• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কমিছে যোগান, বিশ্বক চমক দি বালিৰ বিকল্পৰ সন্ধান উলিয়ালে ভাৰতৰ এদল বিজ্ঞানীয়ে

কমিছে যোগান, বিশ্বক চমক দি বালিৰ বিকল্পৰ সন্ধান উলিয়ালে ভাৰতৰ এদল বিজ্ঞানীয়ে

2 years ago
ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

16 minutes ago
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

40 minutes ago
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

9 hours ago
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

9 hours ago
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

10 hours ago
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

11 hours ago
এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

11 hours ago
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

12 hours ago
সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

13 hours ago
শৰীৰৰ ষ্টেমিনা কিয় কমে?

শৰীৰৰ ষ্টেমিনা কিয় কমে?

14 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, জানক কিদৰে কৰিব আবেদন

14 hours ago
৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

কমিছে যোগান, বিশ্বক চমক দি বালিৰ বিকল্পৰ সন্ধান উলিয়ালে ভাৰতৰ এদল বিজ্ঞানীয়ে

editor by editor
March 31, 2024
in প্ৰযুক্তি, বিজ্ঞান, বিবিধ, বিশ্ব, ভাৰত
0
কমিছে যোগান, বিশ্বক চমক দি বালিৰ বিকল্পৰ সন্ধান উলিয়ালে ভাৰতৰ এদল বিজ্ঞানীয়ে
0
SHARES
577
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আপোনাৰ সপোনৰ ঘৰ এখন নিৰ্মাণৰ পৰিকল্পনা কৰিছে। নিৰ্মাণৰ পৰিকল্পনাত প্ৰথমেই আহে বালি, ইটা, চিমেণ্টৰ কথা। বালি অবিহনে এখন পকীঘৰ নিৰ্মাণৰ কথা আপুনি কোনোকালে ভাৱিবই নোৱাৰে। সকলোবোৰ নিৰ্মাণৰ অন্যতম উপাদান হৈছে বালি। ক্ৰমাগত ব্যৱহাৰৰ কাৰণে সেই বালিৰেই এতিয়া অভাৱ হ’ব ধৰিছে। যাৰবাবে বিজ্ঞানীয়েও বিকল্পৰ সন্ধান আৰম্ভ কৰিছে।

এদল বিজ্ঞানীয়ে বালিৰ বিকল্পৰ সন্ধান কৰি বিকল্প বিচাৰি উলিয়াবলৈকো সক্ষম হৈছে। ভৱিষ্যতে বালিৰ বাবে ঘৰ বা কংক্ৰিটৰ সামগ্ৰী নিৰ্মাণত বাধা নাহে তাৰবাবেই বিকল্প বিচাৰি উলিয়াইছে বিজ্ঞানীৰ দলটোৱে। বাংগালুৰুৰ আইআইএছছির চেণ্টাৰ ফৰ ছাচটেনেবল টেকনোলজিয়ে বালিৰ এই বিকল্প তৈয়াৰ কৰিছে। কল কাৰখানাৰ পৰা বাহিৰ হোৱা ধোঁৱাৰ পৰাই এই বিকল্প বালি তৈয়াৰত সফল হৈছে বিজ্ঞানীৰ দল। কল-কাৰখানাৰ ধোঁৱাত কাৰ্বন-ডাই-অক্সাইড থাকে। সেই কাৰ্বন-ডাই-অক্সাইডত জমা হৈ থাকে মাটি। তাৰ পৰাই বালি তৈয়াৰৰ কাম আৰম্ভ কৰিছে বিজ্ঞানীৰ দলে।

IISCৰ তৰফৰ পৰা এটা বিবৃত্তি দিয়া হৈছে। তেওঁলোকে জনোৱা অনুসৰি এনেকৈ কাৰ্বন ডাই অক্সাইড এনেকৈ সংগ্ৰহ কৰি ৰাখিলে প্ৰকৃতিও প্ৰদুষণমুক্ত হ’ব। দৈনিক ডাঙৰ ডাঙৰ কল-কাৰখানাৰ পৰা নিৰ্গমন হোৱা কাৰ্বন ডাই অক্সাইডৰ প্ৰভাৱো পৰিবেশৰ ওপৰত নপৰিব। IISCৰ অধ্যাপক গুপ্তা আৰু তেওঁৰ নেতৃত্বাধীন গৱেষক দলে দেখুৱাইছে যে কেনেকৈ বালিৰ বিকল্প তৈয়াৰ কৰিব পাৰি। কাৰ্বন ডাই অক্সাইড কেনেকৈ প্ৰয়োজনীয় কৰি তুলিব পাৰি।

গৱেষক দলটোৱে জনোৱা অনুসৰি, পৰিবেশৰ পৰা কাৰ্বন-ডাই-অক্সাইড সংগ্ৰহৰ বাবে তেওঁলোকে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ পৰা প্ৰকৃতিৰো লাভ হ’ব। বিজ্ঞানী গুপ্তাই জনোৱা অনুসৰি বালিৰ বিকল্প হিচাপে যি সামগ্ৰী তৈয়াৰ কৰা হৈছে তাত কাৰ্বন থকাৰ কাৰণে তাৰ ক্ষমতা ২০ৰ পৰা ২২ শতাংশ বৃদ্ধি পাব। গৱেষক দলে লগতে জনাইছে যে নিৰ্মাণস্থলত যি মাটি থাকে তাৰ মাজত কাৰ্বন প্ৰবেশ কৰোৱা হয়। ইয়াৰ ফলত কি কি হয় সমগ্ৰ পৰীক্ষা কৰা হৈছে। নিৰ্মাণস্থলৰ মাটিৰ সৈতে কাৰ্বন মিহলি হ’লে তাৰ স্থিতিস্থাপকতা বৃদ্ধি পায়। ইয়াৰফলত নিৰ্মাণ কাৰ্যত সুবিধা হয়। নিৰ্মাণো মজবুত হয়। ইয়াৰোপৰি বিজ্ঞানীৰ দলটোৱে চিমেণ্ট, মাটিৰ মিশ্ৰণ লৈয়ো গৱেষণা চলাইছে। এই গৱেষণাৰ অন্ততঃ বিজ্ঞানীৰ দলটোৱে জনাইছে যে চিমেণ্টত চুণ, মাটিৰ এই বিশেষ মিশ্ৰণ যোগ দিলে ৩০শতাংশ ধাৰণ ক্ষমতা বৃদ্ধি পায় চিমেণ্টৰ।

চিমেণ্টৰ সৈতে ছাই আৰু কিছু সামগ্ৰী মিহলাইয়ো পৰীক্ষা কৰা হৈছে। বিজ্ঞানীৰ দাবী এই মিশ্ৰণ ব্যৱহাৰ কৰিলে বালিৰ প্ৰয়োজনীয়তা ৩০ৰ পৰা ৫০শতাংশলৈ কমিব। ইতিমধ্যে নিৰ্মাণ সংস্থাৰ সৈতে আলোচনাও আৰম্ভ হৈছে বিজ্ঞানীৰ দলৰ। তেওঁলোকে উৎপাদন কৰা পণ্যই যাতে বজাৰ লাভ কৰে সেই বিষয়েও কথাবাৰ্তা আৰম্ভ হৈছে। চিমেণ্ট বা নিৰ্মাণকাৰ্যত ব্যৱহৃত বালি বা অন্যান্য সামগ্ৰীৰ মানদণ্ড পৰীক্ষা কৰাৰ বাবে এখন চৰকাৰী কমিটিও আছে। সেই কমিটিৰ সৈতেও ইতিমধ্যেই আলোচনা চলিছে। বালিৰ বিকল্প যদি অচিৰেই বজাৰলৈ নাহে তেন্তে আগন্তুক কেইটামান বছৰৰ ভিতৰতেই বিশ্বত নিৰ্মাণকাৰ্যৰ বাবে প্ৰয়োজনীয় বালিৰ অভাৱ ঘটিব। ৰাষ্ট্ৰসংঘৰ পৰিবেশ প্ৰকল্পই জনোৱা অনুসৰি বিগত দুটা দশকত বালিৰ চাহিদা পূৰ্বতকৈ তিনি গুণ বাঢ়িছে।

২০১৯ চনত পৃথিৱীত বালিৰ চাহিদা আছিল ৫হাজাৰ কোটি টন। নিৰ্মাণৰ ক্ষেত্ৰত এক টন চিমেণ্টৰ সৈতে তাৰ সাতৰ পৰা গুণ অধিক বালি মিহলোৱা হয়। তেতিয়াহে নিৰ্মাণকাৰ্য মজবুত হয়। ৰাষ্ট্ৰসংঘৰ বিশেষ পৰিবেশ পত্ৰিকাই জনোৱামতে ২০১২ চনলৈকে বালি দি যিসমূহ নিৰ্মাণ হৈছে সেয়া যোগ কৰিলে সমগ্ৰ পৃথিৱীৰ চাৰিওফালে বিষুৱৰেখাৰ সমানে ৮৮ ফুট ওখ প্ৰাচীৰ গঢ়ি তুলিব পৰাই গ’লহেতেন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalbest news channel in assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত
বিনোদন

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

July 16, 2026
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!
জীৱনশৈলী

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

July 16, 2026
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি
জীৱনশৈলী

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

July 15, 2026
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী
জীৱনশৈলী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

July 15, 2026
Next Post
মাহৰ প্ৰথম দিনাই ৰবিযোগ, মহাদেৱৰ আশীৰ্বাদত কাইলৈ সৌভাগ্যৰ তুংগত থাকিব ৫ৰাশিৰ জাতক

মাহৰ প্ৰথম দিনাই ৰবিযোগ, মহাদেৱৰ আশীৰ্বাদত কাইলৈ সৌভাগ্যৰ তুংগত থাকিব ৫ৰাশিৰ জাতক

সম্পৰ্কৰ বয়স বঢ়াৰ লগে লগেই ভালপোৱা কমিছে? এই কৌশলেই মনত জগাই তুলিব হেৰাই যোৱা প্ৰেমৰ উষ্ণতা

সম্পৰ্কৰ বয়স বঢ়াৰ লগে লগেই ভালপোৱা কমিছে? এই কৌশলেই মনত জগাই তুলিব হেৰাই যোৱা প্ৰেমৰ উষ্ণতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.