অসম লাইভ২৪ঃ বিগত মাহত হায়দৰাবাদৰ পৰা বিমানেৰে দিল্লীলৈ আহিছিল এগৰাকী মহিলা৷ বিমানেৰে দিল্লীলৈ যাত্ৰা কৰাৰ সময়ত মহিলাগৰাকীৰ হেণ্ডবেগৰ পৰা চুৰি হৈছিল ৭ লাখ টকাৰ গহনা৷ ঘটনাক লৈ লগে লগে দিল্লী আৰক্ষীৰ কাষ চাপে মহিলাগৰাকী৷ প্ৰায় একে সময়তে দিল্লী আৰক্ষীৰ ওচৰত আৰু এখন এজাহাৰ পৰেহি৷ একেই ঘটনা বিমানত যাত্ৰা কৰাৰ সময়তে ধন হেৰাইছে৷ দিল্লীৰ পৰা অমৃতসৰ যোৱাৰ পথত ভাৰজিন্দৰজিৎ সিং নামৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এগৰাকী যাত্ৰীৰ কেবিন বেগৰ পৰা এক কায়দাৰে ২০ লাখ টকাৰ মূল্যবান সামগ্ৰী হেৰাইছিল৷ এই ৰহস্যৰ বাবেই দিল্লী, হায়দৰাবাদ আৰু অমৃতসৰৰ বিমানবন্দৰৰ চিচিটিভি ফুটেজ কেইবাঘণ্টা ধৰি পৰীক্ষা কৰে আৰক্ষীয়ে৷ চিচিটিভি ফুটেজতে ধৰা পৰে সমগ্ৰ কাহিনী৷ আৰক্ষীয়ে জনাইছে যে এই চুৰিৰ আঁৰত আছে এজন ব্যক্তিয়ে৷ সম্পূৰ্ণ এক নতুন কয়দায়ে চুৰি কৰিছে চোৰে৷
আৰ৭ঈয়ে জনাইছে যে এই ধুৰন্দৰ চোৰৰ নাম ৰাজেশ কাপুৰ৷ দিল্লীৰ পাহাৰগঞ্জত ৰিকি ডিলাক্স নামৰ এটা গেষ্ট হাউছ আছে ৰাজেশৰ৷ ইয়াৰোপৰি বিদেশী মুদ্ৰা বিনিময়ৰ ব্যৱসায়ো আছে৷ দিল্লীত এটা মোবাইল ফোন মেৰামতিৰ কাৰখানাও আছে৷ চুৰি কৰাৰ বাবে কোনো বাছষ্টপ, ৰে’ল ষ্টেচন বা বজাৰ বাচি লোৱা নাই৷ ৰাজেশ কাপুৰে বাচি লৈছে এনে এক স্থান য’ত চুৰি কৰাৰ কথা কোনোৱে ভাৱিবই নোৱাৰে৷ ৰাজেশে বাচি লৈছে বিমানবন্দৰ৷ দেশৰ সকলোতকৈ সুৰক্ষিত এলেকাসমূহৰ ভিতৰত এখন হৈছে বিমানবন্দৰ৷ এই উচ্চ সুৰক্ষা ভেদিয়ে চুৰ কৰিছে চোৰ ৰাজেশে৷
আৰক্ষীৰ মতে এই চুৰি কৰাৰ আববেই ৰাজেশে বিগত বৰ্ষত ২০০ বাৰ বিমানেৰে যাত্ৰা কৰিছে৷ ১০০ দিনতকৈ বেছি সময় ধৰি সমগ্ৰ দেশজুৰি হাজাৰ হাজাৰ কিঃমিঃ ভ্ৰমণ কৰিছে৷ সোন-ৰূপৰ গহনাসহ বহু মূল্যবান সামগ্ৰী চুৰ কৰিছে ৰাজেশে৷ দিল্লী পুলিছৰ ডেপুটি কমিছনাৰ ঊষা ৰঙ্গৰানিয়ে জনাইছে যে প্ৰধানকৈ কানেক্টিং ফ্লাইটত উঠা যাত্ৰীক টাৰ্গেট কৰে চোৰ ৰাজেশে৷ যেনেকৈ হায়দৰাবাদৰ পৰা দিল্লী অহাৰ পথত মহিলাৰ গহনা চুৰি৷ মহিলাগৰাকী আমেৰিকালৈ যাত্ৰা কৰিছিল৷ দিল্লীৰ পৰা কানেক্টিং ফ্লাইট ধৰাৰ উদ্দেশ্যে হায়দৰাবাদৰ পৰা দিল্লী আহিছিল৷ একেধৰণে আন এগৰাকী যাত্ৰী ভাৰজিন্দৰ জিৎ সিঙে অমৃতসৰৰ পৰা জাৰ্মানীলৈ যাবলৈ দিল্লীলৈ আহিছিল৷
আৰক্ষীয়ে লগতে জনাই যে সাধাৰণতে বয়স্ক আৰু মহিলা যাত্ৰীয়েই টাৰ্গেট চোৰ ৰাজেশৰ৷ একেবাৰে বৰ্ডিং গেটতেই তাৰ লক্ষ্য স্থিৰ হৈ থাকে৷ তাৰপাছতেই বিমানবন্দৰত যাত্ৰীগৰাকীৰ আচাৰ আচৰণ নিৰীক্ষণ কৰি থাকে৷ বেগত কি কি মূল্যবান সামগ্ৰী আছে জানিবলৈ চেষ্টা কৰে৷ কেবিন বেগত কি আছে, বিমানবন্দৰত কি আছে সেয়া জানিবলৈ চেষ্টা কৰে৷ বহুসময়ত বেগেজ শ্লিপৰ তথ্য পঢ়িবলৈকো যত্ন কৰে৷
ইয়াৰ পাছততেই এয়াৰলাইনক ৰাজেশে অনুৰোধ কৰে যে তেওঁৰ আসন সলনি কৰিব লাগে৷ এনেকুৱা আসনত বহে যে তেওঁ লক্ষ্যবস্তুৰ ঠিক কাষতেই বহিব পাৰে৷ যিকোনো প্ৰকাৰে এই কাম কৰিব লাগিব সেয়ে সকলোপ্ৰকাৰে সেই যাত্ৰীৰ কাষ চপাৰ যত্ন কৰে৷ তাৰপাছতেই অভাৰহেড বিভাগত বেগ ৰখাৰ কয়দাৰে ধন বা অলংকাৰ থকা যাত্ৰীৰ বেগৰ পৰা গহনা আৰু ধন উলিয়াই লয়৷ এইদৰেই দিল্লী, চেন্নাই, হায়দৰাবাদ, চণ্ডীগড়, বেঙ্গালুৰু, মুম্বাই আৰু অমৃতসৰৰ পৰা বিভিন্ন সামগ্ৰী চুৰি কৰে৷
চিচিটিভি ফুটেজ স্কেন কৰাৰ পাছতেই আৰক্ষীয়ে ৰাজেশক চোৰ বুলি চিনাক্ত কৰিছে৷ এয়াৰলায়েন্সৰ পৰা ৰাজেশৰ ফোন নম্বৰো সংগ্ৰহ কৰিছে আৰক্ষীয়ে৷ কিন্তু টিকট কাটিবৰ বাবে ভুৱা নম্বৰ ব্যৱহাৰ কৰি আহিছে ৰাজেশে৷ কিন্তু পৰিকল্পনা যিমানেই নাথাকক আৰক্ষীৰ চকুত ধূলি দিব নোৱাৰিলে ৰাজেশে৷ দিল্লীৰ পাহাৰগঞ্জৰ পৰা আৰক্ষীয়ে আটক কৰিছে ৰাজেশক৷ পাহাৰগঞ্জৰ ঘৰৰ পৰা বিপুল পৰিমানৰ সোন-ৰূপৰ গহনা উদ্ধাৰ কৰে আৰক্ষীয়ে৷ ৰাজেশে জনাইছে যে চুৰি কৰা গহনা দিল্লীৰ কৰালবাগ এলেকাৰ এখন গহনা বিপনীত বিক্ৰি কৰা বুলি জনাইছে আৰক্ষীক৷ আৰক্ষীয়ে জনাইছে যে এসময়ত ৰাজেশে ট্ৰেইনত চুৰি কৰিছিল৷ কিন্তু এবাৰ ধৰা পৰাৰ পাছত সেই কাম বাদ দিয়ে৷ তাৰপাছতেই ৰাজেশৰ টাৰ্গেট হৈ পৰে বিমানযাত্ৰী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ