বিতৰ্কৰ মাজত ৰিয়ান পৰাগ! ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’ৰ স্ক্ৰীণশ্বট, পাছে কিমানদুৰ সত্য…
২০২৪ৰ আই পি এলৰ খেলত দৰ্শনীয় খেল খেলি সফলতা লাভ কৰাৰ পাছত নতুনকৈ বিতৰ্কৰ মাজত সোমাই পৰিছে অসম সন্তান ৰিয়ান পৰাগ। ৰাজস্থান ৰয়েলছৰ হৈ খেল খেলি বিশেষ সফলতা লাভ কৰে ৰিয়ানে, পাছে আই পি এল শেষ হোৱাৰ মাথো এটা দিনৰ পাছতে বিতৰ্ক আৰম্ভ হৈছে ৰিয়ানৰ বিৰুদ্ধে।
যাৰ বাবে এতিয়া খেলজগতত একপ্ৰকাৰৰ তোলপাৰ লাগি গৈছে। ৰিয়ানৰ এটা সৰু ভিডিঅ’ ক্লিপৰ স্ক্ৰীণশ্বট ভাইৰেল হৈ পৰিছে। পাছে সেই স্ক্ৰীণশ্বট কিমান সত্য সেই সন্দৰ্ভত কোনো তথ্য নাই। পাছে বহু অনুৰাগীয়ে ক্ষোভ উজাৰিছে ৰিয়ানৰ বিৰুদ্ধে। ইউটিউবৰ পূৰ্বৰ চাৰ্জ কৰা তথ্যৰ বাবে নতুন বিতৰ্কই পোখা মেলিছে।
শেহতীয়াকৈ ৰাজস্থান ৰয়েলছৰ মিডল অৰ্ডাৰ বেটছমেন ৰিয়ান পৰাগৰ ইউটিউব চাৰ্চ হিষ্ট্ৰীৰ স্ক্ৰীণশ্বট ভাইৰেল হৈ পৰিছে, আপত্তিজনক বিষয়বস্তুৰে ছ’চিয়েল মিডিয়াত ভাইৰেল। য’ত বলীউডৰ অভিনেত্ৰী অনন্যা পাণ্ডে আৰু চাৰা আলী খানৰ সন্ধানকে ধৰি অন্য বহু সন্ধান কৰাৰ তথ্য অনলাইনত ফাদিল হৈ পৰিছে।
এটা চুটি ক্লিপত ৰিয়ান পৰাগ কম্পিউটাৰৰ সন্মুখত বহি থকা দেখা গৈছে আৰু বেকগ্ৰাউণ্ড স্ক্ৰীণত দেখা গৈছে যে তেওঁ “অনন্যা পাণ্ডে হট, চাৰা আলী খান হট”ৰ দৰে কন্টেন্ট বিচাৰিছে। কিন্তু ভিডিঅ’টোৰ সত্যতা সন্দেহজনক, আই পি এলত লাভ কৰা অভুত সফলতাৰ পাছত ক্ৰিকেটাৰগৰাকীৰ ভাবমূৰ্তিক বেয়া কৰিবলৈ এয়া এক ভুৱা হ’ব পাৰে।
https://x.com/KohliMyHeart/status/1795062865092542742
আই পি এল ২০২৪ ছিজনত আৰ আৰৰ সৈতে খেল খেলি ৰিয়ান পৰাগে দলক বহু কেইখন খেলত জয় হোৱাত বহু সহায় কৰিছে। দলৰ অন্তিম খন খেলত নকআউট কোৱালিফায়াৰ ২ য় খন খেলত হায়দৰাবাদৰ বিৰুদ্ধে আউট হোৱাত আৰ আৰৰ আশা নিৰ্বাপিত হয়, ফলস্বৰূপে আৰ আৰ খিতাপৰ অন্যতম আগশাৰীৰ প্ৰতিদ্বন্দ্বী হোৱাৰ পিছতো প্ৰতিযোগিতাখনৰ পৰা আঁতৰি যায়।
এইবাৰৰ ২০২৪ চনৰ আই পি এলত ৰিয়ানে ১৬খন টি-২০ত ৫৭৩ ৰান সংগ্ৰহ কৰি তৃতীয় শ্ৰেষ্ঠ বেটছমেন হিচাপে অন্ত পেলাই আৰু চাৰিটা অৰ্ধশতকেৰে গড়ে ৫২ৰ ওপৰত ৰান সংগ্ৰহ কৰে। এইটোৱে আছিল ৰিয়ানৰ প্ৰথমটো সফল ছিজন।
কিন্তু ইমান খিনি সফলতা লাভৰ পাছতে বিতৰ্কই লগ দিছে ৰিয়ানক। কালি ইউটিউবত ৰিয়ান পৰাগে নিজৰ গেমিং চেচনৰ লাইভ ষ্ট্ৰীম পুনৰ আৰম্ভ কৰে যিটো বিতৰ্কিত ষ্ট্ৰিম হৈ পৰে।
ষ্ট্ৰিমৰ কিছু মিনিট পিছতে ৰিয়ানে নিজৰ ষ্ট্ৰিমত বজাবলৈ কিছুমান কপিৰাইটবিহীন বিনামূলীয়া মিউজিক বিচাৰি আছিল আৰু তেতিয়াই তেওঁ বিনামূলীয়া ভিডিঅ’ ষ্ট্ৰীমিং ৱেবছাইট অৰ্থাৎ ইউটিউবত ভাইৰেল হৈ পৰে।
কিন্তু ৰিয়ান পৰাগে নিজৰ স্ক্ৰীণ লুকুৱাবলৈ পাহৰি যোৱাৰ ফলত তেওঁৰ স্পষ্ট Youtube search history লিক হয়। এই ইউটিউব চাৰ্চ হিষ্ট্ৰীত বলীউডৰ অভিনেত্ৰী অনন্যা পাণ্ডে আৰু চাৰা আলী খানৰ নাম যথেষ্ট অনুপযুক্তভাৱে উল্লেখ কৰা হৈছিল যিয়ে জনসাধাৰণৰ মাজত ক্ষোভৰ সৃষ্টি কৰে।
ষ্ট্ৰিমৰ স্ক্ৰীণশ্বট এতিয়া ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে। যাৰ বাবে অনুৰাগীয়ে ৰিয়ানক তেওঁৰ স্পষ্ট ছ’চিয়েল মিডিয়া কাৰ্যকলাপৰ বাবে চোকা সমালোচনা কৰিছে।
কিন্তু এতিয়া এই ভাইৰেল হৈ পৰা স্ক্ৰীণশ্বট কিমানদুৰ সত্য সেয়া সময়েহে কব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ