• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খাদ্যৰ বাবে জনতাৰ হাহাকাৰ, চৰম আৰ্থিক সংকটৰ মাজত যুদ্ধজাহাজ কিনিছে পাকিস্তানে, কৰ পৰা, কোনে দিছে টকা?

খাদ্যৰ বাবে জনতাৰ হাহাকাৰ, চৰম আৰ্থিক সংকটৰ মাজত যুদ্ধজাহাজ কিনিছে পাকিস্তানে, কৰ পৰা, কোনে দিছে টকা?

2 years ago
একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

6 hours ago
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

7 hours ago
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

7 hours ago
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

8 hours ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

8 hours ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

9 hours ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

9 hours ago
‘হত শৈশৱ’

‘হত শৈশৱ’

11 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

12 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

12 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

13 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

খাদ্যৰ বাবে জনতাৰ হাহাকাৰ, চৰম আৰ্থিক সংকটৰ মাজত যুদ্ধজাহাজ কিনিছে পাকিস্তানে, কৰ পৰা, কোনে দিছে টকা?

খাদ্যৰ বাবে জনতাৰ হাহাকাৰ, চৰম আৰ্থিক সংকটৰ মাজত যুদ্ধজাহাজ কিনিছে পাকিস্তানে, কৰ পৰা, কোনে দিছে টকা?

editor by editor
May 15, 2024
in জীৱনশৈলী, বিশ্ব
0
খাদ্যৰ বাবে জনতাৰ হাহাকাৰ, চৰম আৰ্থিক সংকটৰ মাজত যুদ্ধজাহাজ কিনিছে পাকিস্তানে, কৰ পৰা, কোনে দিছে টকা?
0
SHARES
291
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰ্থিক সংকটত ভূগি আছে পাকিস্তান৷ নতুন চৰকাৰ গঠনৰ পাছতো এই ছবিৰ সলনি হোৱা নাই৷ মানুহে খাবলৈ পোৱা নাই৷ নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ দাম পাকিস্তানত আকাশলংঘী৷ শ্বাহবাজ ছৰিফৰ মূৰৰ ওপৰত আছে বিপুল পৰিমাণৰ ঋণৰ বোজা৷ কিন্তু চৰকাৰৰ এই বিষয়টোক লৈ কোনো চিন্তাই নাই তাৰ সলনি আৰ্থিক সংকটৰ মাজতেই সামৰিক শক্তি ক্ৰমাগতভাৱে বৃদ্ধি কৰাত লাগিছে পাকিস্তান৷

চীনৰ সৈতে পাকিস্তানৰ সম্পৰ্ক বহু পুৰণি৷ চীনৰ পৰাই সাধাৰণতে অস্ত্ৰ ক্ৰয় কৰে পাকিস্তানে৷ ২০২৩ চনত প্ৰকাশিত এক ৰিপৰ্টত দাবী কৰা হৈছিল যে চীনে প্ৰভাৱ বিস্তাৰ কৰা দেশৰ ৮২ খনৰ ভিতৰত শীৰ্ষত আছে পাকিস্তান৷ পাকিস্তানৰ প্ৰযুক্তি, বিদেশনীতি আৰু সামৰিক ক্ষেত্ৰত চীনৰ প্ৰভাৱ বেছি৷ চীন আৰু পাকিস্তানৰ মাজত সামৰিক অংশীদাৰীত্ব বিগত এক দশক ধৰি উল্লেখনীয় হাৰত বৃদ্ধি পাইছে৷

ষ্টকহোম ইণ্টাৰনেশ্যনেল পিছ ৰিচাৰ্ছ ইনষ্টিটিউটৰ এক প্ৰতিবেদনে দাবী কৰিছে যে ২০১৯ চনৰ পৰা ২০২৩ চনৰ ভিতৰত পাকিস্তানে যি অস্ত্ৰ আমদানি কৰিছে তাৰ ৮২ শতাংশই চীনৰ পৰা আমদানিকৃত৷ যুদ্ধবিমান, যুদ্ধজাহাজ, ক্ষেপণাস্ত্ৰ প্ৰযুক্তি, ড্ৰোণ, ছাবমেৰিন সকলোবোৰ চীনৰ পৰাই ক্ৰয় কৰিছে পাকিস্তানে বুলি দাবী কৰিছে সেই বিশেষ প্ৰতিবেদনে৷ পাকিস্তানৰ সামৰিক শক্তিক শক্তিশালী কৰাত চীনৰ অৱদানক লৈ আলোচনা কৰা হৈছে সেই বিশেষ প্ৰতিবেদনত৷

পাকিস্তানক সামৰিক সাহায্য আগবঢ়াই ভাৰত, আমেৰিকা, জাপান, অষ্ট্ৰেলিয়া আৰু পশ্চিমি শক্তিসমূহৰ বিৰুদ্ধে যুঁজ দিবলৈ চীনে ৰণকৌশল প্ৰস্তুত কৰি আছে বুলি প্ৰকাশ কৰিছে একাংশই৷ বিগত এক দশকত বেইজিঙে সেই নীতি অৱলম্বন কৰি বিশ্বৰ অন্য দেশসমূহৰ ওচৰত নিজকে জাহিৰো কৰিছে৷ ২০১৫ চনত চীনৰ প্ৰেছিডেণ্ট ছি জিনপিঙে পাকিস্তানলৈ যাত্ৰা কৰিছিল৷ সেই সময়তে পাকিস্তানৰ নৌশক্তি বৃদ্ধিক লৈ আলোচনা হয় দুই দেশৰ মাজত৷ পাকিস্তানে ৮খন ডুবাৰুজাহাজ নিৰ্মাণৰ বাবে এক চুক্তিও স্বাক্ষৰ কৰিছিল চীনৰ সৈতে৷

কেৱল ডুবাৰুজাহাজেই নহয়, সামৰিক শক্তি বৃদ্ধিতো চীনৰ সহায় লৈছে পাকিস্তানে৷ আৰ্থিক সমস্যাত ভূগি থকা পাক চৰকাৰে উল্লেখযোগ্যভাৱে সামৰিক শক্তি বৃদ্ধি কৰিছে৷ ভাৰত-পাক সীমান্তত শক্তি বৃদ্ধি কৰিবলৈকে সামৰিক বাহিনীক উন্নত কৰাত লাগিছে পাক চৰকাৰ৷ ইছলামাবাদৰ গাদীত বহি দেশৰ অৰ্থনৈতিক সমস্যা সমাধান কৰাতকৈ এইবোৰ কামতহে ব্যস্ত হৈ আছে পাক চৰকাৰ৷

২০২২ চনত হঠাৎ আৰ্থিক সংকটৰ সন্মুখীন হৈছিল পাকিস্তান৷ বিগত দুবছৰ ধৰি মূল্যবৃদ্ধিৰ বাবে নাজল-নাথল অৱস্থা পাক নাগৰিকৰ৷ খাদ্যক লৈ সেই দেশৰ মানুহে ৰাস্তাত মাৰপিট কৰাৰ দৃশ্যও মাজে মাজে দেখা গৈছে সামাজিকমাধ্যমত৷ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ দাম কমাৰ নামেই লোৱা নাই পাকিস্তানে৷ ক্ৰমাগত দ্ৰব্যমূল্য বৃদ্ধিত পাকিস্তানৰ আমজনতা অতিষ্ঠ হৈ পৰিছে৷ আৰ্থিক সংকটে তেওঁলোকক জুৰুলা কৰিছে৷ ২০২৩ চনত মূল্যবৃদ্ধিৰ হাৰ হৈছেগৈ ৩৮শতাংশ৷ চৰকাৰী তথ্যই জনোৱা অনুসৰি পাকিস্তানত বিলাহীৰ দাম প্ৰতি কিঃগ্ৰাঃত ১৮৮ টকা, পিঁয়াজ প্ৰতি কিঃগ্ৰাঃ ৮৪ টকা,আটা-ময়দাৰ দামো তেনেকৈ আকাশলংঘী পাকিস্তানত৷

কিন্তু কিয় এই অৱস্থা হ’ল পাকিস্তানৰ অৰ্থনীতিৰ? বিশেষজ্ঞসকলৰ মতে পাকিস্তানৰ ওপৰত বিপুল ঋণৰ বোজা থকাটোৱেই এই পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ আন্তৰ্জাতিক মুদ্ৰা ভাণ্ডাৰে পাকিস্তানক ঋণ দিয়াৰ ক্ষেত্ৰত এতিয়া কিছু চৰ্ত বান্ধি দিছে৷ আই এমএফৰ চৰ্তৰ কাৰণে পাকিস্তান চৰকাৰ সংকটত পৰিছে৷ যাৰ ফলত খাদ্যসামগ্ৰীৰ পৰা মৌলিক চাহিদালৈকে সকলোবোৰেই ব্যয়বহুল হৈ উঠিছে পাকিস্তানত৷ বিগত বৰ্ষত হোৱা ভয়াৱহ বানো মুল্যবৃদ্ধি ৰোধত হেঙাৰ হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24Best Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…
জীৱনশৈলী

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

September 27, 2026
‘হত শৈশৱ’
সমীক্ষণ (আলোচনী)

‘হত শৈশৱ’

September 27, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

September 27, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

September 27, 2026
Next Post
হাইপ্ৰফাইল চোৰ, হাইপ্ৰফাইল জীৱন, এলাপেছা নহয় বিমানতহে চুৰি কৰে এই চোৰে৷ আৰক্ষীয়ে আটক কৰাত ওলাল চোৰৰ কোটি কোটিৰ সম্পত্তি

হাইপ্ৰফাইল চোৰ, হাইপ্ৰফাইল জীৱন, এলাপেছা নহয় বিমানতহে চুৰি কৰে এই চোৰে৷ আৰক্ষীয়ে আটক কৰাত ওলাল চোৰৰ কোটি কোটিৰ সম্পত্তি

বিৰল ৰোগে পৰিণত কৰিছিল জীৱন্ত শিললৈ, ১৭ কোটিৰ বেজীয়ে হৃদয়াংশক দিলে নতুন জীৱন, এই নৱজীৱন প্ৰদানৰ বাবেই চনু চুডে কৰিলে এই কাম

বিৰল ৰোগে পৰিণত কৰিছিল জীৱন্ত শিললৈ, ১৭ কোটিৰ বেজীয়ে হৃদয়াংশক দিলে নতুন জীৱন, এই নৱজীৱন প্ৰদানৰ বাবেই চনু চুডে কৰিলে এই কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.