মূৰ গৰম কৰা মালিকৰ সৈতে কোনে কৰে কাম, চাকৰি বাদ দি মালিকৰ সমুখতে ঢোলৰ চেৱত নাচিলে যুৱকে, ভাইৰেল
সামাজিক মাধ্যমত ভাইকৰেল হৈ পৰিছে এটা এনে ভিডিঅ, যি ভিডিঅ দেখি ক্ষণিতক বাবে হলেও হাঁহিছে বহু লোকে। পুনে নিবাসী এগৰাকী যুৱকে চাকৰি এৰি আহি কাৰ্যালয়ৰ সমুখতে নাচি দিয়ে।
নিজৰ কৰ্মস্থলীক এক অনন্য ধৰণে বিদায় দিয়ে যুৱকগৰাকীয়ে ৷ ছেলছ বিভাগত কাম কৰা অনিকেত নামৰ যুৱকগৰাকীয়ে কাৰ্যালয়ৰ মেনেজাৰৰ পৰা অশান্তি লাভ কৰিয়ে চাকৰি এৰাৰ সিদ্ধান্ত লয়। আৰু চাকৰি এৰি আহি কাৰ্যালয়ৰ সমুখতে মেনেজাৰৰ সমুখত নৃত্য কৰে।
বিৰক্ত পাইয়ে চাকৰি এৰা অনিকেতে বিদায় উদযাপনৰ অংশ হিচাপে মেনেজাৰৰ সন্মুখতে ঢোলৰ চেৱে চেৱে নাচি দিয়ে। অনিকেতৰ এই দৃশ্য দেখি বহুতেই কৈছে আজিকালি বহু কৰ্মস্থলীতেই এনে কৰ্ম সংস্কৃতি গঢ়ি উঠিছে, যাৰ ফলৰ বিৰক্ত হৈছে কৰ্মচাৰী সকল।
ঘটনাটো চৰ্চালৈ অহাৰ পাছতে অনিকেটৰ সাহসক বহুতে হাত চাপৰি বজাই সম্ভাষণ জনাই। ইনষ্টাগ্ৰামত পোষ্ট কৰা এটা ভিডিঅ’ত অনিকেতে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰি কয় যে তেওঁৰ দৰমহা একেবাৰে সামান্য। বৃদ্ধি কৰাৰো কোনো নাম নাই। কৰ্মথলীত অনিকেতক সন্মান নকৰাৰ অনুভৱ। তেওঁ মধ্যবিত্ত পৰিয়ালৰ পৰা অহাৰ বাবে এনে আৱদ্ধ হৈ থকা অনুভৱ কৰাটো অশান্তিকৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ