অসম লাইভ২৪ঃ আজি মেষ সংক্ৰান্তি। ১৩ এপ্ৰিল অর্থাৎ আজি সূৰ্যই মেষ ৰাশিত প্ৰৱেশ কৰিছে। আগন্তুক এমাহ এই ৰাশিতেই বিচৰণ কৰিব সূৰ্য। বৈদিক পঞ্জিকাত এই দিনটো ব’হাগ সংক্ৰান্তি নামেৰে পৰিচিত। এই দিনটোৰ পৰাই সৌৰ বৰ্ষৰ সূচনা। কাৰণ এই দিন ৰাশি চক্ৰৰ প্ৰথম ৰাশি মেষক প্ৰৱেশ কৰিছে আদিত্য়ই।
এতিয়াৰে পৰা সমস্ত ৰাশিত ভ্ৰমণ চক্ৰৰ সূচনা হয়। উল্লেখ্য যে আজি মেষ ৰাশিত প্ৰৱেশৰ পাছতেই সূৰ্যই বৃহস্পতিৰ সৈতে যুঁটি বান্ধিছে। বহাগ সংক্ৰান্তি বা মেষ সংক্ৰান্তিত চ’ত নৱৰাত্ৰি আৰু এনে গ্ৰহ সংযোগে সমস্ত ৰাশিৰ জাতকৰ জীৱনক প্ৰভাৱিত কৰিছে। সূৰ্যৰ ৰাশি পৰিবৰ্তনত মেষৰ পৰা মীন ৰাশিলৈকে সকলোবোৰ জাতক প্ৰভাৱিত হ’ব।
মেষ ৰাশি
এই ৰাশিতেই প্ৰৱেশ কৰিছে সূৰ্যই। এই ৰাশি সূৰ্যৰ উচ্চ ৰাশি। যাৰ ফলত মেষ ৰাশিৰ জাতকৰ বাবে এই সময় অত্য়ন্ত শুভ ফলদায়ী। চৰকাৰী চাকৰিয়াল জাতকে এই সময়ত বিশেষ লাভ অৰ্জন কৰিব। পদোন্নতি সম্ভৱ। উচ্চাধিকাৰী সকলে আপোনাৰ প্ৰশংসা কৰিব। মেষ ৰাশিৰ চাকৰিয়াল জাতকে এই সময়ত ধন লাভ কৰিব পাৰে। আৰ্থিক পৰিস্থিতি মজবুত হ’ব।
বৃষ ৰাশি
বৃষ ৰাশিৰ যি জাতকে বিদেশত কৰ্মৰত হৈ আছে তেওঁলোকে কেৰিয়াৰত সফলতা লাভ কৰিব। বিদেশ যাত্ৰাৰ পৰিকল্পনা কৰিলে বৃষ ৰাশিৰ জাতকৰ লাভ হ’ব। আধ্য়াত্মিক কামত মনোনিৱেশ কৰিব। লগ্নিৰ পৰিকল্পনা কৰিলে এই সময় অত্যন্ত ভাল। চাকৰিয়ালসকলৰ পৰিস্থিতি ভালে থাকিব। ব্য়ৱসায়ত সাফল্য লাভ কৰিব।
মিথুন ৰাশি
মেষ ৰাশিত সূৰ্যৰ প্ৰৱেশে মিথুন ৰাশিৰ জাতকলৈ আৰ্থিক লাভৰ যোগ আনিব। এই ৰাশিৰ জাতকৰ আয়ৰ একাধিক সুযোগ আহিব। ইয়াৰ ফলত মিথুন জাতকৰ আৰ্থিক পৰিস্থিতি মজবুত হ’ব। কেৰিয়াৰত উন্নতিৰ পথত বাধা সৃষ্টি কৰিব খোজাসকল নিজেই পৰাস্ত হ’ব। ব্য়ৱসায়ীৰ লাভ অৰ্জনৰ একাধিক সুযোগ আহিব।
কৰ্কট ৰাশি
মেষ ৰাশিত সূৰ্যৰ গোচৰে কৰ্কট ৰাশিৰ জাতকৰ জীৱনলৈ আনন্দ আনিব। কৰ্মক্ষেত্ৰত একাধিক ইতিবাচক পৰিবৰ্তন আহিব। এই ৰাশিৰ চৰকাৰী চাকৰিয়ালে সাফল্য লাভ কৰিব। কোনো ডাঙৰ পদ লাভ কৰিব পাৰে। আয়ৰ নতুন উৎস মুকলি হ’ব।
সিংহ ৰাশি
সিংহ ৰাশিত জাতকৰ জীৱনত পৰিবৰ্তনে দেখা দিব। সমাজত মান সন্মান বাঢ়িব। আশে-পাশে থকা ব্য়ক্তিৰ পৰামৰ্শই লাভাম্বিত কৰিব এই ৰাশিৰ জাতকক। ধন লাভৰ একাধিক সুযোগ আহিব।
কন্যা ৰাশি
কন্যা ৰাশিৰ জাতকে সূৰ্যৰ গোচৰৰ ফলত কেৰিয়াৰত সমস্ত সাফল্য অৰ্জন কৰিব পাৰে। জীৱনৰ সমস্ত চেলেঞ্জ সহজে অতিক্ৰম কৰিব পাৰিব। উৎসাহ আৰু উদ্দীপনাৰ সহায়ত সমস্ত কঠিন পৰিস্থিতিৰ মোকাবিলা কৰিব পাৰে এই ৰাশিৰ জাতকে। জীৱনসংগীৰ সহযোগীতা লাভ কৰিব। ইয়াৰ ফলত দাম্পত্য জীৱন ভালেৰে কটাব পাৰিব। ভাগ্যৰ সংগ পাব।
তুলা ৰাশি
সূৰ্যৰ গোচৰত তুলা ৰাশিৰ চাকৰিয়াল জাতক উপকৃত হ’ব। ৰাজনীতিৰ সৈতে জড়িত সকলে এই সময়ত সফলতা লাভ কৰিব। ভাগ্যোন্নতি সম্ভৱ। কোনো প্ৰকল্পৰ কাম আৰম্ভ কৰিব পাৰে। ধৰ্মীয় অনুষ্ঠানত অংশ ল’ব পাৰে।
বৃশ্চিক ৰাশি
মেষ ৰাশিত সূৰ্যৰ গোচৰে বৃশ্চিকৰ সাফল্যৰ নতুন দ্বাৰ মুকলি কৰিব। গোপন শত্ৰু শান্ত হ’ব। আইনী বিষয়ত জড়িত থাকিলে জয়লাভ কৰিব। অন্যহাতে এই ৰাশিৰ যি জাতকে চৰকাৰী চাকৰিৰ সন্ধান কৰিছে তেওঁলোকৰ অপেক্ষাৰ অন্ত পৰিব। চৰকাৰী চাকৰি লাভৰ শুভ সংবাদ পাব পাৰে বৃশ্চিক ৰাশিৰ জাতকে।
ধনু ৰাশি
ধনু ৰাশিৰ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ প্ৰস্তুতিত ব্যস্ত হৈ আছে যদি সফলতা লাভ কৰিব। ব্য়ৱসায়ত উন্নতিৰ যোগ। সন্তানৰ বাবে অৱশ্যে দুঃচিন্তা থাকিব। বিবাহিত জাতকৰ সন্তান লাভৰ যোগ আছে। ধনুৰ জাতকে এই মাহত কোনো ৰণনীতি প্ৰস্তুত কৰিব পাৰে।
মকৰ ৰাশি
মকৰ ৰাশিৰ জাতকে নানান চেলেঞ্জত মোকাবিলা কৰিব পাৰিব। পৰিয়াল আৰু ব্যক্তিগত জীৱনত মানসিক অৱসাদৰ চিকাৰ হ’ব। এই সময়ত কোনো দুঃসংবাদ পাব পাৰে। এই সময়ত সতৰ্ক থকাটো অত্যন্ত জৰুৰী। নিজৰ কামত মনোনিৱেশ কৰিব।
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতকে এই মাহত ব্যৱসায় আৰু চাকৰিত সাফল্যৰ একাধিক সুযোগ পাব। এই সময়ত ডাঙৰ কোনো কনট্ৰেক্ট পাব পাৰে। পৰিয়ালৰ লোকৰ সৈতে কোনো বিবাদ নকৰিব। সকলোৱে আপোনাৰ কামৰ প্ৰশংসা কৰিব। ধৰ্মীয় কামৰ প্ৰতি মনোনিৱেশ কৰিব। বিদেশৰ পৰা একাধিক সুযোগ লাভ কৰিব এই ৰাশিৰ জাতকে।
মীন ৰাশি
বহাগত মেষ ৰাশিত সূৰ্যৰ প্ৰৱেশে মীন ৰাশিৰ জাতকক উপকৃত কৰিব। স্বাস্থ্য সংক্ৰান্তিয় সমস্যাই দেখা দিব পাৰে। আকস্মিক ধন লাভৰ যোগ আছে। আৱেগপ্ৰৱণ নহ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ