আহমেদাবাদৰ প্ৰচণ্ড গৰমত আইপিএলৰ প্লে অফ মেচ চাবৰ বাবে গৈছিল শ্বাহৰুখ৷ তাত গৈয়ে হঠাৎ অসুস্থ হৈ কিং খান৷ হিট ষ্ট্ৰোকত আক্ৰান্ত হৈ লগে লগে হাস্পতালত ভৰ্তি হয় বলীউড বাদশ্বাহ৷ এই খবৰ ভাইৰেল হোৱাৰ পাছতেই সকলোৱে তেওঁৰ সুস্থতাৰ বাবে প্ৰাৰ্থনা কৰিছে৷ বাদশ্বাহেই নহয় দেশৰ বিভিন্ন কোণৰ পৰা আহিছে হিটষ্ট্ৰোকৰ খবৰ৷ হিটষ্ট্ৰোকত আক্ৰান্ত হৈ বহুজনে মৃত্যুকো সাবটি লৈছে৷ এই পৰিস্থিতিত জটিলতাৰ পৰা ৰক্ষা পাবলৈ এই ৰোগ সম্পৰ্কে পূৰ্বেই জানি লোৱাটো খুবেই জৰুৰী৷
হিট ষ্ট্ৰোক কি?
বহু সময়ত প্ৰচণ্ড গৰমত আমাৰ শৰীৰে নিজৰ স্বাভাৱিক তাপমাত্ৰা ধৰি ৰাখিব নোৱাৰে৷ ফলত দেহত তাপমাত্ৰাই ১০৪ ডিগ্ৰী ফাৰেনহাইটৰ গণ্ডি পাৰ হৈ যায়৷ এই সমস্যাই হৈছে হিট ষ্ট্ৰোক৷ মনত ৰাখিব হিট ষ্ট্ৰোক এক জটিল অসুখ৷ ঠিক সময়ত ব্যৱস্থা নল’লে ব্ৰেইন, হাৰ্ট, কিডনী আৰু পেশীৰ ভয়াৱহ ক্ষতি হ’ব পাৰে৷ এই ৰোগক লৈ প্ৰথমৰ পৰাই সাৱধান হওক৷
কিয় হয় হিটষ্ট্ৰোক?
সাধাৰণতে দীৰ্ঘসময় ধৰি ৰ’দত থাকিলে এই সমস্যাই দেখা দিয়াৰ আশংকা থাকে৷ ৰ’দ নথকাকৈ কোনো বন্ধ ঘৰত আৱদ্ধ হৈ থাকিলে, অত্যধিক তাপমাত্ৰাত কোনো কাৰখানাত কাম কৰিলে, গৰমত অত্যধিক এক্সাৰছাইজ বা শাৰীৰিক পৰিশ্ৰম কৰিলে এই ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বাঢ়ে৷ হিট ষ্ট্ৰোক যিকোনো মানুহৰেই হ’ব পাৰে৷ সাধাৰণতে মধ্যবয়সীয়া ব্যক্তি আৰু ষাঠিৰ উৰ্ধৰ লোক হিটষ্ট্ৰোকত আক্ৰান্ত হয়৷
এইকেইটা লক্ষণ দেখিলেই সাৱধান হওক
চিকিৎসকে জনোৱা অনুসৰি দেহত এইসমূহ লক্ষণ ফুটি উঠিলে,
- শৰীৰ খুব গৰম হৈ পৰে
- অত্যধিক ঘাম ওলাই
- মূৰ ঘূৰাই
- চকুৰে ক’লা ক’লা দেখা
- হাৰ্ট ৰেট বাঢ়ি যোৱা
- শ্বাস-প্ৰশ্বাসৰ স্পিড বাঢ়ি যোৱা
শৰীৰত এইকেইটা লক্ষণে দেখা দিয়ে কোনো ঠাণ্ডা এলেকাত বহি দিয়ক৷ প্ৰচুৰ পৰিমাণে পানী আৰু ৱাৰেছ খাওক৷ শৰীৰ তেতিয়াও ভাল নালাগিলে চিকিৎসকৰ পৰামৰ্শ ততাতৈয়াকৈ লওক৷ হিটষ্ট্ৰোকত আক্ৰান্ত ৰোগীৰ বহুতেই হঠাৎ অজ্ঞান হৈ পৰে৷ এই পৰিস্থিতিত তেওঁক ঘৰত নাৰাখি দ্ৰুততৰভাৱে হাস্পতাললৈ লৈ যাওক৷ এই কাম কৰিলেই ৰোগীও সোনকালে সুস্থ হৈ উঠিব৷
ৰোগ প্ৰতিৰোধৰ উপায়
হিটষ্ট্ৰোকৰ পৰা ৰক্ষা পাবলৈ এইকেইটা নিয়ম মানি চলিব পাৰে
- কাঢ়া ৰ’দত বাহিৰলৈ নোলাব
- বাহিৰলৈ উলাই আহিলে হাতত ছাতি নতুবা মূৰত এটা টুপি পিন্ধিব
- টান কাপোৰ নিপিন্ধিব, পাতল কঁপাহী কাপোৰ পিন্ধিব
- পৰ্যাপ্ত পৰিমাণে পানী খাওক
- ডাবৰ পানী ৱাৰেছ আদিও খাব পাৰে
- মদ, বিয়েৰ আদি এই সময়ত নাখাব
(Disclaimer: প্রতিবেদনটো সচেতনতার উদ্দেশ্যেহে লিখা হৈছে। কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ