠোৰ সমালোচনা কৰিছে বিৰোধী দল আৰু কৃষক সংগঠনসমূহে। কংগ্ৰেছ নেতা প্ৰিয়ংকা গান্ধীয়ে দিল্লী সীমনাত এনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাক লৈ বিশেষ মন্তব্য কৰিছে। প্ৰিয়ংকাই এক বিশেষ ভিডিঅ’ শ্বেয়াৰ কৰি কৈছে, ‘কৃষক অহাৰ পথত এনে কাটা তাঁৰৰ বিচনা পাৰি দিয়াই অমৃত কাল নেকি? এয়াতো এক অৰ্থত অন্যায়কাল।’ ৰাস্তাত প্ৰতিবাদী কৃষকক বাধা দিবৰ বাবে পাৰি দিয়া কাঁইটক লৈ মন্তব্য কৰিছে সন্মিলিত কৃষক মৰ্চাৰ নেতা জগজিৎ সিং ডালেৱালে। তেওঁ এক ভিডিঅ’ বাৰ্তা শ্বেয়াৰ কৰি লিখিছে, ‘চৰকাৰে ইমান ভয় কিয় কৰিছে? বিশাল বেৰিকেড তৈয়াৰ কৰাৰ অৰ্থ কি? এয়া গণতন্ত্ৰ নেকি? পৰিস্থিতি বেয়া হ’লে ইয়াৰ বাবে কিন্তু চৰকাৰেই দায়ী হ’ব।’
পঞ্জাৱৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ নেতা ভগৱন্ত মানে দিল্লী আৰু হাৰিয়ানাৰ প্ৰৱেশ পথসমূহক ভাৰত-পাকিস্তান নিয়ন্ত্ৰণৰেখাৰ সৈতে তুলনা কৰিছে। তেওঁ কয়, ‘আমি কেন্দ্ৰক কৃষকৰ সৈতে আলোচনা কৰি তেওঁলোকৰ দাবীসমূহ মানি ল’বলৈ অনুৰোধ জনাম। পাকিস্তান সীমান্তৰ দৰে দিল্লী যোৱা ৰাস্তাসমূহত কাটা তাঁৰ পাৰি দিয়াটো একেবাৰেই ভুল কাম।’

কৃষকে প্ৰতিবাদ কৰাৰ প্রধান কাৰণসমূহ হৈছে, তেওঁলোকৰ ফচলৰ নূন্যতম সহায়ক মূল্যৰ গেৰাণ্টি দিয়া বিশেষ আইন, কৃষকৰ পেঞ্চন, শস্যবীমা আৰু তেওঁলোকৰ বিৰুদ্ধে থকা এফ আই আৰ বাতিলৰ দাবীত ১৩ ফেব্ৰুৱাৰীচ ‘দিল্লী চলো’ প্ৰতিবাদী মিছিলৰ ঘোষণা কৰিছে উত্তৰপ্ৰদেশ, পঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকে। একাধিক দাবী লৈ ৰাস্তাত নামি পৰিছে দেশৰ কৃষক। এই দাবীসমূহ মানি নল’লে পৰিস্থিতি বেয়া হ’ব বুলিও হুংকাৰ দিছে কৃষকে। ভাইৰেল খবৰ অনুসৰি ২০০তকৈয়ো অধিক কৃষকে এই আন্দোলনত চামিল হৈছে।

মঙলবাৰে ৰাজধানীত পদযাত্ৰা আৰু বিক্ষোভৰ পৰিকল্পনা কৃষকৰ। আকৌ এবাৰ ৰাজধানী দিল্লীৰ ৰাজপথ উত্তপ্ত হোৱাৰ আশংকা কৰিছে বহুজনেই। কেন্দ্ৰৰ তৰফৰ পৰা সোমবাৰে কৃষক সংগঠন কেইটাক আলোচনাৰ বাবে আহ্বান জনাইছিল কেন্দ্ৰীয় চৰকাৰে। কিন্তু আলোচনাত বহাৰ পূৰ্বেই হাৰিয়ানা চৰকাৰ আৰু দিল্লীত বান্ধি দিয়া বেৰিকেডহে চৰ্চাৰ কাৰণ হৈ পৰিছে।

উত্তৰপ্ৰদেশৰ নয়ডা আৰু গ্ৰেটাৰ নয়ডাৰ কৃষকে ক্ষতিপূৰণ বৃদ্ধিৰ দাবীত বিগত ডিচেম্বৰৰ পৰাই আন্দোলন আৰম্ভ কৰিছে। কিছুদিন পূৰ্বে প্ৰতিবাদী কৃষকে মহাপঞ্চায়তৰ বাবেও আহ্বান জনাইছিল। সেই সন্মীলনতেই তেওঁলোকে এই প্ৰতিবাদী মিছিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ফচলৰ ক্ষতিপূৰণৰ দাবীত বৃহস্পতিবাৰে মিছিল কৰিছিল উত্তৰপ্ৰদেশৰ কৃষকে। উত্তৰপ্ৰদেশৰ প্ৰতিবাদী মিছিল দেখা মাত্ৰকেই দিল্লীৰ সমস্ত ৰাজপথত ১৪৪ধাৰা জাৰি কৰে আৰক্ষীয়ে। ২৪ ঘণ্টাৰ বাবে ১৪৪ ধাৰা বলবৎ কৰা হৈছিল যদিও সেই সময় এতিয়া বঢ়াই এমাহ কৰা হৈছে।

উল্লেখ্য যে ২০২০ চনত কৃষক বিক্ষোভত উত্তাল হৈ উঠিছিল সমগ্ৰ দেশ। ইয়াৰ পাছৰে পৰাই উত্তৰ ভাৰতৰ ৰাজ্যসমূহত বিগত সময়চোৱাত চেগাচোৰোকাকৈ প্ৰতিবাদ চলিয়েই আছে। সেই আন্দোলনেই এতিয়া ভয়ংকৰ হৈ উঠিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?
অসম

সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?

May 6, 2026
নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে
জীৱনশৈলী

নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

May 6, 2026
পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই
জীৱনশৈলী

পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই

May 6, 2026
ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ

May 6, 2026
Next Post
মঙলবাৰে সাধ্য যোগত কুম্ভত গোচৰ কৰিব সূৰ্যই, বজৰংবলীৰ আশীৰ্বাদত ভাগ্য খুলিব ৫ৰাশিৰ

মঙলবাৰে সাধ্য যোগত কুম্ভত গোচৰ কৰিব সূৰ্যই, বজৰংবলীৰ আশীৰ্বাদত ভাগ্য খুলিব ৫ৰাশিৰ

ধীৰ-স্থিৰ-শান্ত হ’লেও কিন্তু আছে কেইটামান অদ্ভুত গুণ! সংগী হিচাপে কেনে হয় কুম্ভ ৰাশিৰ জাতক?

ধীৰ-স্থিৰ-শান্ত হ’লেও কিন্তু আছে কেইটামান অদ্ভুত গুণ! সংগী হিচাপে কেনে হয় কুম্ভ ৰাশিৰ জাতক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.