ইজৰাইলৰ ওপৰত ১৮৫ ড্ৰোণ, ১১০ বেলেষ্টিক, ৩৬ ক্ৰুজ মিছাইলেৰে ভয়ংকৰ আক্ৰমণ ইৰাণৰ
আজি ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ ইৰাণৰ। যি আক্ৰমণ দেখি খৰহৰি কম্পমান সমগ্ৰ বিশ্ব। যি আক্ৰমণে কঁপাই তুলিছে ইজৰাইলৰ সকলোকে। বহি দিনৰে পৰা চলি থকা শীতল যুঁজে এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।
ছিৰিয়াত ইৰাণৰ ঘাটিত ইজৰাইলে বিমান আক্ৰমণ কৰাৰ পিছৰে পৰা পশ্চিম এছিয়াত কিবা এটা ডাঙৰ ঘটনা হ’ব বুলি আশংকা কৰা হৈছিল। এতিয়া সেই আশংকা সঁচা বুলি প্ৰমাণিত হৈছে। ইৰাণে ১৮৫ ড্ৰোন আৰু বহু মিছাইলেৰে ইজৰাইলক আক্ৰমণ কৰে।
অৱশ্যে ইজৰাইলৰ সামৰিক বিষয়াসকলে মাত্ৰ এটা সামৰিক ঘাটিৰ সামান্য ক্ষতিৰ দাবী উত্থাপন কৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এগৰাকী মাত্ৰ ছোৱালী আহত হৈছে এই আক্ৰমণৰ ফলত।
আনহাতে, আন এক বাতৰি অনুসৰি ইৰাণে ১৮৫খন ড্ৰ’নৰ জৰিয়তে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিছে। ইয়াৰ লগতে তেহৰাণৰ পৰাও ১১০টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হয়। ক্ৰুজ মিছাইল নিক্ষেপ কৰাৰ কথাও চৰ্চা হৈছে।
‘নিউয়ৰ্ক টাইমছ’ৰ প্ৰতিবেদন অনুসৰি ইৰাণে ১৮৫খন ড্ৰ’নেৰে ইজৰাইলক আক্ৰমণ কৰিছিল। ইয়াৰ উপৰিও ১১০টা ক্ষেপণাস্ত্ৰ আৰু ৩৬টা ক্ৰুজ মিছাইলো নিক্ষেপ কৰা হয়। এই আক্ৰমণৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে।
প্ৰতিবেদন অনুসৰি প্ৰায়বোৰ ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন ইৰাণৰ পৰা নিক্ষেপ কৰাৰ বিপৰীতে ইৰাক আৰু য়েমেনৰ পৰাও কিছু ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছে। ইৰাণৰ আক্ৰমণৰ তথ্য পোৱাৰ লগে লগে পশ্চিমীয়া দেশসমূহে ইজৰাইলক ৰক্ষা কৰিবলৈ আগবাঢ়ি অহা পৰিলক্ষিত হৈছে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে কয় যে ইৰানে নিক্ষেপ কৰা প্ৰায় সকলো ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’ন ইতিমধ্যে নিষ্ক্ৰিয় কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















