অসম লাইভ২৪ঃ ইন্দোনেছিয়াত আকৌ জাগি উঠিছে আগ্নেয়গিৰি। মঙলবাৰৰ পৰা ইন্দোনেছিয়াৰ উত্তৰ ছুলাৱেছি প্ৰদেশৰ মাউণ্ট ৰুয়ঙত বিস্ফোৰণ ঘটিছে। আগ্নেয়গিৰিৰ লাভা বিয়পি পৰিছে সমগ্ৰ এলেকাত। আগ্নেয়গিৰিৰ ক’লা ধোৱাই ধাকি ধৰিছে ইন্দোনেছিয়াৰ আকাশ। পৰ্যটকসকলক মাউণ্ট ৰুয়াঙৰ পৰা অন্তত ৬ কিঃমিঃ দূৰত্বলৈকে নাযাবলৈ সতৰ্কবাৰ্তা জাৰি কৰিছে ইন্দোনেছিয়া প্ৰশাসনে।
বুধবাৰৰ দিনটোত ছুনামীৰ সতৰ্কতাও জাৰি কৰিছে ডিজেষ্টাৰ মেনেজমেণ্টৰ তৰফৰ পৰা। মঙলবাৰে ইন্দোনেছিয়াৰ স্থানীয় সময় পুৱা ৯ বাজি ৪৫ মিনিটত প্ৰথম বিস্ফোৰণৰ শব্দ শুনা গৈছিল মাউণ্ট ৰুয়াঙত। তাৰপিছতেই এটা এটাকৈ ৪টা বিস্ফোৰণত কঁপিছে মাউণ্ট ৰুয়াং। প্ৰায় ১০০০ ফুট উচ্চতা পৰ্যন্ত লাভাস্ৰোত দেখা গৈছে সেই এলেকাত। ইয়াৰোপৰি ইন্দোনেছিয়াৰ বিপৰ্যয মোকাবিলা দফতৰে প্ৰায় ১১ হাজাৰ নিকটবৰ্তী বাসিন্দাক এলেকা এৰিবলৈ নিৰ্দেশ দিছে প্ৰশাসনে। নিকটবৰ্তী চহৰ মানাডোৰ সকলো লোককে সেই স্থান এৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
ভূমিকম্পৰ ফলত ভূগৰ্ভস্থ দুটা ফলকৰ স্থিতিস্থাপকতাৰ খেলিমেলি হোৱাৰ বাবেই এই আগ্নেয়গিৰি উদগীৰণ হোৱা বুলিও প্ৰকাশ কৰিছে ডিজেষ্টাৰ মেনেজমেণ্টে। এই দ্বীপৰাষ্ট্ৰখনত মুঠ ১২০টা সক্ৰিয় আগ্নেয়গিৰি আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















