সাংসদে প্ৰতিমাহে লাভ কৰিব ১ লাখ টকা দৰমহা
লাভ কৰিব প্ৰতিমাহে ৭০,০০০ টকা সমষ্টি ভাট্টা
কাৰ্যালয়ৰ খৰচৰ বাবেও প্ৰতিমাহে ৬০,০০০ টকা লাভ কৰিব সাংসদে
অন্তৰ্ভুক্ত থাকিব ষ্টেচনেৰী, টেলিফোন বিল, কৰ্মচাৰীৰ দৰমহা
সংসদৰ অধিৱেশন আৰু সমিতিৰ বৈঠকৰ সময়ত দিল্লীত থকা খৰচ লাভ কৰিব সাংসদে
প্ৰতিদিনে ২০০০ টকাকৈ লাভ কৰিব ভাট্টা
ভ্ৰমণৰ বাবেও সাংসদসকলে লাভ কৰে ভ্ৰমণ ভাট্টা
লাভ কৰিব নিজৰ আৰু পৰিয়ালৰ বাবে বছৰি ৩৪টা বিনামূলীয়া ঘৰুৱা বিমান যাত্ৰাৰ টিকট
লাভ কৰিব প্ৰথম শ্ৰেণীৰ বিনামূলীয়া ৰে’ল যাত্ৰাৰ সুবিধা
নিজৰ সমষ্টিত ভ্ৰমণৰ বাবেও লাভ কৰিব ভ্ৰমণ ভাট্টা
থাকিব দিল্লীত বিনামূলীয়া চৰকাৰী আবাসৰ সুবিধা
চৰকাৰী আবাস ব্যৱহাৰ নকৰিলে প্ৰতিমাহে লাভ কৰিব ২ লাখ টকাৰ গৃহ ভাট্টা
সাংসদ আৰু তেওঁলোকৰ পৰিয়ালৰ চিকিৎসা বিনামূলীয়া
ইয়াৰোপৰি আছে পেঞ্চনৰো সুবিধা
এটা কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰাৰ পিছত লাভ কৰিব প্ৰতিমাহে ২৫ হাজাৰ টকাৰ পেঞ্চন
প্ৰতিটো অতিৰিক্ত বছৰৰ বাবে মাহে ২ হাজাৰ টকাকৈ বৃদ্ধি
সাংসদসকলৰ ফোন আৰু ইণ্টাৰনেট সেৱাও বিনামূলীয়া
লাভ কৰিব বছৰি ডেৰ লাখ বিনামূলীয়া টেলিফোন কল
বাসগৃহ আৰু কাৰ্যালয়ত বিনামূলীয়াকৈ দ্ৰুতবেগী ইন্টাৰনেট সংযোগ লাভ
সাংসদসকলে বছৰি ৫০ হাজাৰ ইউনিট বিনামূলীয়া বিদ্যুৎ লাভ
৪ হাজাৰ কিলোলিটাৰ পৰ্যন্ত বিনামূলীয়া পানীও প্ৰদান
সাংসদসকলৰ কাম হৈছে জনতাৰ হৈ সদনত মাত মতা
আইন প্ৰণয়ণ কৰা, চৰকাৰৰ কাম-কাজৰ ওপৰত নজৰ ৰখা
চৰকাৰক পৰামৰ্শ দিয়া
সাংসদসকলৰ থাকে আইন প্ৰণয়ণৰ সপক্ষে বা বিপক্ষে ভোট দিয়াৰ অধিকাৰ
সদনৰ বিতৰ্কত অংশ ল’ব পাৰে
চৰকাৰী বিষয়াক জবাবদিহি কৰিব পাৰে
সাংসদসকলে লাভ কৰে বিশেষাধিকাৰ
অধ্যক্ষৰ বিনা অনুমতিত সদনৰ ভিতৰত কোনো আইনী চমন দিব নোৱাৰিব
অধ্যক্ষৰ বিনা অনুমতিত সদনৰ ভিতৰত গ্ৰেপ্তাৰো কৰিব নোৱাৰিব
সাংসদক গ্ৰেপ্তাৰৰ বাবে লোকসভা অথবা ৰাজ্যসভাৰ অধ্যক্ষক গ্ৰেপ্তাৰৰ কাৰণ জনাব লাগিব
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















