দিল্লীৰ পাছত পুনৰ আন এখন ৰাজ্যৰ বিদ্যালয়ত বোমাৰ আতংক, ৮খন বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি
দিল্লীৰ বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভুৱা ভাবুকিৰ পিছতে এইবাৰ গুজৰাটৰ আহমেদাবাদত আতংকৰ সৃষ্টি হৈছে। আহমেদাবাদৰ ৮খন বিদ্যালয়ে ভাবুকি ভৰা ই-মেইল লাভ কৰিছে, য’ত বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছে বিদ্যালয় কেইখন।
কোৱা হৈছে যে এই ভাবুকিপূৰ্ণ মেইল আহিছে এজন ৰাছিয়ান হেণ্ডলাৰৰ পৰা। এই ইমেইলৰ পিছতে আৰক্ষী সজাগ হৈ বিদ্যালয়সমূহত তালাচী অভিযান চলাইছে। তাৰোপৰি লগে লগে সকলো ছাত্ৰ-ছাত্ৰীকে বিদ্যালয়ৰ পৰা সুৰক্ষিত স্থানলৈ বুলি ওলাই নিয়ে।
বৰ্তমান সময়ত আৰক্ষীৰ দলে কোনো আপত্তিজনক সামগ্ৰী বিচাৰি পোৱা নাই। আৰক্ষী আৰু নিৰাপত্তাৰক্ষী সষ্টম হৈ আছে। আহমেদাবাদ প্ৰশাসনে অভিভাৱকসকলক আতংকিত নহ’বলৈ আহ্বান জনাইছে। থিতাতে বোমা নিষ্কাশন কৰা দলো উপস্থিত আছে ঘটনাস্থলীত।
উল্লেখ্য যে, একেটা আৰ্হিতে দিল্লীৰ বিদ্যালয়সমূহেও ই-মেইল লাভ কৰিছিল য’ত বোমাৰ ভাবুকি দিয়া হৈছিল। দিল্লীৰ ১০০ৰো অধিক বিদ্যালয়ত বোমাৰ ভাবুকিভৰা ই-মেইল আহিছিল।
কিন্তু পিছত সেই মেইল ভুৱা বুলি প্ৰমাণিত হয়। এই সন্দৰ্ভতো এফআইআৰ ৰুজু কৰা হয়। আৰক্ষীয়ে কৈছিল যে বোমা সম্পৰ্কীয় ইমেইল প্ৰেৰণৰ উদ্দেশ্য আছিল “গণ আতংক সৃষ্টি কৰা আৰু জনশৃংখলা বিঘ্নিত কৰা।”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















