বটদ্ৰৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীৰ আকস্মিক বিয়োগ
নগাঁও জিলাৰ বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীৰ আকস্মিক বিয়োগ। দৌল মহোৎসৱৰ প্ৰাকক্ষণত বটদ্ৰৱাবাসীক কন্দুৱাই ইহলোকৰ পৰা বিদায় লয় সত্ৰাধিকাৰগৰাকীয়ে।
বটদ্ৰৱাৰ মহীৰূহ, সত্ৰীয়া সংস্কৃতিৰ সাধক, বিশিষ্ট অভিনেতা, গায়ন, বায়ন তথা বটদ্ৰৱাৰ বটবৃক্ষ স্বৰূপ দেৱানন্দ দেৱ গোস্বামীৰ কালি ২৩ মাৰ্চ তাৰিখ শনিবাৰে সন্ধিয়া হঠাৎ বুকুৰ বিষ অনুভৱ কৰে।
পৰিয়ালৰ লোকে ততাতৈয়াকৈ নগাঁৱৰ জীতেন গোহাঁই নাৰ্চিং হোমলৈ লৈ যায়। কিন্তু সেই হাস্পতালতে চিকিৎসাধীন অৱস্থাত সত্ৰাধিকাৰগৰাকীৰ মৃত্যু হয়।
মৃত্যুৰ সময়ত তেখেতৰ পত্নী, দুজন পুত্ৰ সহ বহু আত্মীয় স্বজন, ইষ্ট কুটুম্ব, গুণমুগ্ধক ইহ-সংসাৰত এৰি থৈ যায়। উল্লেখ্য যে সত্ৰাধিকাৰ গৰাকীৰ মাতৃয়ো কিছুদিন পূৰ্বে মৃত্যু বৰণ কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















