অসম লাইভ২৪ঃ হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিয়ে৷ সোমবাৰে পুৱাই তেওঁৰ মৃত্যু খবৰ নিশ্চিত কৰিছে ইৰাণ চৰকাৰে৷ এই হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হৈছে ৰাইছিৰ সৈতে থকা ইৰাণৰ বিদেশমন্ত্ৰী হোছেইন আমিৰাবদোল্লাহিয়ানৰো৷ সূত্ৰৰ খবৰ অনুসৰি হেলিকপ্টাৰটোত থকা অন্যান্য অধিকাৰীসকলৰো মৃত্যু হোৱা বুলি সূত্ৰটোৱে উল্লেখ কৰিছে৷ ৰাষ্ট্ৰপতিৰ মৃত্যু সংবাদ লাভ কৰা মাত্ৰকেই সকলোৰে মনত প্ৰশ্ন, কোন হ’ব পৰবৰ্তী ৰাষ্ট্ৰপতি?
ইৰাণৰ সংবিধান অনুসৰি কোনো দুৰ্ঘটনাত যদি প্ৰেছিডেণ্টৰ মৃতু হয় তেন্তে সেই পদত প্ৰথমে বহে ভাইছ প্ৰেছিডেণ্ট বা উপৰাষ্ট্ৰপতি৷ অৰ্থাৎ মহম্মদ মোখৰাই হ’ব এতিয়া দেশৰ পৰবৰ্তী প্ৰেছিডেণ্ট৷ এইক্ষেত্ৰত অৱশ্যে দেশৰ সৰ্বোচ্চ নেতাৰ অনুমতি খুবেই প্ৰয়োজন৷ ইৰাণৰ ৰাষ্ট্ৰ প্ৰধান হিচাপে ভূমিকা পালন কৰি আছে সেই দেশৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলি খামেনিয়ে৷ তেওঁক চৰকাৰৰ প্ৰধান আৰু সৰ্বোচ্চ নেতা হিচাপে বিবেচনা কৰা হয়৷ প্ৰেচিডেণ্টৰ মৃত্যুৰ পৰবৰ্তী ৫০ দিনৰ ভিতৰত নিৰ্বাচনৰ আয়োজন কৰাৰো বিধান আছে৷ এই সময়ৰ ভিতৰতেই দেশে নতুন প্ৰেছিডেণ্ট বাচি ওলিয়াব৷
ইয়াৰ পূৰ্বে ৰাইছি আৰু বৈদেশিকমন্ত্ৰীৰ মৃতদেহ উদ্ধাৰৰ কামত লাগিছে দেশৰ বিশেষ বাহিনী৷ উদ্ধাৰৰ বাবে আগুৱাই আহিছে তুৰস্কৰো এটা বিশেষ দল৷ ইয়াৰোপৰি ৰাছিয়া, আৰাবাইজান, আৰ্মেনিয়া আৰু ইৰাকে উদ্ধাৰকামত সহায় কৰিছে ইৰাণক৷ ৰাইছিৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ কবলত পৰিছে সেই খবৰ লাভ কৰিলেও এতিয়ালৈকে কিন্তু প্ৰেছিডেণ্টৰ মৃতদেহ লাভ কৰিব পৰা হোৱা নাই৷
বৰষুণ আৰু হেলিকপ্টাৰ দুৰ্ঘটনা হোৱা স্থান দুৰ্গম হোৱাৰ বাবে উদ্ধাৰকাৰ্য বাৰে বাৰে ব্যাহত হৈছে৷ অৱশ্যে দুৰ্ঘটনাৰ পাছতেই ইৰাণে জনাই যে হাৰ্ড লেণ্ডিং কৰিছিল প্ৰেছিডেণ্টৰ বিমানখনে৷ এটা আন্তৰ্জাতিক সংবাদ মাধ্যমে তেওঁলোকৰ প্ৰতিবেদনত উল্লেখ কৰামতে ২০২২ চনৰ ৰাছিয়াৰ এটা সামৰিক কাৰ্গোই হাৰ্ডলেণ্ডিং কৰি এনেকৈ ধ্বংস হৈ গৈছিল৷ ধ্বংসাৱশেষৰ টুকুৰা উদ্ধাৰ কৰিছিল উদ্ধাৰকাৰী দলে৷ অৰ্থাৎ ইৰাণৰ প্ৰেছিডেণ্টৰ হেলিকপ্টাৰখনো সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছে ইংগিত দিছে ইৰাণ চৰকাৰে৷
দেওবাৰে প্ৰেছিডেণ্ট ৰাইছিয়ে আজাৰবাইজানৰ সীমান্তৰ ওচৰত কিজ কালাছি আৰু খোদাফাৰিন বান্ধ দুটা উদ্বোধন কৰে৷ তাৰ পৰা উভতি আহি ইৰাণৰ উত্তৰ পশ্চিম তাবৰিজ চহৰলৈ যাত্ৰা কৰিছিল৷ ইয়াৰপাছতেই হঠাৎ আহে দুৰ্ঘটনাৰ খবৰ৷ যুদ্ধকালীন তৎপৰতাত উদ্ধাৰকাৰ্য আৰম্ভও হয়৷ অৱশেষত ১২ ঘণ্টা পাছত ৰাইছিল হেলিকপ্টাৰৰ সন্ধান পায় উদ্ধাৰকাৰী দলে৷ হেলিকপ্টাৰখন সম্পূৰ্ণৰূপে পুৰি ছাই হৈ গৈছে৷ পৰিস্থিতি খুবেই জটিল৷ কাৰোৱেই জীয়াই থকাৰ সম্ভাৱনা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ